30.3 C
Guwahati

ভাৰতৰ অন্যতম প্রধান কন্টেইনাৰ হেণ্ডলিং বন্দৰ, মহাৰাষ্ট্রৰ জৱাহৰলাল নেহৰু বৰ ট্ৰাষ্ট পৰিদৰ্শন কৰে কেন্দ্রীয় মন্ত্রী সর্বানন্দ সােণােৱালে

- Advertisement -

♦ভাৰত চৰকাৰৰ কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী তথা কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সােণােৱালে ভাৰতৰ অন্যতম প্রধান কন্টেইনাৰ হেণ্ডলিং বন্দৰ, মহাৰাষ্ট্রৰ জৱাহৰলাল নেহৰু বৰ ট্রাষ্ট (জেএনপিটি) পৰিদৰ্শন কৰে। ভ্রমণকালত তেওঁ বন্দৰৰ কার্যকলাপ, আন্তঃগাঁথনিগত আৰু প্রযুক্তিগত উন্নতিৰ বিষয়ে বিস্তৃত বুজ লয় আৰু ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বৰ জৰিয়তে বন্দৰটোৱে কৰা অগ্রগতি পর্যালােচনা কৰে। আৰু লগতে বন্দৰটোৰ মুখ্য অংশীদাৰসকলৰ সৈতেও মত বিনিময় কৰে। দিনটোৰ আৰম্ভণিতে বন্দটোৰ অধ্যক্ষ, আইএএছ সঞ্জয় শেঠী আৰু উপাধ্যক্ষ, আইআৰএছ উনমেশ শাৰদ ৱাঘে কেন্দ্রীয় মন্ত্রীগৰাকীক আদৰণি জনায়, য’ত বন্দৰটোত নিয়ােজিত চিআইএছএফ জোৱানে তেওঁক গার্ড অফ অনাৰ প্ৰদান কৰে।

বন্দৰটোত দিনজোৰা ভ্রমণকালত সর্বানন্দ সােণােৱালে কাল জংচনত জেএনপিটি পাের্ট ৰােড কনক্রেটাইজেচন প্ৰকল্পৰ ‘ভূমি পূজন অনুষ্ঠান’ উদ্বোধন কৰে আৰু চিপিপি কমাণ্ড কেন্দ্ৰত ইয়াৰ প্রযুক্তি-সক্ষম কার্যকলাপৰ পর্যালােচনা কৰিবলৈ জেএনপিটি অত্যাধুনিক পার্কিং প্লাজা পৰিদৰ্শন কৰে। তদুপৰি,তেওঁ সামুদ্রিক যােগান শৃংখলাৰ এক অবিচ্ছেদ্য অংশ হৈ থকা কন্টেইনাৰ ট্রাক চালকসকলৰ সৈতেও বার্তালাপ কৰে। কেন্দ্রীয় মন্ত্রীগৰাকীয়ে জিটিআই হাউছত টার্মিনেল কার্যকলাপৰ ওপৰত এক প্রেজেন্টেচনৰাে পর্যালােচনা কৰে। তাৰপিছত তেওঁ জেএনপিটিৰ মাল্টি-প্রডাক্ট এছইজেড (SEZ) আৰু হিন্দ টার্মিনেল চিএফএছ পৰিদৰ্শন কৰে। ইয়াৰ পিছতে তেখেতে বন্দৰ হস্পিতালৰ মেডিকেল অক্সিজেন প্লান্টৰ শুভ উদ্বোধন কৰে। তদুপৰি, কেন্দ্রীয় মন্ত্রীগৰাকীয়ে বিএমচিটিপিএলৰ ‘স্মার্ট বন্দৰ পদক্ষেপ’ৰাে বুজ লয় আৰু ইয়াৰ দ্বিতীয় পর্যায়ৰ সম্প্ৰসাৰণৰ অগ্রগতি পর্যালােচনা কৰে।

