23 C
Guwahati

দিশপুৰ সমজিলাত পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচীঃ যানবাহনৰ নথিপত্ৰ বিষয়ক কেইবা শতাধিক সমস্যাৰ সমাধান

- Advertisement -

গুৱাহাটীঃ দিশপুৰ সমজিলাৰ কাৰ্যালয় চৌহদত আজি অনুষ্ঠিত হয় কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ “ৰাইজৰ সেৱা ৰাইজৰ পদূলিত” কাৰ্যসূচী। আজি পুৱাৰ ভাগত সমজিলাৰ কাৰ্যালয় চৌহদত বন্তি প্ৰজ্বলনেৰে পৰিবহণ বিভাগৰ এই ব্যতিক্ৰমী কাৰ্যসূচী মুকলি কৰে দিশপুৰ সমজিলাৰ আয়ুক্ত মনজিত বৰকাকতিয়ে ৷

সমজিলাৰ আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসঙ্গত পৰিবহণ বিভাগৰ এই জনসেৱা কাৰ্যসূচীয়ে যানবাহনৰ নথিপত্ৰসমূহ সঠিক কৰাকে ধৰি পথ সুৰক্ষাৰ ক্ষেত্ৰত যানবাহন ব্যৱহাৰকাৰীক অধিক দায়বদ্ধ আৰু সজাগ কৰিব বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰে। উল্লেখে যে পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাস আজি এই সেৱা কাৰ্যসূচীত উপস্থিত থাকি যানবাহনৰ নথিপত্ৰ বিষয়ক বিভিন্ন সমস্যা সমাধানৰ বাবে আহি সমবেত হোৱা প্ৰায় প্ৰতিগৰাকী ব্যক্তিৰ ভিন ভিন সমস্যা সন্দৰ্ভত অৱগত হৈ সেইসমূহ পাৰ্যমানে থিতাতে সমাধানৰ ব্যৱস্থা কৰে।

তেওঁ আনকি যানবাহন ব্যবহাৰকাৰী সকলৰ নথিপত্ৰ বিষয়ক ওজৰ আপত্তি নিষ্পত্তি কৰাৰ লগতে নথিপত্ৰসমূহৰ উন্নীতকৰণৰ কপীসমূহ লগেলগে হাতত তুলি দিয়ে। তেওঁ সকলোকে কয় যে সঠিক নথিপত্ৰসমূহ বাহন এখনৰ প্ৰাণস্বৰূপ৷ সেয়ে সঠিক নথিপত্ৰসম্বলিত বৈধ বাহনহে পথত চলাচলৰ উপযোগী বুলি বিবেচিত কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়।

উল্লেখ্য যে পৰিবহণৰ এইগৰাকী উচ্চপদস্থ বিষয়াৰ তত্বাৱধানত আৰু যানবাহন পৰিদৰ্শক অচিন্ত্য সেনৰ নেতৃত্বত আজি যানবাহনৰ নথিপত্ৰ বিষয়ক কেইবা শতাধিক সমস্যাৰ থিতাতে সমাধান কৰা হয়৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
26 ° C
26 °
26 °
28 %
0.8kmh
21 %
Wed
31 °
Thu
34 °
Fri
33 °
Sat
34 °
Sun
35 °

More like this

ৰাজ্যৰ প্ৰথম মহিলা পাইলট ধীৰা চলিহা হাজৰিকাক সম্বৰ্দ্ধনা

■ অসমৰ মহিলা অভিযন্তাসকলৰ একমাত্ৰ আৰু উমৈহতীয়া সংগঠন “অসম মহিলা অভিযন্তা সংস্থা (Women Engineer Forum of Assam...

বিশ্বনাথ জিলা কাৰাগাৰত ৭২তম বন মহোৎসৱ পালনঃ গছ থাকিলেহে মানুহ...

◊ ১ জুলাইৰে পৰা সমগ্ৰ ৰাজ্যত আৰম্ভ হোৱা ৭২ তম বন মহোৎসৱ আজি সামৰণি পৰে।  এই অনুষ্ঠানৰ...

সংগঠিত ৰূপত আত্মপ্ৰকাশ অসমৰ ডিজিটেল সংবাদ মাধ্যমৰ; গঠন হ’ল...

♦অসমৰ ডিজিটেল সংবাদ মাধ্যমৰ সুৰক্ষা আৰু ভৱিষ্যত সন্দৰ্ভত এখন সভা আজি গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত হয়। জ্যেষ্ঠ...