23 C
Guwahati

গোৱালপাৰাৰ বহু উন্নয়ণমূলক কামৰ শুভ উদ্বোধন কৰিলে উপায়ুক্ত বৰ্ণালী ডেকাই

- Advertisement -

♣কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলা উপায়ুক্ত বৰ্ণালী ডেকাই জিলাখনৰ সম্পূৰ্ণ হৈ উঠা বহু কেইটা উন্নয়ন মূলক কামৰ  শুভ উদ্বোধন কৰে৷ চিআইডিএফ শিতানৰ ধনেৰে আন্তঃগাঁথনি উন্নয়ন কৰা গোৱালপাৰা চহৰৰ বিহুফিল্ড খেলপথাৰ আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ সংযোগী পথটো উপায়ুক্তই আজি শুভ উদ্বোধন কৰে৷ 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে আধাৰশিলা স্থাপন কৰা এই আঁচনি দুটাৰ কাম সম্পূৰ্ণ হৈ উঠাত জিলাবাসীৰ বহুদিনীয়া অভাৱ পূৰণ হ’ল বুলি মত ব্যক্ত কৰিছি সচেতন মহলে৷ আনহাতে মুখ্যমন্ত্ৰীয়ে আধাৰশিলা স্থাপন কৰা ভাৰত চৰকাৰৰ মহিলা আৰু শিশু উন্নয়ণ মন্ত্ৰালয়ৰ দ্বাৰা নিৰ্মাণ কৰি উলিওৱা মহিলাৰ একক অৱস্থান কেন্দ্ৰটোও উপায়ুক্তই শুভ উদ্বোধন কৰে৷

এই কেন্দ্ৰটো নিৰ্যাতিতা মহিলাৰ আশ্ৰয়স্থলী হিচাপে ব্যৱহাৰ কৰা হ’ব৷ মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত অসম যুৱ বিকাশ অভিযানৰ জৰিয়তে আন্তঃগাঁথনি উন্নয়ন কৰা দুধনৈ হাইস্কুল আৰু ডুবাপাৰা উচ্চতৰ মাধ্যমিক  বিদ্যালয়ৰ খেলপথাৰ দুখনো উপায়ুক্ত বৰ্ণালী ডেকাই শুভ উদ্বোধন কৰে৷ ইফালে গোৱালপাৰা উপায়ুক্তৰ কাৰ্যালয় চৌহদত নিৰ্মাণ কৰি  উলিওৱা বহুমূখী ভৱনটোও আজি উকায়ুক্তই শুভ উদ্বোধন কৰে৷

এই ভৱনটো জিলাখনৰ উন্নয়নমূলক  কাম কাজৰ লগতে জিলা প্ৰশাসনে বিভিন্ন প্ৰশাসনিক কামৰ বাবে ব্যৱহাৰ কৰিব৷ ইয়াৰ বিপৰীতে, ৰাক্ষসিনীস্থিত ঘাঁহ বীজ উৎপাদন ফাৰ্ম খনৰো আজি আন্তঃগাঁথনি উন্নয়নৰ কামৰ আধিাশিলা স্থাপন কৰে উপায়ুক্ত বৰ্ণালী ডেকাই৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
29.8 ° C
29.8 °
29.8 °
34 %
2.4kmh
45 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

ৰঙাপৰাত নির্মাণকার্য চলি থকা উৰণীয়া সেতু মালতী ওৰাং(মাংৰি মেম)ৰ...

■ ৰঙাপৰাত নিৰ্মাণাধীন উৰণীয়া সেতু মালতি ওৰাং(মাংৰি মেম)ৰ নামেৰে নামাকৰণ কৰিবলৈ দাবী জনায় অসম চাহ জনজাতি ছাত্ৰ...

টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান বিষয়ৰ বিভিন্ন প্ৰতিযোগিতা সম্পন্ন

♦ নলবাৰী : আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ টিহু খণ্ডৰ উদ্যোগত আৰু অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সহযোগত...
Exit mobile version