22 C
Guwahati

২০২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক টেট উত্তীৰ্ণ বঞ্চিত প্রার্থীক নিযুক্তিৰ দাবী, গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল

- Advertisement -

◊ সদৌ অসম উচ্চতৰ মাধ্যমিক টেট উত্তীৰ্ণ প্ৰাৰ্থী সকলৰ ভিতৰত ২০২১ চনত উত্তীৰ্ণ হোৱাৰ পাছতো যিসকলে নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে তেওঁলোকক শীঘ্ৰে নিযুক্তিৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে বঞ্চিত প্ৰাৰ্থী সকলে। উল্লেখযোগ্য যে আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল আয়োজন কৰে বঞ্চিত প্ৰাৰ্থী সকলৰ হৈ নৃপেন বৰ্মন, অৰিন্দম শৰ্মা, শিল্পীশিখা ভূঞা, জৰদি চৌধুৰীয়ে। তেওঁলোকে কয় যে ২০২১ চনত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক টেটত অবতীৰ্ণ প্ৰায় ২৪ হাজাৰ প্ৰাৰ্থীৰ ভিতৰত ২,৯০০ জন প্ৰাৰ্থী উৰ্ত্তীণ হৈছিল আৰু পৰৱৰ্তী সময়ত দুটা পৰ্যায়ত ১,৭০০ জনক নিযুক্তি দিয়ে চৰকাৰে।

ইয়াৰ পাছতো এই পৰ্যন্ত ১,২০০ জন প্ৰাৰ্থী নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে। অথচ দুটা পৰ্যায়ত মুঠ ৩,৯৪৪ টা পদৰ বিজ্ঞাপন প্ৰকাশ হৈছিল। যদিও প্রকৃততে ১৭০০মান প্রার্থীয়ে হে নিযুক্তি লাভ কৰে ফলত এতিয়াও ১২০০ মান প্রার্থী নিযুক্তিৰ পৰা বঞ্চিত হৈ আছে। নিযুক্তি বঞ্চিত এইসকল প্রার্থীক অতি সোনকালে বিজ্ঞাপন প্রকাশ কৰি নিযুক্তি দিয়াৰ বাবে চৰকাৰক অনুৰোধ জনাই তেওঁলোকে।

অন্যহাতে নিযুক্তিৰ পৰা বঞ্চিত প্রার্থী সকলৰ ভিতৰত প্ৰায়খিনিয়ে অন্যান্য পিছপৰা শ্ৰেণী (OBC) আৰু সাধাৰণ শ্ৰেণীৰ। ইপিনে প্ৰাৰ্থীৰ বিপৰীতে বিজ্ঞাপনত উক্ত শ্ৰেণীৰ পদৰ সংখ্যা যথেষ্ট কম থকা বাবে এই দুটা শ্ৰেণীৰ প্ৰাৰ্থীখিনি বঞ্চিত হব লগা হৈছে দাবী উত্থাপন কৰে টেট উৰ্ত্তীণ প্ৰাৰ্থী সকলে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
23.7 ° C
23.7 °
23.7 °
55 %
2.9kmh
75 %
Thu
24 °
Fri
31 °
Sat
34 °
Sun
36 °
Mon
39 °

More like this

সোণপৰুৱা শিশু-সমাজ কল্যাণ পৰিষদৰবাৰ্ষিক অধিৱেশন

গুৱাহাটীঃ সোণপৰুৱা শিশু আৰু সমাজ কল্যাণ পৰিষদৰ চতুৰ্থ বার্ষিক অধিৱেশন খনি দেওবাৰে দিনজোৰা কাৰ্যসূচীৰে চান্দমাৰিৰ পেঞ্চনাৰ ভৱনত...

দীপৰ বিলৰ মাছ সংৰক্ষণৰ বাবে দীপৰ বিল পাছপাৰা সমবায়...

আজাৰাঃ গুৱাহাটীৰ পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা দীপৰ বিলৰ আন এটা সুনাম আছে। সেই...

অসম ডন বস্কো বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ’ব বিকশিত ভাৰত@২০৪৭ ৰ...

♦ গুৱাহাটীঃ ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোডীয়ে উল্লেখ কৰা দৃষ্টিভংগীক বাস্তৱায়িত কৰাৰ উদ্দেশ্যেৰে আৰু ভাৰত চৰকাৰৰ শিক্ষা...
Exit mobile version