23 C
Guwahati

অসম চাইক্লিং সন্থাৰ উদ্যোগত খেলুৱৈক সম্বৰ্ধনা

- Advertisement -

সোণাপুৰ টেপেচিয়াস্থিত এল.এন.আই.পি.ই ৰ অমিয় কুমাৰ প্ৰেক্ষাগৃহত তামিলনাডুৰ চেন্নাইত অনুষ্ঠিত হৈ যোৱা ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং চেম্পিয়নশ্বিপ ২০২৪ত চাইক্লিংত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা চাৰি গৰাকীকৈ খেলুৱৈক আজি সম্বৰ্ধনা জনায় অসম চাইক্লিং সন্থাই।

অসম চৰকাৰৰ ক্ৰীড়া সঞ্চালক প্ৰদীপ তিমুং, ছাইৰ সহকাৰী সঞ্চালক সম্ভু যাদৱ, ছাইৰ মুখ্য প্ৰশিক্ষক নৰেন্দ্ৰ সিং, সহকাৰী প্ৰশিক্ষক মাইয়ং পেটেল অসম চাইক্লিং সন্থাৰ সাধাৰণ সম্পাদক ড° তপন দাসকে প্ৰমুখ্যে কৰি কেইবাজনো ক্ৰীড়াৰ সৈতে জড়িত ব্যক্তিৰ উপস্থিতিত ৰাষ্ট্ৰীয় ট্ৰেক চাইক্লিং প্ৰতিযোগিতাত পদক অৰ্জন কৰা খেলুৱৈ দেৱী চাবুকধৰা, টিংকল গগৈ, বিস্মিতা শৰ্মা, ৰূপজ্যোতি কটকীক সম্বৰ্ধনা জনোৱা হয়।

অসম চাইক্লিং সন্থাৰ যুটীয়া সম্পাদক দিব্যজ্যোতি ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানটোত উৰিষ্যাত হবলগীয়া ৰোড চাইক্লিং প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলগীয়া খেলুৱৈ সকলক অভিনন্দন জনোৱা হয়। চমু অনুষ্ঠানটোত উপস্থিত থকা বিশিষ্ট ব্যক্তি সকলে খেলুৱৈ সকলক উৎসাহ প্ৰদান কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
26 ° C
26 °
26 °
28 %
0.8kmh
21 %
Wed
31 °
Thu
34 °
Fri
33 °
Sat
34 °
Sun
35 °

More like this

দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান

১২ এপ্ৰিলত তিনিচুকীয়াৰ টিংৰাইত অংশ ল'ব নিৰ্বাচনী সভাত ১৩ এপ্ৰিলত বিশ্বনাথ চাৰিআলিত ভগৱন্ত মানৰ ৰোড শ্ব' গুৱাহাটী,...

বিলাসী সুৰাত মাতাল ৰাজকন্যা বৰুৱা গ্ৰেপ্তাৰ হ’ব নেকি ?

  ডিজিটেল ডেস্ক অসম খবৰ ৫ অক্টোবৰ: গুৱাহাটীৰ ৰুক্মিনী গাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ৯ জনকৈ শ্ৰমিকক মহতীয়াই নিয়া...

দেওবাৰে ১১,৫৯৯ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া বিভিন্ন উন্নয়নমূলক...

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে ১১,৫৯৯ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন...