32.2 C
Guwahati

ৰঙিয়া ৰাইজমেলৰ বছৰেকীয়া উৎসৱ পালন

- Advertisement -

● ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ
■ ৰঙিয়াৰ স্বাভিমানী আৰু বীৰ পুৰুষ সকলৰ বংশধৰ ৰঙিয়াৰ ৰাইজে মিলি প্ৰতি বছৰে গৌৰৱ উজ্জ্বল ৰঙিয়া ৰাইজমেলৰ বছৰেকীয়া অনুষ্ঠানটি উলহ-মালহেৰে পালন কৰি আহিছে। আজি ১০ জানুৱাৰী ২०২১ তাৰিখে এই বছৰেকীয়া উৎসৱ পালন কৰা হয় ৰঙিয়াৰ ঐতিহাসিক কৃষক শ্বহীদ ভৱন প্ৰাঙ্গনত। এই উৎসৱৰ লগত সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰে এখন সাধাৰণ সভা অনুষ্ঠিত কৰা হয়।

উক্ত সভাত উপস্থিত থাকে ৰঙিয়া সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতা, ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, ৰঙিয়া ৰাইজমেলৰ সম্পাদক তথা বুৰঞ্জীবিদ পবিন কলিতা, ৰঙিয়াৰ মহকুমাধিপতি স্বপ্নীল পাল, মুক্তিযোদ্ধা কৃষ্ণ লহকৰ সমন্বিতে ৰঙিয়াৰ বহুতো বিশিষ্ট ব্যক্তি আৰু সহস্ৰাধিক ৰাইজ।

প্ৰথমে শ্বহীদ বেদীত মাল্যৰ্পণ কৰি আৰম্ভ হোৱা অনুষ্ঠানটোত ৰঙিয়া অঞ্চলৰ বহুকেইজন ব্যক্তিক একোখনকৈ ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়। ৰঙিয়াৰ স্হানীয় সন্দীপ কলিতা সমন্বয়ী কলা কেন্দ্ৰৰ শিল্পি সকলৰ দ্বাৰা লোকনৃত্য প্ৰদৰ্শন কৰাৰ লগতে স্থানীয় অনাতাৰ শিল্পিৰ দ্বাৰা লোকগীত পৰিবেশন কৰা হয়।

এই অনুষ্ঠানতে ভাষণ প্ৰসঙ্গত মন্ত্ৰী ভবেশ কলিতাই প্ৰথমে শ্বহীদ সকলক সুঁৱৰি ৰঙিয়াত হৈ থকা বিভিন্ন উন্নয়নমূলক কাম কাজৰ কথা ৰাইজক জনোৱাৰ লগতে ৰঙিয়াৰ কৃষক শ্বহীদ ভৱনৰ সন্মুখত থকা শ্বহীদ বেদীটো এবছৰৰ ভিতৰত সুউচ্চকৈ পুনৰনিৰ্মাণ কৰি অসমৰ ভিতৰতে চকুত লগা কৰিব বুলি উল্লেখ কৰে।

আনহাতে আগন্তুক বৰ্ষত পাচঁজনকৈ সফল ক্ষুদ্ৰ স্থানীয় কৃষকক বটাঁ প্ৰদানৰ ব্যৱস্হা কৰা হʼব বুলিও জনাই। অনুষ্ঠানৰ লগত সংগতি ৰাখি ৰঙিয়াৰ মহকুমাধিপতিয়ে “ৰঙিয়া ৰাইজমেলৰ পুস্তিকা-২०২১” নামৰ এখন পুস্তিকাও উন্মোচন কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

শিৱসাগৰ জিলাৰ নঙলামৰা আৰু নেমুগুৰি গাওঁ পঞ্চায়তত জৱকাৰ্ড মেলা...

♦শেহতীয়াকৈ ৰাজ্য চৰকাৰে গাওঁ পঞ্চায়তত প্ৰয়োগ কৰা জৱকাৰ্ড আঁচনিৰ সম্পৰ্কত জনসচেতনতা বঢ়োৱাৰ উদ্দেশ্যে শিৱসাগৰ জিলাৰ নঙলামৰা আৰু...

বিধায়ক ৰঞ্জিত দত্ত মহানোভবৱতা :

বিধায়ক ৰঞ্জিত দত্ত মহানোভবৱতা : ডিজিটেল ডেস্ক অসম খবৰ ২৭ আগষ্ট :শুক্ৰবাৰে বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধায়ক সভা...

বিশ্বনাথ জৈৱিকৰ সহযোগত প্ৰস্তুত কৰা হৈছে এই স্প্রে মেচিন

বিশ্বনাথ জৈৱিকৰ সহযোগত প্ৰস্তুত কৰা হৈছে এই স্প্রে মেচিন অসম খবৰ বিশ্বনাথ চাৰিআলি ৯ ছেপ্টেম্বৰ:: বিশ্বনাথৰ এজন স্বেচ্ছামূলক অৱসৰ...
Exit mobile version