25.4 C
Guwahati

নলবাৰীৰ ঢেকীয়াবাৰীত বিবেক বৰ্মনৰ গ্ৰন্থ ‘কুইজহʼলিক ৫০১’ উন্মোচন

- Advertisement -

নলবাৰী জিলাৰ ঢেকীয়াবাৰী শিৱ মন্দিৰ উন্নয়ন সমিতিৰ সৌজন্যত ৭০ সংখ্যক সাৰ্বজনীন “শ্ৰীশ্ৰী শীতলা পূজা”ৰ লগত সংগতি ৰাখি আজি আয়োজন কৰা হয় এক মুকলি দৰ্শক কুইজ প্ৰতিযোগিতা আৰু গ্ৰন্থ উন্মোচনী অনুষ্ঠানৰ। অনুষ্ঠানত বিভিন্ন বিষয়ক সামৰি নৱম শ্ৰেণীৰ ছাত্ৰ বিবেক বৰ্মনৰ সংকলিত “কুইজহ’লিক ৫০১” উন্মোচন কৰে নলবাৰী দেৱীৰাম পাঠশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ অজিত শৰ্মাই।

নলবাৰীৰ বিশিষ্ট ব্যক্তি নৃপেন্দ্ৰ কুমাৰ শৰ্মা, চিত্ৰশিল্পী তথা শিক্ষক প্ৰিয়ম আদিত্য, শীতলা পূজা উদযাপন সমিতিৰ সভাপতি তথা অৱসপ্ৰাপ্ত শিক্ষক দ্বিজেন্দ্ৰ কুমাৰ শৰ্মা, কুইজাৰ বিজিত দাস আৰু সুৰজ আহমেদ আৰু ইউ টিউবাৰ গাজিউৰ ৰহমানে অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানটিত মুখ্য বক্তা ৰূপে উপস্থিত থাকি কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ তথা ছাত্ৰনেতা কুলদীপ গৌতম শৰ্মাই শিক্ষাৰ্থীৰ প্ৰগতিত সমাজে যে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে সেয়া উল্লেখ কৰি নৱম শ্ৰেণীৰ ছাত্ৰ বিবেক বৰ্মনে কৰা গ্ৰন্থ প্ৰকাশৰ চিন্তাক প্ৰসংশা কৰে। সৰুৰে পৰাই সমাজমুখী চিন্তাক আকোঁৱালি ল’লে সমাজখন বিংশৃখল নহয় বুলি উল্লেখ কৰি এম আৰ প্লাবিকেশ্যনে প্ৰকাশ কৰা গ্ৰন্থখনে পাঠক সমাজৰ সমাদৰ লাভ কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ অনুষ্ঠানটিৰ লগত সংগতি ৰাখি আয়োজিত মুকলি দৰ্শক কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে ৰাষ্ট্ৰীয় বঁটা প্ৰাপক কুইজাৰ তথা “কুইজহ’লিক ৫০১” গ্ৰন্থখনৰ লেখক বিবেক বৰ্মনে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
24.7 ° C
24.7 °
24.7 °
79 %
2kmh
43 %
Mon
25 °
Tue
36 °
Wed
38 °
Thu
34 °
Fri
35 °

More like this

Gaming on the Go: The Growing Popularity of Mobile...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...

বিলাসীপাৰাৰ বগৰীবাৰীত দিনক দিনে বৃদ্ধি পাইছে এইডচ আক্ৰান্ত ৰোগীৰ...

♦ বিলাসীপাৰাৰ সমজিলাৰ সীমান্ততবৰ্তী পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰীত দিনক দিনে বৃদ্ধি পাইছে এইডচ আক্ৰান্ত ৰোগীৰ সংখ্যা। বিগত এমাহৰ...

Console Wars: Examining the Battle for Dominance in the...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...
Exit mobile version