●ৰাষ্ট্ৰীয় চাব জুনিয়ৰ টাইকোৱাণ্ডোত অসম দল সফলতা
●ভংগ কৰিলে ৪০ বছৰীয়া ইতিহাস
●মুঠ ১৬৪ পইন্ট সংগ্ৰহ কৰি দেশৰ ভিতৰতে সৰ্বোচ্চ স্থান লাভ অসমৰ
গুৱাহাটী, ৩০ জানুৱাৰী: ছট্টীশগড়ত অনুষ্ঠিত টাইকোৱাণ্ডো ক্রীড়াৰ ৩৭ সংখ্যক ৰাষ্ট্ৰীয় চাব জুনিয়ৰ কিউৰোগী আৰু ১২ সংখ্যক পুমছে প্রতিযোগিতাত অসম দলে ৪২ বছৰীয়া ইতিহাস ভংগ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছে । অতুলনীয় প্ৰতিভা আৰু শাৰীৰিক সক্ষমতা প্ৰদৰ্শনৰ জৰিয়তে মনিপুৰ, মহাৰাষ্ট্ৰ আদিৰ দৰে শক্তিশালী দলক পৰাভুত কৰি অসম দলে দেশৰ ভিতৰতে উন্নত প্ৰদৰ্শনেৰে সম্পূৰ্ণ অধিপত্য বিস্তাৰ কৰে প্ৰতিযোগিতাখনত। প্ৰতিযোগিতাখনত মুঠ ১৬৪ পইন্ট সংগ্ৰহ কৰি অসম দলে দেশৰ ভিতৰতে সৰ্বোচ্চ স্থান লাভ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে ২-৪ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হোৱা প্রতিযোগিতাখনত কিউৰোগীত স্বৰ্ণ পদক লাভ কৰা খেলুৱৈ সকল হল শ্বোয়াইব আশ্ৰফ হুছেইন -অনুৰ্ধ ২১ কেজি ,আম্লান মহন -অনুৰ্ধ ২৩ কেজি ,ৰিদীপ বৰা-অনুৰ্ধ ২৫ কেজি ,দ্ৰোনাদিত্য তালুকদাৰ -অনুৰ্ধ ৩৫ কেজি। কিউৰোগীত স্বৰ্ণ পদক লাভ কৰা ছোৱালীখেলুৱৈ সকল হল -আল্পনা শণ্ডিল্য অনূৰ্ধ্ব-২০ কেজি ,ৰিয়া বৰা অনূৰ্ধ্ব-২২ কেজি ,সোনমনি চুতীয়া অনূৰ্ধ্ব-২৯ কেজি ,ববিস্মিতা দাস অনূৰ্ধ্ব-৩৮ কেজি।পুমছেত ব্যক্তিগত ল’ৰাৰ শাখাত এল. ৱাঙলেন সিংহাই ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে ছোৱালীৰ ব্যক্তিগত শাখাত সুপালী চন্দ্ৰই ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে পোমছেৰ ডাবলছত এল.ৱাংলেন সিংহা সুপালী চন্দ্ৰই সোণৰ পদক লাভ কৰে । পোমছেৰ ছোৱালীৰ দলীয় শাখাত কে সৰস্বতী দেৱী, কাব্য কৃষ্টি বৰা আৰু সঞ্জনা দেৱীয়ে স্বৰ্ণ পদক লাভ কৰে । কিউৰোগীৰ অনুৰ্ধ -৫০ কেজি শাখাত ৰূপৰ পদক লাভ কৰিছে ৰিহান আহমেদে ।
কিউৰোগীৰ ছোৱালীৰ ১৬ বছৰ অনুৰ্ধ শাখাত ৰূপৰ পদক লাভ কৰে ত্ৰিধন্য বৰাই।কিউৰোগীৰ ব্ৰঞ্জৰ পদক লাভ অনুৰ্ধ ৩২ কেজিত মনদীপ ৰাজবংশীৰ। ছোৱালীৰ শাখাত ব্ৰঞ্জৰ পদক লাভ কৰে শ্যামন্তিক দাস -অনুৰ্ধ ৩২ কেজি ,আৰিনা খান -অনুৰ্ধ ২৪ কেজি আৰু অনুষ্কা তালুকদাৰ -অনুৰ্ধ-৪৭ কেজি।দলটোত প্রশিক্ষক ৰূপে গৈছে ঈশ্বৰজিত মেইতে আৰু অজয় বড়ো, আনহাতে মেনেজাৰৰ দায়িত্বত আছে জ্যোতিষ্মান দত্ত আৰু ৱাই বন্দুম সিং। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিজ্ঞপ্তি যোগ এই বাতৰি প্ৰকাশ কৰিছে অসম টাইকোৱাণ্ডো সন্থাৰ সম্পাদক হিৰণ্য শইকীয়াই। সন্থাৰ ইতিহাস সৃষ্টিকাৰী সফলতাৰ বাবে সম্পাদক শইকীয়াই খেলুৱৈ সকলৰ লগতে দলৰ প্ৰশিক্ষক, মেনেজাৰ তথা সন্থাৰ সকলো বিষয় ববীয়া আৰু খেলুৱৈ সকলৰ পিতৃ -মাতৃ , অভিভাৱক সকলক শুভেচ্ছা আৰু শুভকামনা জনাইছে।