24.4 C
Guwahati

বেলতলাত উপন্যাসিক জ্যোতি কুমাৰ শৰ্মাক সম্বৰ্ধনা

- Advertisement -

গুৱাহাটীঃ এজন ব্যক্তিৰ জীৱনত সফলতাৰ আঁৰত লুকাই থাকে বহু গুণ। সেই গুন বোৰ পাৰ হৈ এদিন সমাজত একো একোজন ব্যক্তি ,ঘৰ বা অন্যান্য দিশত সম্পদ হৈ পৰে।ঠিক তেনেকৈ সাহিত্যৰ গতিধাৰাত সফল হৈ এক শক্তিশালী স্হান‌ অধিকাৰ কৰি আহিছে জ্যোতি কুমাৰ শৰ্মা।

এখন উপন্যাসৰ জৰিয়তে সমাজ পৰিবৰ্তন, এক বৌদ্ধিক আলোড়ন সম্ভৱ কৰি তুলিব পাৰি‌।এই মন্তব্য আজি এক সম্বৰ্ধনা অনুষ্ঠানত আগবঢ়ায় বিশিষ্ট লেখিকা মনীষা শৰ্মাই। উল্লেখযোগ্য যে স্বেচ্ছাসেৱী সামাজিক অনুষ্ঠান ‘উদায়স্ত আলিবাট’ৰ সৌজন্যত বেলতলাস্থিত আৰোহণ প্ৰেক্ষাগৃহত অনুষ্ঠিত খ্যাতি সম্পন্ন আমেৰিকাৰ পৰা কৰ্ম সূত্ৰত অৱসৰপ্ৰাপ্ত বৰ্তমান দিল্লীৰ নিবাসী লেখক উপন্যাসিক জ্যোতি কুমাৰ শৰ্মাক জনোৱা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি লেখিকা গৰাকীয়ে এনেদৰে কয়। ইপিনে সম্বৰ্ধনা গ্ৰহন‌ কৰি ইংৰাজী সাহিত্যৰ “উপন্যাসিক গৰাকীয়ে নিজৰ সৰু সৰু অভিজ্ঞতাক সামৰি উপন্যাস এখন কিদৰে সৃষ্টি কৰা হ’ল, উপন্যাসৰ চৰিত্ৰ গঠনৰ লগতে কাহিনীৰ বিষয়ধৰ্মীতাৰ ওপৰত মন্তব্য আগবঢ়ায়।

ইপিনে উদায়স্ত আলিবাটৰ মুখ্য উপদেষ্টা ড° মঞ্জুলা গোস্বামীৰ বিনীতা ৰয়ৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা আজিৰ মননশীল অনুষ্ঠাটিৰ আতধৰে বিনীতা ৰয়ে। অনুষ্ঠানত উপস্থিত এটি আধুনিক গীত পৰিৱেশনৰ লগতে নৃত্য পৰিৱেশন কৰি সকলোকে মোহিত কৰে ক্ৰমে ললিতা লহকৰ আৰু শিশু শিল্পী অনুভৱী শৰ্মাই। অনুষ্ঠানত আন এগৰাকী বিশিষ্ট অতিথি হিচাপে উপস্থিত দৈনন্দিন বাৰ্তা কাকতৰ মুখ্য সম্পাদক ড° নৰেন‌ হাজৰিকাই জ্যোতি কুমাৰ শৰ্মাৰ সাহিত্যক প্ৰতিভা, ভাষাৰ ওপৰত থকা দখল সম্পৰ্কত এক দিঘলীয়া মন্তব্য আগবঢ়ায়। একেটা অনুষ্ঠানতে উপস্থিত থাকি কন্ঠ শিল্পী প্ৰবিৰ গোস্বামীয়ে এনেধৰণৰ অনুষ্ঠানৰ জৰিয়তে লেখক সকলৰ উৎসাহী হয় বুলি মন্তব্য কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

দিশপুৰ সমজিলাত পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচীঃ...

গুৱাহাটীঃ দিশপুৰ সমজিলাৰ কাৰ্যালয় চৌহদত আজি অনুষ্ঠিত হয় কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত”...

সোমবাৰে ১৯ গৰাকী ব্যক্তিক সন্মানীয় বঁটাৰে সন্মান ৰাজ্য চৰকাৰৰ;...

■ সমাজৰ প্ৰতি অসামান্য অৱদানক স্বীকৃতি দি সোমবাৰে অসম চৰকাৰে অসম বৈভৱ, অসম গৌৰৱ আৰু অসম সৌৰভ...

ডন ব’স্ক’ বিশ্ববিদ্যালয়ৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন

● গুৱাহাটী, ১৬ মে' : অসম ডন বস্ক’ বিশ্ববিদ্যালয় স্কুল অৱ টেকন’লজীৰ মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ উদ্যোগত ১৬...
Exit mobile version