21 C
Guwahati

অসম, মিজোৰামে নিজৰ বাহিনীক প্ৰত্যাহাৰ কৰিব; সমাধান নোহোৱালৈকে চিআৰপিএফৰ দায়িত্বত থাকিব: কেন্দ্ৰীয় চৰকাৰ

- Advertisement -

ডিজিটেল ডেস্কঃ অসম আৰু মিজোৰামে তেওঁলোকৰ নিজ নিজ আৰক্ষী বাহিনী প্ৰত্যাহাৰ কৰিব আৰু স্থায়ী সমাধান নোপোৱালৈকে বিতৰ্কিত সীমান্ত স্থানত কেন্দ্ৰীয় অৰ্ধসামৰিক সৈন্য মোতায়েন কৰা হ’ব। বুধবাৰে কেন্দ্ৰীয় গৃহ সচিবে সীমা বিবাদ হোৱা ৰাজ্য দুয়োখনৰ মাজত মধ্যস্থতা কৰিবলৈ আহ্বান জনোৱা এখন বৈঠকত এই সিদ্ধান্ত লোৱা হয়।

সোমবাৰে দুয়োপক্ষৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত আহ্বান কৰা গুৰুত্বপূৰ্ণ বৈঠকখনত কেন্দ্ৰীয় ৰিজাৰ্ভ আৰক্ষী বাহিনীৰ (চিআৰপিএফ) সঞ্চালক প্ৰধান কুলদ্বীপ সিঙৰ উপৰিও অসমৰ মুখ্য সম্পাদক জিষ্ণু বৰুৱা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্ত আৰু তেওঁলোকৰ মিজোৰামৰ সমকক্ষ লালনুনমাৱিয়া চুয়াউংগো আৰু এছবিকে সিঙে অংশগ্ৰহণ কৰে।

দুঘণ্টাতকৈও অধিক সময়ৰ আলোচনাৰ পিছত, দুয়োখন ৰাজ্যই এক নিৰপেক্ষ বাহিনী মোতায়েনৰ বাবে সন্মত হয়, সেয়েহে এজন জ্যেষ্ঠ বিষয়াৰ অধীনত ৰাষ্ট্ৰীয় ঘাইপথ-৩০৬ৰ কাষত এটা কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী নিয়োজিত কৰা হ’ব, গৃহ মন্ত্ৰালয়ৰ এজন বিষয়াই নাম প্ৰকাশ নকৰিবলৈ অনুৰোধ জনাই এনেদৰে উল্লেখ কৰে।

ইয়াৰোপৰি গৃহ মন্ত্ৰালয়ৰ বিষয়াজনে কয় যে, সময়ত দুয়োখন ৰাজ্যই তেওঁলোকৰ সকলো আৰক্ষী বিষয়াক উক্ত স্থানৰ পৰা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লয় আৰু “সীমান্ত সমস্যা সমাধানৰ হেতুকে পাৰস্পৰিক আলোচনা সমাধানৰ বাবে দুয়ো ৰাজ্যৰ মাজত আলোচনা অব্যাহত ৰাখিবলৈ সন্মত হয়”।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20.9 ° C
20.9 °
20.9 °
67 %
1.4kmh
29 %
Fri
21 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

Prime Minister Narendra Modi will visit Assam on 3rd...

● চলিত মাহৰ ৩ আৰু ৪ ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচী হাতত লৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰীয়ে...

আমেৰিকাত ক্ৰমাৎ বৃদ্ধি পাইছে অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা! বিশ্ব অৰ্থনীতি...

https://youtu.be/fzkhzix5iZw ♦ আমেৰিকা যুক্তৰাষ্ট্ৰত কোভিডৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱাৰ লগে লগে উদ্বেগ বৃদ্ধি পাইছে। ইফালে, বিশেষজ্ঞসকলে সতৰ্ক কৰি...

নলবাৰী জিলা সাহিত্য সভাৰ দেশভক্তি দিৱস পালন

♠ নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ২৮ জুলাইত দেশভক্ত তৰুণৰাম ফুকনৰ ৮২ সংখ্যক দেহাৱসান তিথি উপলক্ষে পৰম্পৰাগতভাৱে...
Exit mobile version