26 C
Guwahati

ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছেঃ মুখ্যমন্ত্ৰী

- Advertisement -

অসম বিধানসভাত আজি ২০২৪-২৫ বৰ্ষৰ সাধাৰণ বাজেটক লৈ আলোচনা অনুষ্ঠিত হয়। আলোচনাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, যে ৰাজ্যখনৰ মূলধনী ব্যয় বৰ্তমান যথেষ্ট বৃদ্ধি হৈছে। ২০১৫-১৬ বৰ্ষত এই ব্যয় ২ হাজাৰ ৯৫১ কোটি আছিল বুলি উল্লেখ কৰি তেওঁ কয়, যে ২০২৪-২৫ বৰ্ষত এই পৰিমাণ ২৪ হাজাৰ ৯৬৪ কোটি টকালৈ বৃদ্ধি হৈছে। ইয়াৰ ফলস্বৰূপে ৰাজ্যখন মূলধনী ব্যয়ৰ ক্ষেত্ৰত দেশৰ আগশাৰীৰ ৰাজ্যসমূহৰ ভিতৰত এখন অন্যতম ৰাজ্য হ’বলৈ সাজু হৈছে বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। তেওঁ দেশৰ বৰ্তমান সামগ্ৰিক বিকাশৰ হাৰ ৯ শতাংশৰ তুলনাত অসমৰ বিকাশৰ হাৰ ১৪ৰ পৰা ১৫ শতাংশ বুলি উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ ধবজাবাহী আঁচনি অৰুণোদয়ৰ জৰিয়তে তৃণমূল পৰ্যায়ত অৰ্থনীতিৰ বিকাশ ঘটিছে বুলি উল্লেখ কৰি কয় যে দেশৰ প্ৰায় ৫ খন ৰাজ্যই অৰুণোদয় আঁচনিৰ দ্বাৰা অনুপ্ৰাণিত হৈ এনেধৰণৰ আঁচনি ৰূপায়ণ কৰিছে। ৰাজ্যৰ ১৭টা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান বর্তমান সময়ত লাভজনক পৰ্যায়ত আছে আৰু এই প্ৰতিষ্ঠানসমূহে সামূহিক মুঠ সম্পদত প্রায় ৪০ হাজাৰ কোটি টকাৰ অৰিহনা যোগাইছে। ৰাজ্য চৰকাৰে মহানগৰৰ সংখ্যা বৃদ্ধি কৰাৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড় জিলাক অসমৰ দ্বিতীয়খন ৰাজধানী হিচাপে গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা প্ৰকাশ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
27 ° C
27 °
27 °
29 %
3.3kmh
70 %
Wed
26 °
Thu
34 °
Fri
32 °
Sat
34 °
Sun
35 °

More like this

হাৰিয়ানাত অনুষ্ঠিত ৰাষ্ট্ৰীয় একতা শিবিৰলৈ ৰঙাপৰা-বিশ্বনাথ মহাবিদ্যালয়ৰ প্ৰতিনিধি

■ হাৰিয়ানাৰ হিচাৰৰ চৌধুৰী চৰন সিং কৃষি বিশ্ববিদ্যালয়ত ১৬ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰ লৈকে অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয়...

সুকান্তি ৰাম হৰিজন , সানোৱা আৰু সম্প্ৰীতি

সুকান্তি ৰাম হৰিজন , সানোৱা আৰু সম্প্ৰীতি ~~~~~~~~~~~~~~ ফখৰুদ্দিন আহমেদ স্বাধীনতাৰ পুৰ্ব কাল। প্ৰায় ১৯৩২ চন মানত বিহাৰৰ দ্বাৰভাঙ্গা জিলাৰ...

অসম উন্নতি সভা আৰু অসম সেনাৰ ৰঙিয়া আঞ্চলিক সমিতি...

■ ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ উদ্যাগত ঐতিহ্য মণ্ডিত ৰঙিয়া কৃষক শ্বহীদ ভৱনত অসম উন্নতি সভা আৰু অসম...