24 C
Guwahati

দুৰ্নীতিঃ ৰাকেশ কুমাৰ পালসহ ৩২ জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ন্যায়ালয়ৰ

- Advertisement -

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালসহ ৩২ জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ঘোষণা কৰে। সেই অনুসৰি আদালতে ৰাকেশ কুমাৰ পালক দুর্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ৪ টাকৈ গুৰুত্বপূৰ্ণ ধাৰাত দোষী সাব্যস্ত কৰি ১৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকাৰ জৰিমনা বিহিছে।

একেদৰে আয়োগৰ প্ৰাক্তন সদস্য চামেদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলেক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকাকৈ জৰিমনা বিহিছে। আনহাতে বক্রপথেৰে চাকৰি লোৱাৰ অভিযোগত দোষী সাব্যস্ত হোৱা ২৯ জন কৃষি উন্নয়ন বিষয়াক ৪ বছৰকৈ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাকৈ জৰিমনা বিহিছে। উল্লেখযোগ্য যে কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰত বিশেষ ন্যায়াধীশৰ আদালতে যোৱা ২২ জুলাইত ৰাকেশ কুমাৰ পালসহ ৩২ জনক দোষী সাব্যস্ত কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
22.4 ° C
22.4 °
22.4 °
82 %
1.5kmh
89 %
Mon
33 °
Tue
34 °
Wed
33 °
Thu
35 °
Fri
34 °

More like this

অসমীয়া-বঙালীৰ মাজত অসমত কোনাে সংঘাত নাই কংগ্ৰেছ বামপন্থীয়ে তৃতীয়...

“পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্র উপত্যকাক সামৰি গঠিত অসম ভূ-খণ্ডৰ মূল ভাষাই হ’ল অসমীয়া। সেয়েহে এই ভূ-খণ্ডৰ ভিতৰত অসমীয়া ভাষাৰ...

বিকাশৰ ১২ দিনঃ বিভিন্ন আঁচনিৰ বঁটা আৰু আর্থিক সাহায্য...

ৰাজ্য চৰকাৰৰ বিকাশৰ ১২ দিন কাৰ্যসূচীৰ অংশ হিচাপে শনিবাৰে বিশ্বনাথ, ডিব্ৰুগড় আৰু নগাঁও জিলাত ছাত্ৰ-ছাত্ৰী আৰু হিতাধিকাৰীৰ...

ৰাজ্যত ধুমুহা-বৰষুণত ২ জন লোকৰ মৃত্যুৰ লগতে ১২ গৰাকী...

ৰাজ্যত আজি ধাৰাসাৰ ধুমুহা-বৰষুণৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১২ গৰাকী শিক্ষার্থীসহ ১৭ জন লোক আহত...
Exit mobile version