34 C
Guwahati

ভাৰতীয় সেনা আবুল কাশেমৰ বিৰুদ্ধে নাৰী নিৰ্যাতন আৰু শিশু হত্যাৰ অভিযোগ

- Advertisement -

আজি ৰাতিপুৱা বঙাইগাঁও জিলাৰ বালাৰচৰ বানিজ্য বজাৰত ৰাস্তা অৱৰোধ কৰি এজন নাৰী নিৰ্যাতনকাৰী, সন্দেহজনক শিশুহত্যাকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ ৰাইজৰ। ভাৰতীয় সেনা জোৱান আবুল কাশেমক গ্ৰেপ্তাৰৰ দাবীত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সাধাৰণ ৰাইজে। উত্থাপিত অভিযোগ মতে আবুল কাশেমে যোৱা ২৪ জুন তাৰিখে এজন দেৱ শিশুক পানীত দলিয়াই দি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

নিজ পত্নীক তালাক দিয়াৰ চক্ৰান্ত কৰি পূৰ্বতে বহু বাৰ পত্নীক নিৰ্যাতন কৰাৰ লগতে পুত্ৰক হত্যা কৰাৰ চক্ৰান্ত কৰিছিল বুলি অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে বঙাইগাঁও জিলাৰ মেৰেৰচৰ আৰক্ষী থানাৰ অন্তৰ্গত বালাৰচৰ ৩য় খণ্ড গাৱঁৰ নশেৰ আলীৰ কন্যা মৰজিনা খাতুন (২৩) ক একে গাঁৱৰ মফিজ উদ্দিনৰ পুত্ৰ আবুল কাশেম আৰ্মিয়ে কেইবা বছৰ পূৰ্বে ডেৰ লক্ষ্যাধিক টকা যৌতুক লৈ বিয়া পাতিছিল বুলি পত্নীয়ে জানিবলৈ দিয়ে।

কিন্তু বিয়াৰ পিছৰে পৰা কাশেমে পত্নীক নিৰ্য্যাতন কৰিবলৈ ধৰে। শেষতীয়াকৈ নিজ পুত্ৰ মজিবুল হক (৩) ক পানীত পেলাই দি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে পত্নীৰ লগতে একাংশ ৰাইজে। ঘটনা সন্দৰ্ভত মেৰেৰচৰ আৰক্ষীয়ে তদন্ত কৰি আছে যদিওঁ তদন্তত সন্দেহ প্ৰকাশ কৰি পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে পত্নী পৰিয়ালৰ লগতে একাংশ ৰাইজে। বালাৰচৰ বাসীয়ে নাৰী নিৰ্যাতনকাৰী, শিশু হত্যাকাৰীক গ্ৰেপ্তাৰৰ দাবীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বঙাইগাওঁ জিলা আৰক্ষী অধীক্ষকক আহ্বান জনায়। ৰাস্তা অৱৰোধ কেই ঘন্টামান পিছতেই ডি এছ পি লুনা সোণোৱাল মেৰেৰচৰ আৰক্ষী লগত লৈ বালাৰচৰত উপস্থিত হৈ ৰাইজৰ লগতে পত্নী পৰিয়ালৰ লগত মত বিনিময় কৰে। ডি এছ পি সোণোৱালে জানিবলৈ দিয়া মতে ঘটনা সন্দৰ্ভত উচিত তদন্ত হ’ব আৰু মজিবুলৰ মৃত্যুৰ ৰহস্য ওলাই পৰিব। মৃত্যুৰ লগত যদি কোনোবাই জড়িত থাকে তাক আইনে উচিত শাস্তি প্ৰদান কৰিব। ডি এছ পি সোণোৱালৰ এনে পদক্ষেপক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
35.7 ° C
35.7 °
35.7 °
22 %
9.3kmh
70 %
Mon
33 °
Tue
38 °
Wed
37 °
Thu
37 °
Fri
39 °

More like this

জশপুৰত দুৰ্গা পূজা দেৱী বিসৰ্জন সময়ত ভিৰৰ মাজত তীব্রবেগী...

■ ছত্তীশগড়ঃ জশপুৰত দুৰ্গা পূজা দশমী দিনটোত এক শিহৰণকাৰী দুৰ্ঘটনাৰ খবৰ। দেৱী 'বিসৰ্জন'ৰ সময়ত নিয়ন্ত্ৰণৰ বাহিৰত থকা...

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ পদযাত্ৰা

■ ফইজুল হক চৌধুৰী, নলবাৰীঃ শনিবাৰে, সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত এক পদযাত্ৰা কাৰ্যসূচী ৰূপায়ন কৰে। ৰন্ধন...

মন্ত্ৰী ভবেশ কলিতাই একেটা দিনতে শুভাৰম্ভ কৰিলে কেবাটাও পথৰ

■ ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদঃ অসম চৰকাৰৰ জলসিঞ্চন (স্বতন্ত্ৰ) আৰু শিক্ষা বিভাগৰ ৰাজ্যিক মন্ত্ৰী তথা ৰঙিয়াৰ...
Exit mobile version