♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাৰ অনলাইন প্ৰ-পত্ৰ পূৰণৰ দিন ১৫ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে। সংসদৰ পৰীক্ষা নিয়ন্ত্রক পংকজ বৰঠাকুৰে আজি এই সন্দৰ্ভত এখন অধিসূচনা জাৰি কৰি সংশ্লিষ্ট সকলো শিক্ষানুষ্ঠানৰ মূৰববীক অহা ১৫ ডিচেম্বৰৰ ভিতৰত অনলাইন প্ৰ-পত্ৰ পূৰণৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে।