
কবিতা কি? কবিতা কল্পনা আৰু আৱেগৰ পথেৰে লাভ কৰা উপলব্ধিৰ ৰূপায়ন। কবিতাৰ অৰ্থ হৈছে – ক মানে কথা, বি মানে বিশেষ আৰু তা মানে তাৎপৰ্য অৰ্থাৎ কথা কোৱাৰ বিশেষ তাৎপৰ্যই হৈছে কবিতা।কবিতা সাহিত্যৰ এটা প্ৰধান শাখা। কবিতা সম্ভৱত সাহিত্যৰ আদিমতম শাখা। কবি হৃদয় নিহিত ভাৱৰ ছন্দোবদ্ধ আৰু লিখিত প্ৰকাশকে কবিতা বুলি কোৱা হয়। কবিতা হ’ল ধ্বনি সুষমাৰ লগত ভাৱৰ সমন্বিত প্ৰকাশ।
কবিতাৰ ইতিহাস- অনুমান কৰা হৈছে যে, আদি কবি বাল্মীকিৰ হাততেই এই পূণ্যভূমি ভাৰতবৰ্ষতেই পোণ প্ৰথমে কবিতাৰ জন্ম হৈছে। ক্ৰৌঞ্চ বিয়োগজনিত শোকেই আপোনা আপুনি বাল্মীকিৰ মুখৰ পৰা শ্লোকৰূপে উচ্চাৰিত হৈছিল। সহচৰী বিয়োগকাতৰ ক্ৰৌঞ্চৰ বেদনাত কবি চিত্তত বেদনাৰ সঞ্চাৰ হয়। এই বেদনাৰ পৰাই সহমা পৰিপূৰ্ণ বাণীসংগীত প্ৰকাশ হৈ অপূৰ্ব ছন্দত কবি কন্ঠত উচ্চাৰিত হ’ল।
“মা নিষাদ প্ৰতিষ্ঠাং ত্বমগমঃ শাশ্বত সমাঃ।
যৎক্ৰৌঞ্চমিথুনাদেকমবধীঃ কামমোহিতম। ।”
আদি কবি বাল্মীকিয়ে ৰামায়ণ খ্ৰীষ্টপূৰ্ব পাঁচৰ পৰা এক শতিকাৰ সময়ছোৱাত ৰচনা কৰিছিল। কবিতাৰো ভাৰতবৰ্ষ সেই সময়ছোৱাতে জন্ম হৈছিল।
সাহিত্যৰ যিমান বিলাক শাখা আছে তাৰ ভিতৰত একমাত্ৰ কবিতাহে সকলোতকৈ জটিল আৰু ৰহস্যময়। আদিকবি বাল্মীকিৰ” মা নিষাদং প্ৰতিষ্ঠাং ত্বমগম শাশ্বত সমাঃ” পৰা আৰম্ভণি হোৱা স্বতঃস্ফুত শ্লোকৰ অনুভূতি প্ৰকাশেই আছিল প্ৰথম ছন্দোবদ্ধ কবিতা। ব্ৰক্ষ্মা আৰু নাৰদৰ অনুৰোধত বাল্মীকিয়ে শ্লোকবোৰ কৈ গৈছিল আৰু গনেশে লিখি গৈছিল। এইদৰে ৰচিত হৈছিল মহাকাব্য ৰামায়ণ। বাল্মীকিৰ মূল ৰামায়ণত মুঠ ২৩০০০ টা শ্লোক আৰু উত্তৰাকাণ্ডকে ধৰি ৭ টা কাণ্ড আছিল আৰু ৫০০ সৰ্গত ভগোৱা হৈছে। ৰামায়ণত ৰামৰ জীৱন কাহিনী আৰু পত্নী সীতাক লংকাৰ ৰাক্ষস ৰজা ৰাৱণে হৰণ কৰাৰ পিছত যুদ্ধৰ বৰ্ণনা আছে। বিষয়বস্তুৰ পৰা চাবলৈ গ’লে ই প্ৰকৃততে মানৱৰ অস্তিত্বৰ এক বিশেষ দৃষ্টিকোণ আৰু ধৰ্ম, অধৰ্মৰ বিৱৰণ।