19 C
Guwahati

ৰঙিয়াত মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা ১০ জনৰ উদ্ধাৰ

- Advertisement -

♦ বুধবাৰে নিশা ৰঙিয়া ৰেল ষ্টেচনৰ সমীপৰ টেটেলিগুৰীৰ পৰা আৰক্ষীয়ে এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা এগৰাকী অন্ধ্ৰপ্ৰদেশৰ কিশোৰ আৰু এগৰাকী মহিলাসহ মুঠ ১০ গৰাকীকৈ শ্ৰমিক লোকক উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

আৰক্ষীয়ে জনোৱা মতে আটাইকেইজনকে এটা ঘৰত আৱদ্ধ কৰি থৈছিল সৰবৰাহকাৰীয়ে। আনহাতে এইসকল শ্ৰমিকক ৰঙিয়াৰ বিভিন্ন কোম্পানীত কাম দিয়াৰ প্ৰলোভনেৰে লৈ অনা হৈছিল যদিও সৰবৰাহকাৰীয়ে গোপনে কাশ্মীৰলৈ নিয়াৰহে পৰিকল্পনা কৰিছিল।

ইয়াৰ লগত জড়িত মূল সৰবৰাহকাৰী চক্ৰটো আৰক্ষীৰ অভিযানৰ উমান পাই পলায়ন কৰে। উল্লেখ্য যে পূৰ্বেও কেবাবাৰো উক্ত অঞ্চলৰ পৰা আৰক্ষীয়ে মানৱ সৰবৰাহৰ ঘাটি উৎখাত কৰাৰ লগতে আটক কৰিছিল কেবাজনো সৰবৰাহকাৰীক। ইয়াৰ পিছতো পুনৰ মানৱ সৰবৰাহকাৰীৰ কৱলৰ পৰা দহ গৰাকীকৈ শ্ৰমিক উদ্ধাৰ হোৱা ঘটনাই যথেষ্ট তাৎপৰ্য বহন কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

ৰঙাপৰাত ৰঙাপৰা মহাবিদ্যালয়ৰ ৰাষ্ট্রীয় সেৱা আঁচনিৰ বিশেষ শিৱিৰ অনুষ্ঠিত

● ৰঙাপৰাঃ শোণিতপুৰ জিলাৰ ৰঙাপৰাত ৭ দিনীয়া কাৰ্যসূচীৰে ৰঙাপৰা মহাবিদ্যালয়ৰ ৰাষ্ট্রীয় সেৱা আঁচনিৰ এক বিশেষ শিৱিৰ অনুষ্ঠিত...

Let’s Flip Again: Skateboards Take Off For a New...

To understand the new smart watched and other pro devices of recent focus, we should look to...

পেট্ৰ’ল, ডিজেলৰ মূল্য ধাৰাবাহিক চতুৰ্থ দিনৰ বাবে বৃদ্ধি, গুৱাহাটীত...

নতুন দিল্লীঃ শনিবাৰে সমগ্ৰ দেশতে একেৰাহে চতুৰ্থ দিনৰ বাবে পেট্ৰ'ল আৰু ডিজেলৰ মূল্য বৃদ্ধি হয়। শনিবাৰৰ দিনটোত...