24 C
Guwahati

নিশা ৰঙিয়াত দুৰ্বৃত্তই জ্বলাই দিলে বিকলাংগ যুৱকৰ দোকান

- Advertisement -

♦ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ, অসম খবৰঃ

ক্ৰমাৎ সমাজৰ পৰা যেন নিঃশেষ হʼব ধৰিছে মানৱতা, ঠিক তেনেই এক কৰূণ ঘটনা সংঘটিত হৈছে ৰঙিয়াৰ অন্তৰ্গত উদীয়ানা গাঁওৰ ইফটাকুল ইছলাম নামৰ এজন যুৱকৰ লগত৷ তেওঁ এজন বিকলাংগ যুৱক। তেওঁ নলবাৰী কাৰিকৰী শিক্ষানুষ্ঠানত শিক্ষা গ্ৰহণ কৰিছিল কিন্তু টকা-পইচাৰ অভাৱত শিক্ষা আধাতে এৰি ঘৰ চলাবলৈ এখন সৰু দোকান দি কোনোমতে ঘৰখন চলাই আছিল।

ঘৰখনত তেওঁ ,তেওঁৰ মাক আৰু ভায়েকৰ সৈতে পেটেভাতে চলি আছিল। পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনৰ পথেই আছিল এই দোকান খন। কিন্তু বুধবাৰে নিশা কোনো দুৰ্বৃত্তই এই দোকান খন জুই লগাই দিয়ে আৰু যাৰ ফলত দোকান খনত থকা সকলো সামগ্ৰী ভষ্মীভূত হয়। এই ঘটনাৰ পিছত পৰিয়ালটোৰ মূৰত সৰগ ভাঙি পৰিছে।

স্থানীয় ৰাইজৰ ভাষ্য অনুসৰি কিছুদিন আগত ৰাইজে যুৱকজনক দান বৰঙণি তুলি সহায় কৰি দোকান খন আৰম্ভ কৰি দিছিল, আজিৰ এই ঘটনাক গাওঁবাসীয়ে সহজভাবে লʼব পৰা নাই। স্থানীয় ৰাইজে এই ঘটনাৰ তীব্ৰ নিন্দা কৰাৰ লগতে দোষীক অতিশীঘ্ৰে কৰায়ত্ব কৰিবলৈ দাবী জনাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
30.1 ° C
30.1 °
30.1 °
33 %
2kmh
65 %
Thu
30 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

ৰঙাপৰাত হাতী-মানুহৰ সংঘাতঃ ঘৰ-দুৱাৰ ভাঙি বিধ্বস্ত কৰে বন্য হস্তীয়ে

♦ ৰঙাপৰাত বনৰীয়া হাতী-মানুহৰ সংঘাত ক্ৰমাৎ তীব্রতৰ হৈ উঠিছে। শোণিতপুৰ জিলাৰ ৰঙাপৰা উন্নয়ন খণ্ডৰ অন্তৰ্গত কেবাটাও অঞ্চলত...

শিৱসাগৰ নাজিৰা ৰজাপুলত আঞ্চলিক ভিত্তিত সতী জয়মতী স্মৃতি দিৱস...

♥ পাৰ্থ প্ৰতিম বৰুৱা,নাজিৰাঃ ঐতিহাসিক শিৱসাগৰ নাজিৰাৰ ৰজাপুলত দিনজোৰা কাৰ্য্যসূচীৰে বুধবাৰে অনুস্থিত কৰা হয় সতী জয়মতী স্মৃতি...

আই টি এ মাছখোৱাত ৰাইজৰ দলৰ বৃহৎ যোগদান সভাঃ...

গুৱাহাটীঃ আজি গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতিষ আই টি এৰ সভাকক্ষত ৰাইজৰ দলৰ এক বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়।...
Exit mobile version