■ ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ উদ্যাগত ঐতিহ্য মণ্ডিত ৰঙিয়া কৃষক শ্বহীদ ভৱনত অসম উন্নতি সভা আৰু অসম সেনাৰ ৰঙিয়া আঞ্চলিক সমিতি খন গঠন কৰা হয়।ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ সভাপতি জয়ন্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মৃন্ময় কুমাৰ ডেকাই উদ্যশ্য ব্যাখ্যা কৰে।
সদৌ অসম ছাত্র সন্থাৰ নবনির্বাচিত কাৰ্য্যালয় সম্পাদক নিৰোদ কুমাৰ দাসক ৰঙিয়া আঞ্চলিক ছাত্র সন্থাই সম্বৰ্দ্ধনা জনাই।উক্ত সভাখন উদ্বোধন কৰি সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ উপদেষ্টা হেমন্ত দাসে কয় যে অসমৰ উন্নয়নৰ স্বাৰ্থত,অৰ্থনৈতিক ভাৱে ছাত্র সমাজক আগবঢ়াই নিয়াৰ বাবে সমিতি দুখনে অনাগত দিনত কাম কৰি যাব।
উক্ত অনুষ্ঠানত উপস্থিত থাকি সদৌ অসম ছাত্র সন্থাৰ কাৰ্য্যালয় সম্পাদক নিৰোদ কুমাৰ দাসে কয় যে অসমৰ বিভিন্ন প্ৰান্তত থকা প্ৰাক্তন ছাত্র নেতা আৰু কৰ্মী সকলক লৈ অসম উন্নতি সভা আৰু অসম সেনাৰ সমিতি সমূহ গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।প্ৰাক্তন ছাত্র নেতা আৰু কৰ্মী সকলক একগোট কৰি সমাজৰ উন্নয়নৰ লগতে অৰ্থ নৈতিক সংগ্রাম খন আগবঢ়াই নিয়াৰ লগতে ছাত্র সন্থাৰ কৰ্মী সকলক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত অসম উন্নতি সভা আৰু অসম সেনাই নিষ্ঠাৰে কৰ্ম সম্পাদন কৰি যাব বুলি তেওঁ বক্তব্য প্ৰদান কৰে।
সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ সাঃ সম্পাদক পংকজ কলিতা,প্ৰাক্তন সভাপতি দিবাকৰ কলিতা,প্ৰাক্তন ছাত্র নেতা দিপক দাস,ডম্বৰু কলিতা,সঞ্জীব কলিতা,মুকুল বৰা,মোহন মাধৱ বৰ্মন,লিখন শৰ্মাই বক্তব্য ৰাখে।
উক্ত অনুষ্ঠানত উপস্থিত থাকে জিলা ছাত্র সন্থাৰ সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমান,কাৰ্য্যনিৰ্বাহ সদস্য বুবুল আলি। আনহাতে ডম্বৰু কলিতাক সভাপতি,প্ৰকাশ ডেকাক সাঃ সম্পাদক হিচাপে লৈ অসম উন্নতি সভাৰ ৰঙিয়া আঞ্চলিক সমিতি খন গঠন কৰাৰ লগতে নাজিৰ হুছেইন, চিৰাজুল ইছলামক মুখ্য আহ্বায়ক, কামালুৰ জামান,ধ্ৰুৱজ্যোতি কলিতা, দিগন্ত কলিতা, সুৰজিৎ পাল, মৃদুল কুমাৰক আহ্বায়ক হিচাপে লৈ অসম সেনাৰ ৰঙিয়া আঞ্চলিক সমিতি খন গঠন কৰা হয়।