25.3 C
Guwahati

দুৰ্নীতিঃ ৰাকেশ কুমাৰ পালসহ ৩২ জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ন্যায়ালয়ৰ

- Advertisement -

অসম লোকসেৱা আয়োগৰ কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰত আজি বিশেষ ন্যায়াধীশৰ আদালতে অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ ৰাকেশ কুমাৰ পালসহ ৩২ জনৰ বিৰুদ্ধে শাস্তিৰ ৰায় ঘোষণা কৰে। সেই অনুসৰি আদালতে ৰাকেশ কুমাৰ পালক দুর্নীতি প্ৰতিৰোধ আইন আৰু ভাৰতীয় দণ্ডবিধিৰ ৪ টাকৈ গুৰুত্বপূৰ্ণ ধাৰাত দোষী সাব্যস্ত কৰি ১৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকাৰ জৰিমনা বিহিছে।

একেদৰে আয়োগৰ প্ৰাক্তন সদস্য চামেদুৰ ৰহমান আৰু বসন্ত কুমাৰ দলেক ১০ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ২ লাখ টকাকৈ জৰিমনা বিহিছে। আনহাতে বক্রপথেৰে চাকৰি লোৱাৰ অভিযোগত দোষী সাব্যস্ত হোৱা ২৯ জন কৃষি উন্নয়ন বিষয়াক ৪ বছৰকৈ কাৰাদণ্ড আৰু ১০ হাজাৰ টকাকৈ জৰিমনা বিহিছে। উল্লেখযোগ্য যে কৃষি উন্নয়ন বিষয়া নিযুক্তি কেলেংকাৰিৰ গোচৰত বিশেষ ন্যায়াধীশৰ আদালতে যোৱা ২২ জুলাইত ৰাকেশ কুমাৰ পালসহ ৩২ জনক দোষী সাব্যস্ত কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
23.2 ° C
23.2 °
23.2 °
73 %
1.2kmh
81 %
Tue
23 °
Wed
36 °
Thu
36 °
Fri
35 °
Sat
37 °

More like this

কোনো সঠিক উপস্থাপন অবিহনে জি-২০ সন্মিলনত কিয় বিহু নৃত্য...

● নতুন দিল্লীত জি-২০ সন্মিলনৰ দৰে গোলকীয় মঞ্চত বিহুক বিকৃত ৰূপত প্ৰদৰ্শন কৰাক লৈ সৃষ্টি হোৱা বিতৰ্কৰ...

অসমৰ ৪ জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইন(ASFPA)ৰ ম্যাদ...

♦ কেন্দ্ৰীয় চৰকাৰে অসমৰ ৪খন জিলাত সশস্ত্র বাহিনীৰ বিশেষ ক্ষমতা আইনৰ ম্যাদ ছমাহলৈ বৃদ্ধি কৰিছে। অহা ১...

ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজত অধ্যক্ষৰ বিৰুদ্ধে শিক্ষাৰ্থীৰ প্ৰতিবাদী কাৰ্যসূচী

মালিগাঁওঃ মালিগাঁও বৰিপাৰাস্থিত ৱেষ্ট গুৱাহাটী কমাৰ্চ কলেজৰ অধ্যক্ষই সময়মতে ছাত্ৰ একতা সভাৰ নিৰ্বাচন অনুষ্ঠিত নকৰাকে ধৰি বিভিন্ন...
Exit mobile version