সংবাদ মেলত সম্বােধন কৰি সৰ্বানন্দ সােণােৱালে ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বয়ে কেনেদৰে দেশৰ প্রগতি ত্বৰান্বিত কৰিব পাৰে, সেই বিষয়ে উল্লেখ কৰে। লগতে তেখেতে কয় যে, সাগৰ আৰু বন্দৰৰ সৈতে বিশ্ব বাণিজ্য সম্পর্ক ওতপ্রােত। বন্দৰবােৰ হৈছে গুৰুত্বপূৰ্ণ গেটৱে আন্তঃগাঁথনি, যিয়ে একোটা বৃহৎ অঞ্চল আৰু ইয়াৰ অভ্যন্তৰীণ পৰিবহণ নেটৱৰ্ক (অর্থাৎ পথ, ৰে’ল, অভ্যন্তৰীণ জলপথক আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযােগ কৰে। জৱাহৰলাল নেহৰু বন্দৰত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰিত্বই সামুদ্রিক পৰিবহণ আন্তঃগাঁথনি বিকাশত সহায় কৰিব, যি হৈছে দেশৰ বাবে অর্থনৈতিক বিকাশৰ এক মুখ্য উপাদান। জৱাহৰলাল নেহৰু বন্দৰে ভাৰতৰ বন্দৰ খণ্ডক আমদানি-ৰপ্তানিৰ গতিশীলতা প্ৰদান কৰিছে। আৰু লজিষ্টিকেল কার্যকলাপৰ পৰিচালনাৰ ক্ষেত্ৰত বিশ্বমানৰ দক্ষতাৰ পৰিচয় দিছে। ফলস্বৰূপে বাণিজ্যৰ বাবেই এক’পছন্দৰ পাের্ট হিচাপেও আত্মপ্রকাশ কৰিছে- সােণােৱালে উল্লেখ কৰে।

“মই নিশ্চিত যে, ধাৰাবাহিক প্রযুক্তিগত অগ্রগতি আৰু বহুমুখী আন্তঃগাঁথনি উন্নয়নৰ জৰিয়তে জেএনপিটিয়ে ভাৰতৰ বন্দৰ-নেতৃত্বাধীন প্রগতিক ত্বৰান্বিত কৰি যাব আৰু ২০৩০ চনৰ ভিতৰত নিজকে এক বৃহৎ আৰু বিশ্বমানৰ বন্দৰ হিচাপে সঞ্চালন কৰিব-সর্বানন্দ সােণােৱালে লগতে কয়। দেশৰ বৃহৎকন্টেইনাৰ হেণ্ডলিং বন্দৰ হিচাপেই সফলতা অর্জন কৰিছে। এইক্ষেত্ৰত বন্দৰটোৰ সৈতে জড়িত সকলােৰে ভূমিকা শলাগনীয়। বন্দৰটোৱে ইজ অৱ ডুয়িং বিজনেছৰ ক্ষেত্ৰত আগবঢ়োৱা সহযােগিতাই অর্থনৈতিক গতিবিধিকো সবল ৰূপ প্ৰদান কৰিছে। দেশৰ কৃষকসকলৰদ্বাৰা উৎপাদিত ফচল আৰু সা-সামগ্রী দেশ-বিদেশলৈ প্ৰেৰণ কৰাতাে ইয়াৰ ভূমিকা উল্লেখযােগ্য- সােণােৱালে লগতে উল্লেখ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
30.9 ° C
30.9 °
30.9 °
34 %
2.5kmh
3 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

উপনিৰ্বাচন ২০২১ || ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ সৰ্বাঙ্গীন...

■ অহা ৩০ অক্টোবৰ তাৰিখে হ'বলগীয়া উপ নিৰ্বাচনৰ বাবে আজি  ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ অসম গণ...

উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল

উৎকোচ লৈ গ্ৰেপ্তাৰ লাট মণ্ডল দুৰ্নীতি নিবাৰক শাখাৰ জালত লাট মণ্ডল দেৱাশিষ বৰ্মনৰ লগতে দালাল নয়ন...

বৰাজোলৰ বজাৰ হাইস্কুল হঠাৎ পৰিদৰ্শন নলবাৰী বিধায়ক জয়ন্ত মল্ল...

  বৰাজোলৰ বজাৰ হাইস্কুল হঠাৎ পৰিদৰ্শন নলবাৰী বিধায়ক জয়ন্ত মল্ল বৰুৱাৰ: নলবাৰী ১ অক্টোবৰ : মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা নলবাৰী...
Exit mobile version