23 C
Guwahati

ইটাখোলা কেৰাণীপামত আঢ়ৈ বছৰীয়া দয়াজ্যোতি শইকীয়াক প্ৰয়োজন ৰাইজৰ সহায়ৰ হাত

- Advertisement -

◊ জামুগুৰিহাটৰ পৰা অনিল বৰা, অসম খবৰঃ চতিয়া সমষ্টিৰ অন্তৰ্গত উত্তৰ বৰভগীয়া গাঁও পঞ্চায়তৰ অধিনৰ ইটাখোলা কেৰাণীপাম নিবাসী বেনুধৰ শইকীয়া আৰু নয়নমনি দেবি শইকীয়াৰ আঢ়ৈ বছৰীয়া পুত্ৰ সন্তানটি দীৰ্ঘদিন ধৰি ৰোগাক্ৰান্ত হৈ থকাত দিন হাজিৰা কৰা দৰিদ্ৰ পৰিয়ালটি চিন্তিত হৈ পৰিছে৷ দয়াজ্যোতি শইকীয়া নামৰ পুত্ৰ সন্তানটিৰ জন্মৰ পিছৰে পৰা মূৰত দুখ পোৱাত বৰ্তমানলৈকে খোজ কাঢ়িব নোৱাৰাৰ লগতে ভালকৈ পোন হ’ব নোৱাৰা ৰোগৰ বাবে দুৰ্ভগীয়া দৰিদ্ৰ পৰিয়ালটিয়ে বহু সমস্যাত পৰিবলগীয়া হৈছে৷

দিন হাজিৰা কৰি পৰিয়াল ভৰণ-পোষন দিয়া বেনুধৰ শইকীয়াই দিন হাজিৰা কৰা লোকজনে কৰোনা মহামাৰীৰ বাবেই ঘৰতে বহি থাকিব লগা হৈছে৷ লগতে পুত্ৰ সন্তানটিৰ চিকিৎসা ব্যয় বহন কৰি আজি তিনি মাহতে সৰ্ব্বস্বান্ত হোৱাৰ কথা জনাইছে৷ সেয়েহে দৰিদ্ৰ পৰিয়ালটিৰ একমাত্ৰ পুত্ৰ সন্তানৰ চিকিৎসাৰ বাবে চৰকাৰৰ ওচৰত সহায় বিচাৰিছে দুই পিতৃ মাতৃয়ে৷ ইয়াৰ মাজতে কোনো সদাশয় লোকে আঢ়ৈ বছৰীয়া অবুজ শিশুটিৰ চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবলৈ ইচ্ছা কৰিলে ষ্টেট বেংকৰ মাতৃ নয়নমনি দেৱী হাজৰিকাৰ একাউন্ট নম্বৰ, 37018467892 IFSC CODE: SBIN0012972 নম্বৰত আৰ্থিক সাহাৰ্য্যৰে সহায় কৰিব পাৰিব৷ লগতে 6000489610/9101288466 নম্বৰত ফোনযোগে যোগাযোগ কৰিব পাৰিব বুলিও আমাক জানিবলৈ দিয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
25.5 ° C
25.5 °
25.5 °
47 %
1.8kmh
51 %
Thu
31 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

কাঁ চলচ্চিত্ৰ মহোৎসৱত FTII পুণেৰ ছাত্ৰৰ দ্বাৰা নিৰ্মিত চলচ্চিত্ৰ,...

ফিল্মছ এণ্ড টেলিভিছন ইনষ্টিটিউট অব ইণ্ডিয়া, এফ টি আই আই পুনেৰ এগৰাকী ছাত্ৰই নিৰ্মাণ কৰা এখন চলচ্চিত্রই...

অসম আৰক্ষীৰ নিযুক্তিৰ শাৰীৰিক পৰীক্ষাতো ব্যাপক অনিয়মৰ অভিযোগ

◊ এই অভিযোগ আমাৰ নহয় এই অভিযোগ উত্থাপিত কৰিছে ভুক্তভোগীয়ে৷ বিটিআৰ কোকৰাঝাৰ আৰু ধুবুৰী জিলাৰ সীমান্তৱৰ্তী পৰ্বতঝোৰাৰ...
Exit mobile version