20 C
Guwahati

গ্ৰেপ্তাৰ মানস চলিহাঃ আদালতত হাজিৰ, ৪ দিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ

- Advertisement -

♦প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা গোলাঘাটৰ যুৱক মানস চলিহাক দিছপুৰ আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱাই। আৰক্ষীয়ে ১৪ দিনৰ বাবে জিম্মাত বিচাৰি আবেদন জনাইছিল যদিও আদালতে অভিযুক্তক ৪ দিনৰ বাবেহে দিছপুৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে ধন ওভতাই নিদিয়া ঘটনা সন্দৰ্ভত এজন ব্যাৱসায়ীয়ে দিছপুৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰৰ আধাৰত আৰক্ষীয়ে লোকজনক পশ্চিমবংগৰ এখন হোটেলৰ পৰা গ্রেপ্তাৰ কৰিছিল। ইফালে আলফা স্বাধীনৰ শিবিৰলৈ মানস বুঢ়াগোঁহাই এজন যুৱকক চোৰাংচোৱা সজাই প্ৰেৰণ কৰা ঘটনাত অভিযুক্ত মানস চলিহাৰ নাম সাঙোৰ খাই পৰিছিল। আলফা স্বাধীনৰ শিবিৰত বন্দী হোৱা মানস বুঢ়াগোঁহাই মানস চলিহাৰ বিষয়ে প্ৰথমে নাম প্ৰকাশ কৰিছিল৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

প্রথিতযশা শিল্পী, অভিনেতা, পৰিচালক আৰু নাট্যকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যৰ...

♦ প্রথিতযশা শিল্পী, অভিনেতা, পৰিচালক আৰু নাট্যকাৰ কুলদা কুমাৰ ভট্টাচাৰ্যলৈ আজি গুৱাহাটী মহানগৰীৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ব্যক্তিয়ে...

অসম চাইক্লিং সন্থাৰ উদ্যোগত খেলুৱৈক সম্বৰ্ধনা

সোণাপুৰ টেপেচিয়াস্থিত এল.এন.আই.পি.ই ৰ অমিয় কুমাৰ প্ৰেক্ষাগৃহত তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ ২০২৪ত...

অসম চৰকাৰৰ কেবিনেট সিদ্ধান্তক আদৰণি অনুসূচিত জাতি সংগঠনৰ

অসমৰ সমাজ জীৱনৰ যুগদ্ৰষ্টা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা স্বীকৃত কৈৱৰ্ত্ত কুল নন্দিনী, মহীয়সী নাৰী, মহাসতী আই ৰাধিকা...
Exit mobile version