20 C
Guwahati

মানৱ সৰবৰাহকাৰী নজৰুল ইছলাম ওৰফে পকেট আৰক্ষীৰ জালত, পণ্যসামগ্ৰীৰ দৰেই বিক্ৰী হৈছে মানুহ

- Advertisement -

● বহিঃৰাজ্যলৈ মানৱ সৰবৰাহৰ অভিযোগত ৰঙিয়া আৰক্ষীয়ে বৃহস্পতিবাৰে নিশাৰ ভাগত আটক কৰিবলৈ সক্ষম হয়। ৰঙিয়া আৰক্ষীৰ মূৰৰ কামোৰণী হৈ পৰিছিল ধৃত নজৰুল ইছলাম।সংবাদ মাধ্যমৰ আগত আৰু বহু লোক জড়িত থকাৰ কথা সদৰী কৰে ধৃত পকেটে।

ৰঙিয়াৰ পৰা ৰেলেৰে নি বহিঃৰাজ্যত যুৱক যুৱতী সৰবৰাহৰ বহু পূৰ্বেও বহু অভিযোগ আছিল পকেটৰ বিৰুদ্ধে। পকেটে লুকুৱাই ৰখা এটা ঘৰৰ পৰা কেইদিনমান পূৰ্বে ৰঙিয়া আৰক্ষীয়ে উদ্ধাৰ কৰিছিল ১১জনকৈ শ্ৰমিক তথা কিশোৰক। আনহাতে পকেটে কাশ্মীৰত বিক্ৰী কৰা এজন যুৱকক বুধবাৰে এছ এছ বিৰ জোৱানে উদ্ধাৰ কৰি পৰিয়ালৰ লোকক চমজাই দিছিল।

এই সন্দৰ্ভত অনুসন্ধান অব্যাহত ৰাখিছিল ৰঙিয়া আৰক্ষীয়ে। ইতিমধ্যে পকেটৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ। উল্লেখযোগ্য যে, ৰঙিয়া ৰে’ল ষ্টেচনক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে এই মানৱ সৰবৰাহৰ ঘাটি। ৰেলেৰে প্ৰতিদিনেই সৰবৰাহ হৈ আছে অসমৰ যুৱক-যুৱতী, কিশোৰ-কিশোৰী। আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে এতিয়া অভিযান তীব্ৰতৰ কৰি তোলা পৰিলক্ষিত হৈছে।

ৰঙিয়াত পণ্যসামগ্ৰীৰ দৰে বিক্ৰী হোৱা যুৱক-যুৱতী, কিশোৰ-কিশোৰীৰ এই ব্যৱসায় দিনক দিনে বৃদ্ধি পাবলৈ লোৱাত এতিয়া চিন্তিত হৈ পৰিছে ৰঙিয়াৰ সচেতন মহল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

বিলাসীপাৰা প্ৰেছ ক্লাবত ক’লা বেজ পৰিধান কৰি সাংবাদিকৰ প্ৰতিবাদ

♦ চিৰাঙ জিলাৰ সাংবাদিক জয়ন্ত দেৱ নাথক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ বিৰুদ্ধে এই প্ৰতিবাদ ♦ সাংবাদিক নিগ্ৰহ কৰা আৰক্ষী...

Costliest Drinking Water: বিশ্বৰ আটাইতকৈ ব্যয়বহুল ৪৪ লাখৰো অধিক...

■ ভাৰতীয় ক্ৰিকেট তাৰকা বিৰাট কোহলীয়ে খোৱা পানীৰ মূল্য কিমান? এই লৈ ক্ৰীড়া প্ৰেমীসকলৰ মাজত দীৰ্ঘদিনৰ এক...

প্ৰথমবাৰৰ বাবে! দেশত পুৰুষতকৈ অধিক আছে মহিলা; জৰীপত প্ৰকাশ

■ প্ৰথমবাৰৰ বাবে ভাৰতত পুৰুষৰ তুলনাত মহিলাৰ সংখ্যা বৃদ্ধি পাইছে। ৰাষ্ট্ৰীয় পৰিয়াল আৰু স্বাস্থ্য জৰীপে এই কথা...
Exit mobile version