32.2 C
Guwahati

প্ৰধানমন্ত্ৰী মোডীৰ ওপজা দিন, ২০ দিনীয়া জন্মোৎসৱৰ আজি প্ৰথমটো দিনত বৰ্ধিত টীকাকৰন কাৰ্য্যসূচী

- Advertisement -

■ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিন। প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে বিজেপি কৰ্মীসকলৰ মাজত দেখা গৈছে ব্যাপক উৎসাহ।

জন্মদিন উপলক্ষে ৰঙাপৰাত সৃষ্টি হৈছে উৎসৱ মুখৰ পৰিৱেশ। অন্যান্য প্ৰান্তৰ লগতে ৰঙাপৰাতো মোডীৰ জন্মদিন ২০ দিনীয়াকৈ পালন কৰিবলৈ সাজু হৈছে।ৰঙাপৰাত প্ৰধানমন্ত্ৰীৰ অনুৰাগী তথা বিজেপি কৰ্মীসকলে অঞ্চলটোৰ চাহ বাগিচা সমুহত ২০ দিনীয়া বৰ্ধিত টীকাকৰন কাৰ্যসূচী অনুষ্ঠিত কৰি প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উদযাপন কৰিছে।

এই ২০ দিনীয়া জন্ম উৎসৱ উপলক্ষে আজি বিজেপি কৰ্মী সকলে বাগিচা অঞ্চলত শ্ৰমিক ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰে আৰু কভিড প্ৰতিষেধক গ্ৰহণ নকৰা লোকসকলক প্ৰতিষেধক লবলৈ আহ্বান জনায়।

আজিৰ কাৰ্যসূচীত শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰেন,বিজেপি শোণিতপুৰ জিলা কাৰ্যনিৰ্বাহক সদস্য তথা ৰঙাপৰা নগৰ মণ্ডল অবিচি মৰ্চাৰ প্ৰভাৰী ৰানা ভাটিয়া, মণ্ডল সভাপতি দিপক তেলী আৰু বহু বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

আৰুণি কাশ্যপৰ নৱতম সৃষ্টিঃ এক আনুভূতিক ইতিহাস”মৰমৰ বাবা,

  তোক লৈ আশাবোৰ বাৰুকৈয়ে দ'মাইছোঁঃতই ভাল হ'বি, পৰীক্ষাত ভাল কৰি কটনত পঢ়িবি,ডাঙৰ আমোলা হৈ ঘৰলৈ যেতিয়া আহিবি...

চতিয়াৰ মাটিপাহাৰত প্ৰথম বাৰ্ষিক কৰম উৎসৱ আৰু ঝুমইৰ অনুষ্ঠান

♦ বিশ্বনাথৰ পৰা ৰমেশ চন্দ্ৰ চৰেণঃ চতিয়া উত্তৰে মাটিপাহাৰ সমন্বয় ৰক্ষী সমিতিৰ সৌজন্যত মাটিপাহাৰ খেল পথাৰত অনুষ্ঠিত...

বিধায়ক সুশান্তৰ বিজেপি গমণৰ প্ৰচাৰত অসন্তুষ্ট দলীয় কৰ্মীঃ নিৰ্বাচনত...

♦শিৱসাগৰ জিলাৰ থাওৰা সমষ্টিৰ কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোঁহায়ে দল ত্যাগ কৰি বিজেপিত যোগদানৰ প্ৰস্ততি চলোৱাৰ বাৰ্তাই বকতাৰ...
Exit mobile version