26 C
Guwahati

“কুঁহিপাঠ”- আজি সন্ধিয়া ৬.৩০ প্ৰিমিয়াৰ শ্ব’- ৪৬ সংখ্যক মস্কো আন্তঃ ৰাষ্ট্ৰীয় ছবি মহোৎসৱত অংশ গ্ৰহণেৰে প্ৰদৰ্শিত হৈ বিশেষ সন্মান লাভ

- Advertisement -

“কুঁহিপাঠ” শিশু শিক্ষাৰ ক্ষেত্ৰত প্ৰথম খোজ। মনবীয়তাৰ মাজেৰে মানুহ হ’বলৈ প্ৰথম শিক্ষাৰ আদিপাঠেই হৈছে কুঁহিপাঠ। এই কুঁহিপাঠ নামেৰে নিৰ্মাণ কৰা হৈছে অসমৰ দক্ষিণ কামৰূপ কথন শৈলিৰে এখন পূৰ্ণ দৈঘ্য অসমীয়া কথাছবি।


দক্ষিণ কামৰূপ কলহী নৈ খনৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন যাত্ৰা কৰা এগৰাকী সাধাৰণ মাছৰীয়াৰ জীৱন যাত্ৰাৰ মাজেৰে প্ৰকৃতি সংৰক্ষণ, শিশু শিক্ষা, সমাজৰ অৱক্ষয় আৰু এই অৱক্ষয়ৰ মাজেৰেই মানৱতাক প্ৰতিষ্ঠা কৰাৰ প্ৰয়াসেই ছবিখনৰ এক ক্ষুদ্ৰ প্ৰয়াস।

ইতিমধ্যে ছবিখনে ৪৬ সংখ্যক মস্কো আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত অংশ গ্ৰহণ কৰি প্ৰদৰ্শিত হৈ বিশেষ সন্মান কঢ়িয়াবলৈ সক্ষম হৈছে। “কুহিপাঠ” ছবিখনৰ পৰিকল্পনা, পৰিচালনা, কাহিনী, চিত্ৰনাট্য আৰু সংলাপ পৰিবেশ কলা মাধ্যমৰ অতিকৈ পৰিচিত শ্ৰী প্ৰশান্ত কলিতাৰ, যাৰ পূৰ্ণ দৈৰ্ঘ্যৰ চলচিত্র নির্মাণ ক্ষেত্ৰত প্ৰথম খোজ।

প্রযোজক শ্ৰী নৱ বৰদলৈ, অসম অভিযান্ত্ৰিক বিদ্যালয়ৰ ১৯৮৮ চনৰ স্নাতক আৰু গুৱাহীটী পৌৰ নিগমৰ জেষ্ঠ অভিযন্ত্ৰা। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে যতীন্দ্ৰ নাথ খনিকৰ আৰু অনুৰূপা ডেকা ৰাজাই। শিশু শিল্পী নিহাৰ কাশ্যপ, চানিদুল ইচলাম আমিক আলীৰ লগতে বিশেষ চৰিত্ৰত অভিনয় কৰিছে ভাৰ্গৱ কটকী, ডাঃ বিজিত দেৱ চৌধুৰী, ৰীনা চৌধুৰী, পূৰ্ণেশ্বৰ দাস, তপন দাস, মঞ্চৰূপা দাস, নমিতা দাস, বুবুল দাস, পবিত্র দাসকে ধৰি ভালে কেইজন ন-পুৰণি শিল্পীয়ে।


‘গতি’ৰ বেনাৰত নিৰ্মাণ এইখন প্ৰথম পূৰ্ণ দৈৰ্ঘৰ চলচ্চিত্ৰ।
“কুহিপাঠ” নিৰ্মাণৰ ক্ষেত্ৰত ৰত্ন দেউৰী আৰী, দিপক শৰ্মা, কুল কমল ৰয়কে ধৰি ভালে কেইজন ব্যক্তি জড়িত হৈ আছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
27 ° C
27 °
27 °
29 %
3.3kmh
70 %
Wed
26 °
Thu
34 °
Fri
32 °
Sat
34 °
Sun
35 °

More like this

জুবিন গাৰ্গৰ সংগীতানুষ্ঠানে মুহিলে হাজাৰ হাজাৰ দৰ্শককঃ বজালী য়ুথ...

আজি উকীল সন্থাৰ উদ্যোগত সুধাকন্ঠৰ মৃত্যুবাৰ্ষিকীঃ সমস্বৰে ২০০ গৰাকী...

গুৱাহাটীঃ বিগত বছৰৰ দৰে এইবেলিও উকীল সন্থা, গুৱাহাটীৰ উদ্যোগত সন্থাৰ কাৰ্যালয়ৰ চৌহদত ৫ নৱেম্বৰত ড০ সুধাকণ্ঠ ভূপেন...

Guwahati Airport : 🛫আদানী গ্রুপৰ হাতলৈ গ’ল লোকপ্ৰিয় গোপীনাথ...

■ ✈️ আদানী গ্ৰুপৰ হাতলৈ গ'ল লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ, মাজনিশা ঢোল-পেঁপা বজাই হস্তান্তৰ দায়িত্ব বৰঝাৰস্থিত লোকপ্ৰিয়...