ৰামায়ণৰ শ্লোকসমূহ ৩২ টা শদাংশৰ অনুস্তভ ঠাঁচত লিখা হৈছিল। ইয়াৰ পৰৱৰ্তী কালৰ সংস্কৃতিত ৰামায়ণৰ প্ৰভাৱ সুস্পষ্ট। মহাকাব্য মহাভাৰতৰ দৰেই ইয়াৰ কাহিনীও অসাধাৰণ। প্ৰাচীন হিন্দু, সাধুসকলৰ বাণী দাৰ্শনিক আৰু ধাৰ্মিক তত্বৰ আলামত বৰ্ণনা কৰা হৈছিল। ৰাম, সীতা, লক্ষণ, হনুমান, ৰাৱণ আদি চৰিত্ৰসমূহ ভাৰতীয় সংস্কৃতিক সচেতনতাৰ ভেটিস্বৰূপ। এই মহাকাব্য ৰচিত সময়ছোৱাত কবিতাৰ ধাৰ্মিক বা Classic period বুলি কোৱা হয়।
প্ৰাচ্যৰ পণ্ডিতসকলৰ বহুতে কবিতাৰ আত্ম বিচাৰি বহু সিদ্ধান্তত উপনিত হৈ বস্তুধৰ্মী সংক্ষিপ্ত সংজ্ঞা নিদেৰ্শৰ কথা পাহৰি গৈছে। প্ৰাচ্যৰ দুজন কবি ভমহ আৰু বিশ্বনাথ কবিৰাজৰ কবিতাতহে কবিতাৰ সংজ্ঞাক সূত্ৰ আকাৰত পোৱা যায়। কাব্যলংকাৰ প্ৰণেতা ভামহৰ মতে “শব্দাযৌ সহিতৌ কাব্যম”, অৰ্থাৎ শব্দ আৰু অৰ্থৰ যুগল বসতিয়েই কবিতা। বিশ্বনাথ কবিৰাজে তেওঁৰ “সাহিত্য দৰ্পণ” নামৰ গ্ৰন্থত কবিতাৰ সংজ্ঞা এইদৰে দিছে – – “বাক্যং ৰসাত্মকং কাব্যম” অৰ্থাৎ ৰসময় বাক্যই কবিতা।
পাশ্চাত্য কবি জনচনৰ মতে কবিতা হ’ল “ছন্দোবদ্ধ ৰচনা।”ৱৰ্ডচৱৰ্থৰ মতে” নিৰলাত সোঁৱৰা হিয়াৰ আৱেগেই কবিতা।” অন্য এটা সংজ্ঞাত তেওঁ কৈছে – – “উপচি উঠি আপোনা আপুনি পাৰ বাগৰি যোৱা আৱেগৰ ঢলেই কবিতা।” মেথিউ আৰ্নল্ডৰ মতে – -” কবিতা হ’ল জীৱন বীক্ষা।” ক’লেৰিজৰ মতে – – “উৎকৃষ্টতম শব্দপুঞ্জৰ উৎকৃষ্টতম বিণ্যাসেই কবিতা। “,” The best possible words in the best possible order. ”
কবিৰ হৃদয়ত দোলা দিয়া বিশেষ অনুভুতিযে যেতিয়া ছন্দ ৰীতিৰে সজ্জিত হৈ প্ৰকাশৰ বাট বিচাৰি পায়, তেতিয়াই জন্ম হয় এটি কবিতাৰ। অসমীয়া কবিতা ৰচিত হৈছিল আজিৰ পৰা প্ৰায় ৫৪০ বছৰ আগতে পঞ্চদশ শতিকাৰ মাজভাগৰ পিছৰ পৰাই। মহাপুৰষ শ্ৰীমন্ত শংকৰদেৱে বিদ্যাশিক্ষা আৰম্ভ কৰিয়েই কেৱল স্বৰ্ণমালা শিকিয়েই – –
“কৰতল কমল কমল দল নয়ন।
