সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ লহকৰে দক্ষিণ শালমাৰা-মানকাচৰৰ নিৰ্বাচনী বিষয়া বিভাস মেধিক প্ৰহাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ শাস্তি বিচাৰি আজি ৰঙিয়াত মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৰঙিয়া মহকুমাৰ অসম অসামৰিক বিষয়া সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰক গ্ৰেপ্তাৰ কৰক, প্ৰাণজিৎ লহকৰক নিলম্বিত কৰক, বিভাস মেধিক ন্যায় দিয়ক, আমি বিভাস মেধিৰ লগত আছো আদি শ্লোগান লিখা প্লে’ কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।
আনহাতে ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত জাৱীৰ ৰাহুল সুৰেশৰ জৰিয়তে ৰাজ্য চৰকাৰৰ মুখ্য সচিব, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অধ্যক্ষ সচিব, আৰক্ষী সঞ্চালক প্ৰধান, মুখ্যমন্ত্ৰীৰ সচিব প্ৰধান, ৰাজ্যিক আৰক্ষী লেখানুদান বিভাগৰ অধ্যক্ষ আৰু অসম মানৱ অধিকাৰ আয়োগৰ সচিবলৈকে উপযুক্ত ন্যায় বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লীনা কুমাৰী পাৱে, মহকুমাৰ সহকাৰী আয়ুক্ত চম্পক ডেকা, অম্লান বৈশ্য, মহকুমা নিৰ্বাচন বিষয়া নীল হৰিৎ কৌশিক, সংলগ্ন ৰাজহ চক্ৰ বিষয়া অনন্যা চৌধুৰী, প্ৰমূখ্যে কেইবাগৰাকীও বিষয়াবৰ্গই ভাগ লয়।