20 C
Guwahati

টিহুত পুনৰ ১৯ গৰাকী লোক কৰোনাত আক্ৰান্তঃ আক্ৰান্তৰ সংখ্যা ১৬৯ গৰাকীলৈ বৃদ্ধি

- Advertisement -

♦টিহুঃ টিহু মহকুমাত ৮ মে’ত পুনৰ ১৯ গৰাকী লোকৰ শৰীৰত ক’ৰ’নাৰ অৱস্থিতি পোৱা হৈছে। ইয়াৰে টিহু নগৰৰ ১ নম্বৰ ৱাৰ্ড, জলখানা, কঁঠালমূৰা, হাৰিভাঙা, মাখিবাহাৰ চৌধুৰীপাৰা, মথুৰাপুৰ, টিহু, বৰপিত, পাকা, কৰ্দৈতলাৰ একোগৰাকী লোকৰ শৰীৰত ক’ৰ’নাৰ অৱস্থিতি পোৱাৰ বিপৰীতে টিহু অগ্নিনিৰ্বাপক কাৰ্যালয়, গোৱৰাদল, যমুনাট্টাৰীত দুগৰাকীকৈ আৰু নিজখানাত তিনিগৰাকীৰ শৰীৰত ক’ৰ’নাৰ অৱস্থিতি পোৱা বুলি টিহু এফ আৰ ইউ চিকিৎসালয়ৰ ক’ৰ’নাৰ ব্যৱস্থাপনা বিভাগৰ দায়িত্ববাহী পুলকেশ দাসে জনাইছে । ইয়াৰে ১৭ গৰাকীক মাখিবাহাত থকা মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । অন্যসকলক ঘৰত নিজাববীয়াকৈ আছুতীয়াভাৱে থকাৰ ব্যৱস্থা কৰোৱা হৈছে । ইয়াকে লৈ টিহু মহকুমাত ক’ৰ’না আক্ৰান্তৰ সংখ্যা ১৬৯ গৰাকীলৈ বৃদ্ধি পালে । ইপিনে ক’ৰ’নাত আক্ৰান্ত এক নম্বৰ নাথকুছিৰ নৰেশ্বৰ কলিতাই ঘৰত নিজাববীয়াকৈ আছুতীয়াভাৱে থাকোঁতে স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে আজি বিভাগীয় কৰ্তৃপক্ষই নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে । ইফালে, নলবাৰী জিলা উপায়ুক্ত পূৰৱী কোঁৱৰে ৮ মে’ত হঠাতে মাথিবাহাস্থিত মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত উপস্থিত হৈ চিকিৎসালয়খনত চলি থকা ক’ৰ’না চিকিৎসা ব্যৱস্থাৰ বুজ লয় ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20 ° C
20 °
20 °
73 %
1.6kmh
44 %
Thu
20 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ(AICC) মুখ্য কাৰ্যালয়ত জিগনেশ মেৱানী আৰু কানহাইয়া...

সৰ্বভাৰতীয় কংগ্ৰেছ কমিটিৰ(AICC) মুখ্য কাৰ্যালয়ত জিগনেশ মেৱানী আৰু কানহাইয়া কুমাৰ কুমাৰৰ সৈতে ৰাহুল গান্ধী "আমাৰ পূৰ্বপুৰুষসকলে ভাৰতৰ...

বিহালী টেলেঙনীয়া য়ুথ্চ অফ্ চ’চাইটি সম্বৰ্ধনা আৰক্ষী  বিষয়াক:

বিহালী টেলেঙনীয়া য়ুথ্চ অফ্ চ'চাইটি সম্বৰ্ধনা আৰক্ষী  বিষয়াক: ডিজিটেল ডেস্ক অসম খবৰ ৯ আগষ্ট :   বিহালী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত...

সৰ্বভাৰতীয় ইঞ্চপায়াৰ এৱাৰ্ডঃ বিজ্ঞানৰ উদ্ভাৱনীমূলক প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰি...

● অহা অক্টোবৰ মাহত শ্বিলঙত দেশৰ ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰিব এই বঁটা। শিৱসাগৰ জিলাৰ লাকুৱাৰ এগৰাকী দৰিদ্ৰ, পিতৃহীনা ছাত্ৰীয়ে...
Exit mobile version