ভৱদৱ দহন গহন বন শয়ন।।” এই কবিতাটো মহাপুৰুষজনাই ১২ বছৰ বয়সত ৰচনা কৰিছিল। অতি সুন্দৰ ছন্দোবদ্ধ আৰু ভক্তি বিষয়ক কবিতা। এই বৈষ্ণৱ যুগতে মহাপুৰুষ মাধৱ দেৱ, ৰামচৰণ ঠাকুৰ, দামোদৰদেৱ, গোলাপ আতা, গোলাপ আতাৰ জীয়াৰী বৈষ্ণৱ যুগৰ প্ৰথম মহিলা কবি আই পদ্মপ্ৰিয়াৰ কবিতাসমূহ ভক্তিৰস পূৰ্ণ আৰু তত্বগধুৰ আছিল।
ইয়াৰ পিছত অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ বাবে ১৮৮৮ চনৰ ২৫ আগষ্টত “অসমীয়া ভাষা উন্নতি সাধিনী সভা” প্ৰতিষ্ঠা কৰে। এই সভাৰ স’তে জৰিত ব্যক্তিসকল হ’ ল লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰ কুমাৰ আগৰৱালা, বেনুধৰ ৰাজখোৱা, ডালিম চন্দ্ৰ বৰা, তীৰ্থনাথ শৰ্মা, কমল চন্দ্ৰ শৰ্মা আদি। ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত পোণ প্ৰথমবাৰৰ বাবে চন্দ্ৰ কুমাৰ আগৰৱালাদেৱৰ সম্পাদনাত “জোনাকী” আলোচনী কলিকতাৰ পৰা প্ৰকাশ পায়।জোনাকীৰ মাধ্যমেৰে পোনপ্ৰথম বাৰৰ বাবে পশ্চিমীয়া সাহিত্যৰ আৰ্হিৰে অসমীয়া সাহিত্যৰ বিভিন্ন দিশ উন্মোচিত হৈ উঠে। জোনাকী আছিল “অসমীয়া ভাষা উন্নতি সাধনী সভা” ৰ মুখপত্ৰ। ইয়াৰ দ্বিতীয় সম্পাদক আছিল হেমচন্দ্ৰ গোস্বামী। জোনাকীৰ পাততে চন্দ্ৰ কুমাৰ আগৰৱালাদেৱে প্ৰথম ৰোমাণ্টিক কবিতা “বন কুঁৱৰী” হেমচন্দ্ৰ গোস্বামীদেৱৰ প্ৰথম অসমীয়া চনেট “প্ৰিয়তমাৰ চিঠি” প্ৰকাশ পায়। লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ” লিতিকাই “প্ৰহসনৰ মাধ্যমেৰে প্ৰথম সাহিত্যৰ সৃষ্টি। তাৰ পিছত “কৃপাবৰ বৰুৱাৰ কাকতৰ টোপোলা” শিতান আৰম্ভ কৰিছিল। ১৮৮৯ চনৰ পৰা ১৯০৩ চনলৈকে এই যুগক অসমীয়া সাহিত্যৰ জোনাকী যুগ বোলে।
আধুনিক সময়ত কলা – সংস্কৃতি, সাহিত্য – সংস্কৃতিৰ পৰা আৰম্ভ কৰি সাহিত্যৰ বাৰে – ৰহনীয়া জগতলৈকে পৰিবৰ্তনৰ ঢৌ বলিছে। এই ঢৌৱে কবিতাৰ জগতখনত নতুন নতুন ৰীতি তথা আংগিক উপাদানৰ প্ৰবেশ ঘটিছে। বৈচিত্ৰপূৰ্ণ হৈ পৰা এই কবিতা জগতখনত সৃষ্টি হৈছে – – লিমাৰিক, পেৰডি, ননচেন্স ৰাইম আৰু জাপানী হাইকুলৈকে ন ন উপবিভাগ। এই মূল বৈশিষ্ট্যসমূহেৰে আধুনিক কালত কবিতাক সামগ্ৰিক ভাৱে সাতটা মূলত ভাগ কৰিব পাৰি।
