19 C
Guwahati

অসম অসামৰিক বিষয়া বিভাস মেধিক প্ৰহাৰৰ ঘটনাক লৈ ৰঙিয়া মহকুমাত প্ৰতিবাদ 

- Advertisement -

সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰাণজিৎ লহকৰে দক্ষিণ শালমাৰা-মানকাচৰৰ নিৰ্বাচনী বিষয়া বিভাস মেধিক প্ৰহাৰ কৰাৰ ঘটনাক কেন্দ্ৰ কৰি  ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ শাস্তি বিচাৰি আজি ৰঙিয়াত মহকুমাধিপতি কাৰ্যালয়ৰ সন্মুখত ৰঙিয়া মহকুমাৰ অসম অসামৰিক বিষয়া সন্থাই প্ৰতিবাদ সাব্যস্ত কৰে। ইতিমধ্যে ৰঙিয়া মহকুমাৰ মহকুমাধিপতি কাৰ্য্যালয়ৰ সন্মুখত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিৎ লহকৰক গ্ৰেপ্তাৰ কৰক, প্ৰাণজিৎ লহকৰক নিলম্বিত কৰক, বিভাস মেধিক ন্যায় দিয়ক, আমি বিভাস মেধিৰ লগত আছো আদি শ্লোগান লিখা প্লে’ কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে।

আনহাতে ৰঙিয়া মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত জাৱীৰ ৰাহুল সুৰেশৰ জৰিয়তে ৰাজ্য চৰকাৰৰ মুখ্য সচিব, গৃহ আৰু ৰাজনৈতিক বিভাগৰ অধ্যক্ষ সচিব, আৰক্ষী সঞ্চালক প্ৰধান, মুখ্যমন্ত্ৰীৰ সচিব প্ৰধান, ৰাজ্যিক আৰক্ষী লেখানুদান বিভাগৰ অধ্যক্ষ আৰু অসম মানৱ অধিকাৰ আয়োগৰ সচিবলৈকে উপযুক্ত ন্যায় বিচাৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰে। আজিৰ প্ৰতিবাদী কাৰ্যসূচীত ৰঙিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া লীনা কুমাৰী পাৱে, মহকুমাৰ সহকাৰী আয়ুক্ত চম্পক ডেকা, অম্লান বৈশ্য, মহকুমা নিৰ্বাচন বিষয়া নীল হৰিৎ কৌশিক, সংলগ্ন ৰাজহ চক্ৰ বিষয়া অনন্যা চৌধুৰী, প্ৰমূখ্যে কেইবাগৰাকীও বিষয়াবৰ্গই ভাগ লয়।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

নওচেৰাত সৈনিকসকলৰ সৈতে দেৱালী উদযাপন মোডীৰ; শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন

■ গুৱাহাটীঃ দেৱালী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জম্মু-কাশ্মীৰ ভ্ৰমণ কৰি সৈনিকসকলক সৈতে সাক্ষাৎ কৰাৰ লগতে পোহৰৰ উৎসৱ...

বলবলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত নাম ভৰ্তিৰ নামত ধন সংগ্ৰহঃ...

♦ গোৱালপাৰা জিলাৰ বলবলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্রীৰ নেতৃত্বত নাম ভৰ্তিৰ বাবে ধন সংগ্ৰহ কৰাৰ অভিযোগ...

তামােলপুৰ, ভবানীপুৰত পদব্রজে গৃহ সম্পর্ক দিলীপ শইকীয়াৰঃ ধুমুহাৰ গতিৰে...

● গুৱাহাটীঃ পাঁচটা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'বলগীয়া উপ নির্বাচনৰ প্ৰচাৰ অভিযানত মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্বই ১৯ অক্টোবৰৰ...