24.4 C
Guwahati

সংকল্পিত সদৌ অসম ভাওনা মহোৎসৱৰ কেন্দ্ৰীয় সমিতি গঠন

- Advertisement -

সংবাদ দাতা, মনীষা শৰ্মাঃ সংকল্পিত সদৌ অসম ভাওনা মহোৎসৱৰ নতুন কেন্দ্ৰীয় সমিতি খন অলপতে দিছপুৰ মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত সাধাৰণ সভাৰ জৰিয়তে নিৰ্ণয় কৰা হয়। মাজুলীৰ দক্ষিণপাট সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীৰ সভাপতিত্ব অনুষ্ঠিত সভাত আৰম্ভণিতে ছাত্ৰ-ছাত্ৰী সকলে বৰগীত পৰিবেশনৰে পৰিৱেশটো গাম্ভীৰ্যপূৰ্ণ কৰি তোলে। উল্লেখযোগ্য যে মহাবিদ্যালয়ৰ অধ্যাপক ড° সঞ্জীৱ কুমাৰ শৰ্মাই আঁতধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰে দিছপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱজ্যোতি বৰাই আৰু উদ্দেশ্যে বাখ্যা আগবঢ়াই নৱ জ্যোতি হাজৰিকাই।

ইপিনে সভালৈ এক লিখিত বাৰ্তা প্ৰেৰণ কৰি জিতেন দত্তই উল্লেখ কৰে যে গুৰুজনাৰ আৰ্দশৰে আমি এক শৰণ নাম ধৰ্মত বিশ্বাসী যদিও আজিও আমি গুৰুজনাৰ আৰ্দশৰে নিজকে আগুৱাই নিব পৰা নাই। আজিও অন্ধবিশ্বাস, কুসংস্কাৰে সমাজ খন ভৰি আছে। যাগ যজ্ঞ, বলি বিধানৰ, দেৱ দেৱীৰ পূজা অৰ্চনাৰ পৰা আজিও আমি নিজকে অতৰাই আনিব পৰা নাই। গুৰুজনাৰ মহান বাণী সমূহ যদি আমি সমাজৰ সকলো স্তৰলৈ লৈ যাব পাৰো তেন্তে সমাজখনে এটা নতুন দিগন্তৰ সন্ধান পাব। অন্ধবিশ্বাস দূৰ হব, কুসংস্কাৰৰ পৰা মুক্ত হব। হিংসা বিদ্বেষ নোহোৱা হব। ইয়াৰ বাবে শংকৰীয় দশন প্ৰকৃত অৰ্থত চৰ্চা কৰিব লাগিব।

যদি আমি সত্ৰ আৰু নামঘৰ সমূহক ঐক্যবদ্ধ কৰি এখন মঞ্চ তৈয়াৰ কৰিব পাৰো তেন্তে ই এটা জাতীয় শক্তিলৈ ৰূপান্তৰিত হব। মই আহোম, মই কলিতা ভেদাভেদ নোহোৱা কৰি বৰ অসমীয়াৰ ভেতি তৈয়াৰ কৰিব পৰা যাব। ভাগবত চৰ্চাৰ যোগেদি উশৃংখলতা যুব সমাজক এটি নতুন পথৰ সন্ধান দিব পৰা যাব। ভাওনা সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ যোগেদি সমাজৰ পৰা অন্যায়, হিংসা বিপৰীতে ন্যায় আৰু অহিংসা প্ৰতিষ্ঠা কৰিব পৰা যাব।

গতিকে আমি আজি সেই মহান উদ্দেশ্য লৈ আজি মিলিত হৈছো। অনাগত দিনত আমি অসমৰ সমূহ নামঘৰক এখন মঞ্চত ঐক্যবদ্ধ কৰি এক জাতীয় শক্তি সৃষ্টি কৰি গুৰুজনাৰ আদৰ্শ সমাজৰ সকলো স্তৰৰ বিয়পাই দিয়াৰ প্ৰয়াস কৰিম।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

গুৱাহাটী (Guwahati) অভিমুখী বিকানেৰ এক্সপ্ৰেছ দুৰ্ঘটনাত পতিত: ৰে’লপথৰ বিসংগতিৰ...

◊ আজি সন্ধিয়া পশ্চিম বংগৰ পৰা গুৱাহাটী অভিমুখে আহি থকা (Bikaner Express Accident) বিকানেৰ এক্সপ্ৰেছ ৰে’লখনৰ চাৰিটা...

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় সেৱা আঁচনি বিষয়ক উন্মোচন

আজাৰাঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই মঙলবাৰে নগাঁও কলেজ (স্বায়ত্তশাসিত)ৰ সহকাৰী অধ্যাপক তথা এন এছ...
Exit mobile version