(১)মহাকাব্যঃ—মহাকাব্য হ’ল এক ধৰণৰ বস্তুনিষ্ঠ কবিতা।গুৰু – গম্ভীৰ ৰচনা ৰীতি, অলংকাৰ অভিজাত্য আৰু ৰসৰ আস্বাদেৰে কবিয়ে এই মহাকাব্য ৰচনা কৰিছিল। ইয়াৰ মূল কাহিনীভাগ মূলত পৌৰাণিক বা ঐতিহাসিক হয়। শৃংগাৰ, শান্তৰস বা বীৰৰসেৰে লিখা।
(২) মালিতা ঃ–প্ৰাচীন কালত পশ্চিমৰ চহা লোকসকলৰ মুখৰ পৰা ওলাই অহালমৌলিক ৰচনা, যাক কোৱা হয় বেলাড। এই বেলাডকে অসমীয়া নামাকৰণ মালিতা বা গাঁথা। ইয়াৰ মাজেদি কোনো অজ্ঞাত বা প্ৰতিভাসম্পন্ন প্ৰাণৰ কাহিনী কল্পনাৰে প্ৰকাশ পায়। উদাহৰণ স্বৰূপে ফুল কোঁৱৰৰ গীত, জনাগাভৰুৰ গীত। মালিতাৰ প্ৰকাশ ভংগী সহজ আৰু বাক্যৰীতিত বিস্তৃত বিৱৰণ।
(৩)গীতি-কবিতা ঃ—কবিৰ আৱেগ – অনুভূতিৰ গীতিময় প্ৰকাশেই হ’ল গীতি কবিতা। সৰল আৰু জটিল দুই ধৰণৰ ভাবৰ মাজতে গীতিকবিতা ৰচিত হয়।
(৪)চনেট ঃ—ইটালিয়ান কবি ফ্ৰেন্সিচক’ পিট্ৰাৰ্কৰ সৃষ্টি হ’ল চনেট। ইয়াৰ প্ৰথমিক বৈশিষ্ট্য হ’ ল ইয়াৰ ছন্দৰূপ। সাধাৰণতে ১৪ টা আখৰযুক্ত ১৪ টা পংক্তিত ইয়াৰ ভাব বিস্তাৰিত। চনেটত ভাব সংবেদনশীল হয় আৰু ভাষা পোনপটীয়া হয়। অসমীয়া প্ৰথম চনেট কবি হেমচন্দ্ৰ গোস্বামীদেৱৰ “প্ৰিয়তমাৰ চিঠি”
“সৌন্দৰ্য্যৰ বুকুত কাঁচলি উদঙাই
প্ৰকৃতিৰ ছোঁ ঘৰ চালোঁ পিতপিত
কুকুৰা ঠেঙীয়া এই আখৰকিটিত।”
(৫)ইলিজীঃ–কাব্যজগতৰ শোকৰ কবিতাসমূহ এই শ্ৰেণীত পৰে। ইলিজী দুখেৰে সিক্ত। ইয়াৰ ৰচনা ৰীতি অভিজাত আৰু গুৰু গম্ভীৰ। ইয়াত ছন্দৰীতিৰ প্ৰাসংগিকতা নাই।
(৬)পেৰডি, লিমাৰিক, ননচেন্স ৰাইম, হাইকু আদি ঃ–এইবোৰ হৈছে কবিতাৰ একো একোটা সৰু বিভাগ। ইয়াত ছন্দৰ লগতে শব্দৰ উচ্চাৰণ ৰীতি মূল।
(৭)কথা-কবিতা ঃ–পৃথিৱীৰ বহুত কম সংখ্যক দেশৰ সাহিত্যজগতত পোৱা আধুনিক সময়ৰ এক অতিকে জনপ্ৰিয় কবিতা হ’ল কথা-কবিতা। ইয়াৰ প্ৰধান বৈশিষ্ট্য হ’ল ইয়াত কম শব্দতে বিষয়ৰ আভাস দিয়া। অসমীয়া কথা কবিতাৰ বাট কটকটীয়া কৰা যতীন্দ্ৰ নাথ দুৱৰা আৰু ৰঘুনাথ চৌধাৰী। পৰবৰ্তী কালত হীৰেন ভট্টাচাৰ্যদেৱৰ নাম ল’ব লাগিব। কথা কবিতাসমূহ নীতিযুক্ত, তত্বধৰ্মী, কাহিনীমূলক, ৰহস্যধৰ্মী আৰু ৰূপকাত্মক ।
