20 C
Guwahati

বিশ্বনাথৰ মিলনপুৰত কুড়ুঁখ সাহিত্য সভাৰ ২০তম প্ৰতিষ্ঠা দিৱস পালন

- Advertisement -

বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণ: বিশ্বনাথৰ মিলনপুৰ লক্ষীমন্দিৰ প্ৰাঙ্গণত আয়োজন কৰা হয় ২০তম কুড়ুঁখ সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস৷ সদৌ অসম কুড়ুঁখ সাহিত্য সভা বিশ্বনাথ জিলা সমিতি আৰু সদৌ অসম কুড়ুঁখ ছাত্ৰ সন্থা মিলনপুৰ আঞ্চলিক সমিতিৰ যুটিয়া উদ্যোগত অনুষ্ঠিত হোৱা কুড়ুঁখ সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱসৰ আৰম্ভণিতে মিলনপুৰ আঞ্চলিক কুড়ুঁখ ছাত্ৰ সন্থাৰ সভাপতি প্ৰহ্লাদ লাকড়াই পতাকা উত্তোলন কৰাৰ পাছত শ্বহীদ তৰ্পণ কৰা হয়।

তৎপশ্চাৎ বিশ্বনাথ জিলা কুড়ুঁখ সাহিত্য সভাৰ সভাপতি ষ্টিফেন বাৰ্লাৰ সভাপতিত্বত আৰু শোণিতপুৰ জিলা কুড়ুঁখ ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক ল চেবেষ্টিয়ান তিৰ্কিৰ আদৰণি ভাষণ আৰু আঁতধৰা মুকলি সভাত ওৰাওঁ জনগোষ্ঠীৰ সাহিত্য কলা-কৃষ্টি সংস্কৃতি শৈক্ষিক তথা আৰ্থ সামাজিক দিশৰ ওপৰত আলোচনা কৰা হয়৷ বৰ্তমানৰ সময়ত সাহিত্য, ভাষা কলা-কৃষ্টি সংস্কৃতি তথা শৈক্ষিক উত্তৰনৰ লগতে অসম অৰুণাচল সীমান্তত বসবাস কৰা কুড়ুঁখভাষী ওৰাও জনগোষ্ঠী বিভিন্ন সমস্যা তথা অভাব অভিযোগৰ সন্দৰ্ভত আলোকপাত কৰা হয়।

বিভিন্ন কাৰ্যক্ৰমণিকাৰ মাজত গীত নৃত্যও পৰিবেশন কৰা হয়।অনুষ্ঠানত সদৌ অসম কুড়ুঁখ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সম্পাদক নৰবেট মিঞ্জ মুখ্য অতিথি ৰূপে উপস্থিত থাকি বক্তব্য ৰাখে। বিশিষ্ট অতিথি ৰূপে শোণিতপুৰ জিলা কুড়ুঁখ সাহিত্য সভাৰ সভাপতি ইমানুৱেল কুজুৰ, সম্পাদক বিফই মিঞ্জৰ উপৰিও সদৌ অসম কুড়ুঁখ ছাত্ৰ সন্থাৰ উপসভাপতি হিলিচ মিঞ্জ, উপস্থিত থাকে৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
19 ° C
19 °
19 °
76 %
2.1kmh
0 %
Fri
19 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

অসমত পুনৰ ২৯৮জন কোভিড পজিটিভ, ৭জনৰ মৃত্যু…

  অসমত পুনৰ ২৯৮জন কোভিড পজিটিভ, ৭জনৰ মৃত্যু… অসমত পুনৰ ২৯৮জন কোৰোনাত আক্ৰান্ত। ইয়াৰে ১০৩জন কামৰূপ মেট্ৰ’ৰ, ৩৪জন যোৰহাটৰ, ১৭জন...

মায়ঙৰ নৱহতীয়াত গঁড়ৰ মুক্ত বিচৰন

♦ প্ৰতিবেদক, মায়ং: মায়ঙত পুনৰ গঁড়ৰ মুক্ত বিচৰণ। পবিতৰাৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা এটা প্ৰকাণ্ড গঁড়ে...

বিশ্বনাথ মহকুমা  অৱকাৰী অভিযান অবৈধ চুলাই ব্যৱসায়ী বিৰুদ্ধে  :শ...

বিশ্বনাথ মহকুমা  অৱকাৰী অভিযান অবৈধ চুলাই ব্যৱসায়ী বিৰুদ্ধে  :শ শ লিটাৰ চুলাই  নষ্ট : বহু কেইটা চুলাই...
Exit mobile version