29 C
Guwahati

ভুৱা একাউন্ট খুলি ধন হৰলুকি বিদ্যালয় প্ৰধানৰ। প্ৰধান শিক্ষক আতোৱাৰ ৰহমানৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ গ’ বেক, মূৰ্দাবাদ ধ্বনি।

- Advertisement -

ভুৱা একাউন্ট খুলি ধন হৰলুকি বিদ্যালয় প্ৰধানৰ। প্ৰধান শিক্ষক আতোৱাৰ ৰহমানৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ গ’ বেক, মূৰ্দাবাদ ধ্বনি।
৩০ জন ছাত্ৰ ছাত্ৰী নথকা বিদ্যালয়ত ৫৮ জনৰ নামত স্কলাৰশ্বিপ

চৰকাৰে সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ জলপানীৰ বাবে প্ৰতি বছৰে কৌটি কৌটি টকা ব্যয় কৰা পৰিলক্ষিত হৈছে। কিন্তু সেই জলপানীৰ কিমান শতাংশ লাভ কৰে ছাত্ৰ ছাত্ৰী সকলে। প্ৰকৃততে ছাত্ৰ ছাত্ৰীৰ জলপানীৰ নামত অহা ধন সমূহ একাংশ মধ্যভোগী আৰু বিদ্যালয় প্ৰধানৰ জেপত হে সোমায়। তাৰে জলন্ত উদাহৰণ স্বৰূপে বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম শিক্ষা খণ্ডৰ অন্তৰ্গত হাজী আজিমুদ্দিন মেমৰিয়েল মাদ্ৰাছাৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ জলপানীৰ নামত অহা ধন আত্মসাৎ কৰাৰ অভিযোগ প্ৰধান শিক্ষকৰ বিৰুদ্ধে । বিদ্যালয়ৰ মাদ্ৰাছা খনৰ প্ৰধান শিক্ষক আতোৱাৰ ৰহমানে ছাত্ৰ ছাত্ৰীৰ জলপানীৰ টকাৰ সোমোৱাই দিয়াৰ নামত বেংক একাউন্ট খুলিব লাগিব বুলি প্ৰতি জন ছাত্ৰ ছাত্ৰীৰ পৰা নথিপত্ৰ আৰু ১০০ টকা কৈ সংগ্ৰহ। কিন্তু সেই নথি পত্ৰৰে নিজৰ কৌশল প্ৰয়োগ কৰি নিজৰ ফিংগাৰ প্ৰিন্ট ব্যৱহাৰ কৰি জালিয়াতিৰে বেংক একাউন্ট খুলে।

ভুৱা একাউন্ট খুলি ধন হৰলুকি বিদ্যালয় প্ৰধানৰ। প্ৰধান শিক্ষক আতোৱাৰ ৰহমানৰ বিৰুদ্ধে ছাত্ৰ ছাত্ৰীৰ গ’ বেক, মূৰ্দাবাদ ধ্বনি

