34 C
Guwahati

ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা হুংকাৰ ::প্ৰয়োজন হ’লে খেতিয়কে কেঁচা চাহপাত চিঙা বন্ধ কৰি ৰাজপথত প্ৰতিবাদ কৰিব ।

- Advertisement -

 ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ হুংকাৰ :: প্ৰয়োজন হ’লে খেতিয়কে কেঁচা চাহপাত চিঙা বন্ধ কৰি ৰাজপথত প্ৰতিবাদ কৰিব ।

বিশ্বনাথ জিলাত ক্ৰমান্বয়ে হ্ৰাস পাইছে কেঁচা চাহপাতৰ মূল্য।
তাৰ সন্দৰ্ভত দেওবাৰে বটিয়ামাৰিত বিহালী ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা এখনি যুটীয়া বৈঠক অনুষ্ঠিত হয়।

উক্ত বৈঠকত বিশ্বনাথ আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থা বিষয়ববীয়া
আৰু বিহালী ক্ষুদ্র চাহ খেতিয়ক আঞ্চলিক সমিতি যুটীয়া বৈঠকত প্ৰায় দুঘণ্টা ধৰি বিহালী আৰু বিশ্বনাথ অঞ্চলত বহু দিন ধৰি ক্ষুদ্ৰ চাহ খেতিয়ক সকলে সন্মুখীন হৈ থকা বিভিন্ন সমস্যাৰ লগতে মূলতঃ বটলিফ ফেক্টৰীৰ মালিকসকলে নিজৰ ইচ্ছা অনুসৰি দৰ হ্ৰাস কৰি কৃষকসকলক শোষণ কৰাৰ প্ৰক্ৰিয়া বন্ধ কৰিব লৈ অহা সোমবাৰে ২৬ জুলাইত দুয়োখন আঞ্চলিক সমিতিয়ে সংশ্লিষ্ট অঞ্চলসমূহত ক্ষুদ্ৰ চাহ খেতিয়ক সকলে কেঁচা চাহপাত তোলা সম্পূৰ্ণ ৰূপে বন্ধ ‌ৰাখিবলৈ আহ্বান জনাই এক সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

উক্ত কাৰ্যসূচী সৰ্বাত্মক ৰূপে সফল কৰিবলৈ পৰবৰ্তী সময়ত বিহালী আৰু বিশ্বনাথ চাৰিআলি অঞ্চলৰ সকলো ক্ষুদ্ৰ চাহ খেতিয়কৰ মাজত এক দ্ৰুত প্ৰচাৰ কাৰ্য্য সূচী গ্ৰহণ কৰা হ’ব ।
এই যুটীয়া বৈঠক খনত বিশ্বনাথ আঞ্চলিক সমিতিৰ সভাপতি সম্পাদকৰ লগতে বহু কেইজন বিষয়ববীয়া উপস্থিতি আছিল। আনহাতে এই বৈঠক ত বিহালী আঞ্চলিক ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তৰফৰ পৰা সভাপতি ৰাতুল দাসৰ লগতে সম্পাদক খগেন উপাধ্যায় , সহকাৰী সম্পাদক পুতুল দাস, আৰু উপ সভাপতি ডম্বৰু দাহাল উপস্থিত আছিল ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
35.7 ° C
35.7 °
35.7 °
22 %
9.3kmh
70 %
Mon
33 °
Tue
38 °
Wed
37 °
Thu
37 °
Fri
39 °

More like this

শিৱসাগৰত মানুহ কেৱল মানুহ !

নগৰ মাজমজিয়াত এই মানুহ ! যেন স্তব্ধ হৈ পৰিব যাতায়ত ব্যৱস্থা! কেমেৰাৰ লেঞ্চৰ বাহিৰত মানুহ কেৱল মানুহ! ♦১০৮...

ৰঙিয়াত ৰেল যাত্ৰী সেৱা বোৰ্ডৰ তিনি জনীয়া প্ৰতিনিধি দল...

    ৰঙিয়াত ৰেল যাত্ৰী সেৱা বোৰ্ডৰ তিনি জনীয়া প্ৰতিনিধি দল উপস্থিত,অসমীয়াৰ আতিথ্যত মুগ্ধ সংবাদদাতা ৰঙিয়া ২১অক্টোবৰ: উত্তৰ পূৰ্বাঞ্চলৰ ৰেলযাত্ৰী সকলৰ...

গোৱালপাৰাত জিলা পশুধন অভিযান সমিতিৰ ব্ৰইলাৰ কুকুৰাৰ পোৱালি বিতৰণঃ...

● গোৱালপাৰা জিলাৰ দুটা উন্নয়ণ খণ্ডত নতুন প্ৰযুক্তিৰে ব্ৰইলাৰ কুকুৰা পালনৰ বাবে জিলা পশুধন অভিযান সমিতিয়ে ৪৫...
Exit mobile version