♦ অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সাতোখন ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰত সেৱা আগবঢ়াই অহা টুৰিষ্ট কেব চালকসকলে দেশৰ ৭৭ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোত ‘ছেভেন ষ্টেট টুৰিষ্ট কেব অপাৰেৰ্টেছ ইউনিয়ন’ নামৰে এটি নতুন সংস্থাৰ জন্ম দিয়াৰ লগতে এখন পূৰ্ণাঙ্গ সমিতিও গঠনৰ কৰে ১৫আগষ্টত। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে হাতীগাঁৱৰ মণীষা বিবাহ ভৱনৰ প্রেক্ষাগৃহত আয়োজন কৰা সভাখনত প্ৰথম কাৰ্যসূচী জাতীয় পতাকা উত্তোলন ৰূপায়ন কৰে বিশিষ্ট সমাজ সেৱক ৰূপম চৌধুৰীয়ে। ইয়াৰ পাছতে শতাধিক টুৰিষ্ট বাহনেৰে মণীষা বিবাহ ভৱনৰ পৰা আৰম্ভ কৰি দিশপুৰ লাষ্টগেট, ছুপাৰ মার্কেট, গণেশগুৰি, খ্ৰীষ্টানবস্তি হৈ পুনৰ সভাস্থলীলৈ এক বর্ণাঢ্য কাৰ ৰেলী উলিয়াই চালক সকলে।
ইপিনে কবি সাহিত্যিক জীৱন কুমাৰ ডেকাৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে গৌহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা নেকিবুৰ জামান, কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাস, কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ এনফৰ্ছমেন্ট ইন্সপেক্টৰ নিতু চেতিয়া, বিশিষ্ট সমাজ সেৱক ৰূপম চৌধুৰী, গৌহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বিজয় দাস, সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ কেন্দ্রীয় সাধাৰণ সম্পাদক চহিদ আলী আহমেদ, মটৰ পৰিবহণ সেৱা কৰ্মী সন্মিলিত মঞ্চৰ সভাপতি ৰবীন্দ্ৰ কুমাৰ দত্তৰ লগতে সাংগঠনিক সম্পাদক চন্দ্রিকা যাদৱ আৰু অল আছাম কেব অপাৰেটৰ্ছ ইউনিয়নৰ সভাপতি বিষ্ণু দাস।
উল্লেখযোগ্য যে, উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ কেব চালক সকলক সংগঠিত কৰি গঠন কৰা সংস্হাটোৰ সভাপতি আৰু সম্পাদকৰ দৰে গুৰু দায়িত্বত আছে ক্ৰমে যাদৱ কুমাৰ ইংতি আৰু ইছমাইল আলি বুলি জানিবলৈ দিয়ে সংস্হাটোৰ সাধাৰণ সম্পাদক ইছমাইল আলিয়ে।