সেই একাউন্টত প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ নামত ১০৭০০ কৈ টকা চৰকাৰে দিয়ে। কিন্তু সেই টকা প্ৰকৃততে ছাত্ৰ ছাত্ৰীৰ একাউন্টত সোমাইছে যদি ফিংগাৰ প্ৰিন্ট কোনো ছাত্ৰ ছাত্ৰীয়ে দিয়া নাই আৰু কোনো একাউন্ট বুক ছাত্ৰ ছাত্ৰীক দিয়া হোৱা নাই। নিজৰ ফিংগাৰ প্ৰিন্ট ব্যৱহাৰ কৰাৰ বাবে টকা সমূহ নিজেই গ্ৰাহক সেৱা কেন্দ্ৰৰ কৰ্তৃপক্ষৰ লগত গোপন মিতিৰালি কৰি আত্মসাৎ কৰে। কিছুদিন পিছত ছাত্ৰ ছাত্ৰীয়ে টকা নোপোৱাত লাহে লাহে ৰহস্য ফাদিল হবলৈ ধৰে। সেই কথাৰ উমান পাই প্ৰধান শিক্ষকে ৩০০ হাজাৰ কৈ টকা ছাত্ৰ ছাত্ৰীক দিয়ে বুলি ছাত্ৰ ছাত্ৰী সকলে জানিব দিয়ে ।কিন্তু মন কৰিবলগীয়া কথা হল যে যি খন বিদ্যালয়ত ৩০ জন ছাত্ৰ ছাত্ৰী নাই সেই খন বিদ্যালয়ত কেনেকৈ ৫৮ জন ছাত্ৰ ছাত্ৰীৰ বাবে জলপানীৰ টকা সোমাব পাৰিলে সেয়াই হল ডাঙৰ কথা। ছাত্ৰ ছাত্ৰীৰ নামত ভূৱা একাউন্ট খুলি ধন হৰলুকি কৰাৰ অভিযোগ উত্থাপন কৰি ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয় চৌহদত প্ৰধান শিক্ষক গো বেক, মূৰ্দাবাদ ধ্বনি দিয়ে আৰু আমাৰ টকা লাগিবই বুলি চৰকাৰলৈ দাবী জনায়।

অভিযোগ মতে বিদ্যালয় খনত ভূৱা ছাত্ৰ ছাত্ৰীৰে একাউন্ট খুলি বহু পৰিমাণৰ টকা আত্মসাত কৰিছে লগতে মূল ছাত্ৰ ছাত্ৰীৰ নমতো ভূৱা বেংক একাউন্ট খুলি ধন আত্মাৎ কৰে । ছাত্ৰ ছাত্ৰীৰ পৰা বেংক একাউন্ট খুলি স্কলাৰশ্বিপ দিয়াৰ বাবে ১০০ কৈ টকা সংগ্ৰহ কৰিছিল যদিওঁ ছাত্ৰ ছাত্ৰীক এটিএম, পাছ বুক বা একাউন্টৰ কোনো প্ৰমাণ নিদিয়ে । বৰ্তমান অসমৰ বহু সংখ্যক বিদ্যালয়ত ছাত্ৰ বৃত্তিৰ নামত ব্যপক কেলেংকাৰী হোৱা বুলি জানিব পৰা গৈছে। দুখীয়া ছাত্ৰ ছাত্ৰীৰ ধন লুটি পুটি খোৱা এই মানুহ ৰূপি তেজপিয়া শিক্ষকৰ বিৰুদ্ধে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
25.1 ° C
25.1 °
25.1 °
53 %
3kmh
95 %
Tue
35 °
Wed
36 °
Thu
37 °
Fri
36 °
Sat
33 °

More like this

কৰ’নাৰ ভয়াৱহতাঃ বাতিল হ’ল ভেলাখামাৰ পূৱালী সংঘৰ ৰঙালী বিহু...

◊কৃষ্ণাইৰ পৰা কন্দৰ্প কুমাৰ দেৱ নাথঃ মহামাৰী কৰ’নাৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বাতিল কৰা হ’ল গোৱালপাৰা জিলাৰ...

প্ৰধানমন্ত্ৰী মোডীৰ ওপজা দিন, ২০ দিনীয়া জন্মোৎসৱৰ আজি প্ৰথমটো...

■ আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১ সংখ্যক জন্মদিন। প্ৰধানমন্ত্ৰী গৰাকীৰ জন্মদিন উপলক্ষে বিজেপি কৰ্মীসকলৰ মাজত দেখা গৈছে...

নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত বিষ্ণুপ্ৰসাদ ৰাভা দিৱস পালন

♦ নলবাৰী : বিষ্ণুপ্ৰসাদ ৰাভাৰ নামটো বহু বছৰ নোহোৱা হৈছিল । অসম আন্দোলনেহে তেওঁক অনন্য ৰূপত উলিয়াই...
Exit mobile version