20 C
Guwahati

জশপুৰত দুৰ্গা পূজা দেৱী বিসৰ্জন সময়ত ভিৰৰ মাজত তীব্রবেগী বাহন, ১জন নিহত, ২০ জনৰো অধিক আহত

- Advertisement -

ছত্তীশগড়ঃ জশপুৰত দুৰ্গা পূজা দশমী দিনটোত এক শিহৰণকাৰী দুৰ্ঘটনাৰ খবৰ। দেৱী ‘বিসৰ্জন’ৰ সময়ত নিয়ন্ত্ৰণৰ বাহিৰত থকা এখন দ্ৰুতবেগী গাড়ী ভিৰৰ মাজৰে যোৱাৰ ফলত কমেও ২০ জন লোক আহত হয়।

ঘটনাটোত এজন ২১ বছৰীয়া যুৱকো নিহত হোৱাৰ খবৰ পোৱা গৈছে। জানিব পৰা মতে, দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখনত কিছু পৰিমাণৰ ‘গাঞ্জা’ উদ্ধাৰ কৰা হৈছে। সমগ্ৰ ঘটনাটোৰ এটা হৃদয় বিদাৰক ভিডিঅ’ সামাজিক মাধ্যমৰ দ্বাৰা পোহৰলৈ আহিছে। ছত্তীশগড়ৰ জছপুৰৰ পাথালগাওঁ বজাৰপাৰাত স্থাপিত মা দুৰ্গাৰ বিসৰ্জন শোভাযাত্ৰাৰ সময়ত এই দুৰ্ঘটনাটো সংঘটিত হয়। গাড়ীখন ১০০ ৰ পৰা ১২০ বেগত সুখৰাপাৰাৰ দিশত পলাই আহিছিল আৰু শোভাযাত্ৰাত জড়িত লোকসকলৰ গাৰ ওপৰেদি পাৰ হৈ যায়।

আহত লোকসকলক তাৎক্ষণিক চিকিৎসাৰ বাবে পাথালগাওঁৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয়। পাথালগাওঁৰ লোকসকলে ক্ষোভিত হৈ আৰক্ষী থানা ঘেৰাও কৰিছে। সেই সময়তে, কৰ্তব্যৰত আৰক্ষীক নিলম্বনৰ দাবীও কৰিছে। উত্তেজিত লোকসকলে দোষীৰ বিৰুদ্ধে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।
ইতিমধ্যে ঘটনা সংঘটিত কৰা অভিযুক্তক কাপু আৰক্ষী থানালৈ লৈ যোৱা হয়।

পাথালগাওঁ চহৰৰ মাজভাগত সংঘটিত এই শোকাৱহ দুৰ্ঘটনাক লোকসকল বৰ্তমান উত্তেজিত হৈ আছে। লোকসকলৰ অভিযোগ যে গাঞ্জাৰ দৰে চোৰাং ব্যৱসায় ঘটনাত য’ত স্থানীয় আৰক্ষীৰ জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে।

ইফালে জিলা উপায়ুক্ত ৰীতেশ আগৰৱালে কয় যে এইটো এটা দুখজনক ঘটনা আৰু প্ৰথম অগ্ৰাধিকাৰ দুৰ্ঘটনাত আহতসকলৰ সঠিক চিকিৎসা কৰা। তেওঁ জনসাধাৰণক শান্তি বজাই ৰাখিবলৈ আহ্বান জনাইছে, যি দোষী, তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

লগতে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে কয় যে, “অপৰাধীসকলক তাৎক্ষণিক গ্ৰেপ্তাৰ কৰা হৈছে। দোষী সাব্যস্ত হোৱা আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধেও প্ৰাথমিক পদক্ষেপ লোৱা হৈছে। এটা তদন্তৰ নিৰ্দেশ দিয়া হৈছে। এই ঘটনাত কাকো ৰেহাই দিয়া নহ’ব। সকলোৰে ন্যায় হ’ব। ঈশ্বৰে নিহতৰ বিদেহী আত্মাক শান্তি দিয়ক।”

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
scattered clouds
20 ° C
20 °
20 °
73 %
1.6kmh
44 %
Thu
20 °
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
SourceIndia TV

More like this

গোৱালপাৰা পূৱ বিধান সভা সমষ্টিত কংগ্ৰেছত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতঃ...

● কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ গোৱালপাৰা জিলা কংগ্ৰেছৰ ভিতৰ চ’ৰাত প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাতে তীব্ৰ ৰূপ...

চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন অভিলেখ

আহমেদাবাদস্থিত চৰ্দাৰ বল্লভভাই পেটেল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে আইচিচি ক্ৰিকেট বিশ্বকাপৰ ফাইনেলৰ দিনটোত এক নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে৷ এদিনতে...

প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ তৃতীয় পৰ্যায় মুকলি

সমগ্ৰ দেশৰ ৬০০ খন জিলাত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ তৃতীয় পৰ্যায় মুকলি কৰা হ’ব। দক্ষতা বিকাশ আৰু...
Exit mobile version