কবিতা হৈছে গণ সংযোগ মাধ্যম, সেয়েহে কবিতাত পোৱা যায় সমাজ ব্যৱস্থা, শোষক, শাষিত অৱস্থান, প্ৰেম, ইতিহাস, দায়িত্ব, বিশ্বাসযোগ্যতা ইত্যাদিক সঠিক ৰূপত প্ৰকাশ বা দাঙি ধৰাৰ প্ৰয়াস। অৰ্থাৎ এটা কাৰিকৰী প্ৰক্ৰিয়া, যেনে–উপাদান বা input.। ছপা মাধ্যম বা বৈদ্যুতিন মাধ্যম, পদ্ধতি, উপন্যাস, কবিতা, গল্প ইত্যাদি, কাৰ্য্য কৰ্তা, কবি, লিখক, মূল্যাংকন, পাঠক, কবি প্ৰেমী এই ধৰণৰ এটা প্ৰক্ৰিয়াৰ দ্বাৰা কবি আৰু পাঠক ওতঃপ্ৰোত ভাৱে জড়িত। কবিৰ এটি সৃষ্টিয়ে সময়ত ইতিহাসৰ সৃষ্টি কৰে। আৰু এই ইতিহাসৰ পম খেদিয়েই নতুন প্ৰজন্মই সাহিত্যজগতখনত বিচৰণ কৰে।
কবিতা হ’ল এক প্ৰকাৰৰ ইতিহাস। যদি আমাৰ অতীতে আমাৰ বৰ্তমান নিৰ্ণয কৰিব পাৰে, আমাৰ বৰ্তমানে আমাৰ ভৱিষ্যতো নিৰ্ণয় কৰিব পাৰে। ঠিক এনে ধ্যান ধাৰণাৰে কবিতাই অতীতৰ পৰা বৰ্তমান জুৰি, বৰ্তমানৰ পৰা সুদূৰ ভৱিষ্যত জুৰি বহুতো জীৱন্ত ঘটনা পুঞ্জীৰ সাক্ষ্য বহন কৰি আহিছে। এৰিষ্টটলৰ মতে – – “কবিতা হ’ল এনে এক বস্তু, যি ইতিহাস সাহিত্যতকৈয়ো অধিক ভবোদ্দীপক আৰু শ্ৰেষ্ঠত্বৰ।” গতিকে এই মূলটো অনুকৰণৰ দায়িত্ব আমাৰ সকলো কবিৰে নিশ্ছয়কৈ আছে।
কবিতা ভালপাওঁ, কবিসকল যিহেতু মোৰ আদৰ্শৰ, কবিসকলে আমাৰ বাবেহে কবিতা লিখিছে। গতিকে আমাৰো তেখেত সকলৰ প্ৰতি অনুৰূপ কাৰ্য্য কৰাৰ বাঞ্চনীয়। কবিসকলৰ প্ৰধান দায়িত্ব হৈছে পাঠকসকলক মনোৰঞ্জন দিয়াতো। সেয়ে কবিসকলে ব্যাকৰণিত শুদ্ধতা, দুৰ্বোধ্যতা, শব্দ গাঁথনিৰ দ্বাৰা গভীৰতা সৃষ্টি, পৰ্দাৰ ব্যৱস্থা আৰু মূল্যাংকনৰ সমস্যা, সঁহাৰি আদি কথাকেইটালৈ মনোযোগ দিব লাগে।
(১) ব্যাকৰণিক শুদ্ধতা ঃ—কবিসকলে কেতিয়াবা উদ্দেশ্য প্ৰণোদিত ভাৱে নিয়ম ভঙ্গ কৰি নতুন নিয়মৰ প্ৰচলনৰ আপ্ৰাণ চেষ্টা কৰে। অতিমাত্ৰা আংগিক প্ৰয়োগেৰে ব্যাকৰণিক শুদ্ধতা অবিহনে কবিতাসমূহ কেতিয়াবা দুৰ্বোধ্য হৈ পৰে। এনে কবিতা পাঠকৰ বোধগম্য নোহোৱাৰ বাবে কবিতাই পাঠকৰ আদৰ পাবলৈ সক্ষম নহয়।
