♦ ৰঙিয়াৰ ঐতিহ্যমণ্ডিত হৰদত্ত-বীৰদত্ত ভৱনত চহৰখনৰ অগ্ৰণী শিক্ষানুষ্ঠান ইউক্লিড গ্ৰুপে শুভাৰম্ভ কৰে মেডিকেল, ইঞ্জিনীয়াৰিং আৰু প্ৰশাসনিক পৰীক্ষাসমূহৰ বাবে কোচিংৰ৷ ব্ৰাইট কোচিংৰ অধীনত ব্ৰাইট চুপাৰ-৪০ নামেৰে মেডিকেল আৰু ইঞ্জিনীয়াৰিঙৰ কোচিং আৰু অশোকা আই এ এছ একাডেমিৰ সহযোগত ইউ পি এছ চি, এ পি এছ চি, বেংকিং, ৰে’লৱেৰ লগতে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণৰ শুভাৰম্ভ কৰি ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এনে পদক্ষেপৰ শলাগ লৈ নতুন শিক্ষা নীতিৰ বিষয়ে অবগত কৰায়।
উক্ত অনুষ্ঠানৰ আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ৰঙিয়া মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ দ্বিজেন্দ্ৰ নাথ ডেকাই৷ আদৰণি ভাষণ আগবঢ়ায় গ্ৰুপৰ অধ্যক্ষ উজ্জ্বল ডেকাই৷ অনুষ্ঠানত উপস্থিত থাকি খাৰুৱা বক্তব্য দাঙি ধৰে ৰঙিয়া মহাবিদ্যালয়ৰ ৰাসায়ন বিভাগৰ অধ্যাপিকা গিতিমনি ডেকাই, কমলপুৰ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ নজৰুল ইছলাম, গ্ৰুপৰ প্ৰতিষ্ঠাপক অধ্যক্ষ প্ৰমোদ ডেকা, ম’তিভেটৰ ৰঞ্জন কুমাৰ বৰুৱা আৰু অশোকা আই এ এছ একাডেমিৰ মুখ্য বিষয়া ঋষভ প্ৰতিক আৰু হানী ভূঞা৷ অভিনেত্ৰী মল্লিকা শৰ্মাই আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে শুভাকাংক্ষী প্ৰশিক্ষক হিতেন্দ্ৰ শৰ্মা, কবি হেমন্ত কলিতা, আৰিমত্ত উঃমাঃ বিদ্যালয়ৰ অধ্যক্ষ নয়নজ্যোতি দাস, যোগাচাৰ্য জ্যোতিষ কলিতা, জনপ্ৰিয় যুৱনেতা কৰেন্দ্ৰ কলিতা, অধিবক্তা অচ্যুত কলিতা আৰু গুলফাম চাৰ৷
এই মঞ্চতে গ্ৰুপে আয়োজন কৰা নামনি অসমৰ প্ৰথম প্ৰতিভা বিকাশৰ পৰীক্ষাৰ পোন্ধৰ গৰাকী স্থান প্ৰাপকক নগদ ধন(৭০০০০ প্ৰথম) গামোছা, জাপি প্ৰমাণপত্ৰ আৰু এজোপাকৈ গছপুলিৰে সন্মানিত কৰে৷ মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীৰ দ্বাৰা পৰিবেশন কৰা সমবেত সংগীতে সকলোকে মুগ্ধ কৰাৰ লগতে সুন্দৰ সাংস্কৃতিক অনুষ্ঠানো আগবাঢ়ায়৷ অনুষ্ঠানৰ লগত সংগতি ৰাখি অধ্যক্ষ ৰেকিব আহমেদে ইউক্লিডৰ যাত্ৰাৰ পৰা ছাত্ৰছাত্ৰীৰ সাফল্যলৈ সকলো বিৱৰি এই বৰ্ষৰ পৰা ইউক্লিড একাডেমি নামেৰে নতুন কলা আৰু বানিজ্য শাখাৰ শুভাৰম্ভ হয় বুলি ঘোষণা কৰে। শেষত অভিনেত্ৰী ভ্ৰান্তি মেধিৰ নৃত্য আৰু মিচ মমিৰ গীতৰ তালে তালে সকলোৱে নাচি বাগি সাংস্কৃতিক অনুষ্ঠানেৰে উক্ত অনুষ্ঠানৰ সুন্দৰ সামৰণি পৰে৷