25.5 C
Guwahati

ৰঙাপৰাত ভূমিকম্পৰ তীব্ৰ জোকাৰণিঃ ৬.৭ ৰিখতাৰ স্কেল প্ৰাবল্যত প্ৰচণ্ড  ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ শোণিতপুৰ

- Advertisement -

◊ ৰঙাপৰাঃ আজি পুৱাই তিনিটাকৈ ভূমিকম্পই কঁপাই গ’ল সমগ্ৰ অসম। ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ। প্ৰথমটো ভূমিকম্প ৭.৫২ বজাত, দ্বিতীয়টো ৭.৫৮ বজাত আৰু তৃতীয়টো জোকাৰণি অনুভূত হয় ৮.০৩ বজাত।

৬.৭ ৰিখতাৰ স্কেল প্ৰাবল্যত প্ৰচণ্ড  ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ শোণিতপুৰ । ভূমিকম্পৰ উৎস ঢেকিয়াজুলি বুলি জানিব পৰা গৈছে।ৰিখটাৰ স্কেলত ইয়াৰ তীব্ৰতা ৬.৭ বুলি জানিব পৰা গৈছে। অতি শক্তিশালী আছিল এই ভূমিকম্প। তিনিটাকৈ জোকাৰণিয়ে কঁপাই যায় সমগ্ৰ শোণিতপুৰ জিলা। ৭ বাজি ৫২ মিনিটত অনুভূত হয় এই জোকাৰণি। ৰিখটাৰ স্কেলত প্ৰথমটো ভূঁইকঁপৰ প্ৰাবল্য আছিল ৬.৭। দ্বিতীয় আৰু তৃতীয়টো ভূমিকম্পৰ প্ৰাবল্য ক্ৰমে ৪.৩ আৰু ৪.৪। প্ৰায় ১ মিনিট ধৰি হৈ থকা কম্পমানত আতংকিত ৰাইজৰ চিঞৰ বাখৰ কৰে। অঞ্চলৰ প্ৰায় বহু বাসগৃহৰ দেৱালত ফাট মেলা দেখা যায়। তাৰোপৰি অঞ্চলটোৰ বহু ঠাইত মেল খালে বৃহৎ ফাটৰ লগতে ৱাল খহি যোৱাও পৰিলক্ষিত হয় । অঞ্চলৰ কেইবা ঠাইৰ পথাৰত বৃহৎ ফাঁট মেলি পানী ওলোৱা পৰিলক্ষিত হয় । প্ৰথমটো জোকাৰণি ৭ বাজি ৫২ মিনিটত, দ্বিতীয় ৮ বজাত, আৰু তৃতীয় জোকাৰণী ৮ বাজি ৩ মিনিটত।
এই মূহুৰ্তলৈকে নাই কোনো লোকৰ জীৱনৰ ক্ষয় ক্ষতিৰ খবৰ পোৱা হোৱা নাই।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
21.6 ° C
21.6 °
21.6 °
73 %
2.7kmh
2 %
Fri
22 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

জমুগুৰিহাটত ভোগালী জলপান বিপণী মুকলি

♦ মৃন্ময় শইকীয়া, তেজপুৰঃ শোণিতপুৰ জিলাৰ জামুগুৰিহাটত আজি মুকলি হয় ভোগালী জলপানৰ বিপণী৷ চাকৰিৰ আশা নকৰি জামুগুৰিহাটৰে...

শিৱসাগৰ নাজিৰা ৰজাপুলত আঞ্চলিক ভিত্তিত সতী জয়মতী স্মৃতি দিৱস...

♥ পাৰ্থ প্ৰতিম বৰুৱা,নাজিৰাঃ ঐতিহাসিক শিৱসাগৰ নাজিৰাৰ ৰজাপুলত দিনজোৰা কাৰ্য্যসূচীৰে বুধবাৰে অনুস্থিত কৰা হয় সতী জয়মতী স্মৃতি...
Exit mobile version