(২)দুৰ্বোধ্যতা ঃ–১৮ শ শতিকাৰ ৰুচ কবি পুচকিনৰ পৰা আৰম্ভ কৰিসকুৰি শতিকালৈকে ঐতিহাসিক পটভূমিত বিভিন্ন ৰাজনৈতিক, সামাজিক প্ৰয়োজনত বহু কেইজন প্ৰখ্যাত কবিয়ে কিছু জটিল শব্দ ব্যৱহাৰে জটিল পদ্ধতিৰে আধুনিক কবিতাক এক নতুন ৰূপ দিয়ে। কিন্তু এই কবিতাসমূহৰ সাৰ্বজনীন অৰ্থ উদ্ধাৰৰ অভাৱত বিভিন্ন জনৰ বিভিন্ন মত দেখা যায়। কবিতাত শব্দৰ প্ৰয়োগ পদ্ধতিৰ ওপৰত কবিতাটোৰ ভাব, অনুভৱ কৰাত অতিকে নিৰ্ভৰ কৰে। গতিকে কেৱল শব্দ কিছুমান আগগুৰি নোহোৱাকৈ দিলেই কবিতা নহয়। কবিতা এক বৃহত্তৰ কথা আৰু এই কথাৰ আধাৰ কেৱল কিছুমান শব্দৰ সমাহাৰেই নহয়, ই তাতোকৈ বহু বেছি কিবা। গতিকে কবি আৰু পাঠকৰ মাজৰ সেঁতু ডাল মজবুত কৰাৰ দায়িত্ব কবিসকলৰ।
(৩) শব্দ গাঁথনিঃ–কবিয়ে শব্দ আৰু শব্দৰ গাঁঠনিৰ দ্বাৰা গভীৰতাৰ সৃষ্টি কৰি এক ৰহস্যঘন চিত্ৰ প্ৰস্তুত কৰিব পাৰিব লাগিব। কাহিনী বা ৰূপ উপলব্ধি কৰিলে যি সুৰ আৰু অস্বস্তি অনুভৱ হয় সিয়েই কবিৰ লিখনিত কবিতা হৈ পৰে আৰু আমি সেই কবিতাৰ গভীৰতাত একাত্ম হৈ পৰোঁ।
(৪)পৰ্দাৰ ব্যৱস্থা ঃ–অতীজৰে পৰা কবিতাসমূহত পৰ্দাৰ ব্যৱস্থাৰ প্ৰচলন আছে। ই কবিতাক গল্প, উপন্যাস আদিৰ পৰা এক পৃথক সাহিত্য ৰূপে স্বীকৃতি দিয়ে। পৰ্দাৰ ব্যৱস্থাৰ কঠোব ব্যৱহাৰে কবিতা আৰু পাঠকৰ সৰ্ম্পকত কেতিয়াবা প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে।
(৫)মূল্যাংকন (Feedback) ঃ–কবিতাৰ দ্বাৰা কবিৰ ব্যক্তিত্ব লগত পাঠকৰ পৰিচয় হয়। কবিয়ে কথাৰে ব্যক্তিত্ব প্ৰকাশ কৰিব নোৱাৰিলে লিখনিৰ দ্বাৰা ব্যক্তিত্বৰ প্ৰকাশ ঘটায়। পাঠকে ইয়াৰ সঠিক মূল্যায়ন কৰি কবিতাৰ লগতে কবিৰ ব্যক্তিত্বকো স্বীকৃতি দিয়ে।
কবিৰ এটা সৃষ্টিয়ে সময়ত ইতিহাসৰ সৃষ্টি কৰে। আৰু সেই ইতিহাসৰ পম খেদিয়েই নতুন প্ৰজন্মই সাহিত্য জগত খনত বিচৰণ কৰিব পাৰিব।