♦ৰঙিয়া মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ৰঙিয়া পৌৰসভা আৰু স্বেচ্ছাসেৱী সংস্থা ‘সাধনা’ৰ সহযোগত বৰলীয়া নদীখন স্বচ্ছ, নিকা আৰু পৰিষ্কাৰ কৰি ৰখাৰ উদ্দেশ্যে ‘স্বচ্ছ বৰলীয়া সেউজ ৰঙিয়া’ নামৰে এক অভিযানৰ শুভাৰম্ভণি কৰা হয়। ‘স্বচ্ছ বৰলীয়া সেউজ ৰঙিয়া’ অভিযানত ৰঙিয়া মহকুমা প্ৰশাসনক ৰঙিয়াবাসী ৰাইজে সহায় সহযোগিতা আগবঢ়াই নদীখন পেলনীয়া সামগ্ৰীমুক্ত স্বচ্ছ, নিকা কৰি ৰাখিবলৈ আহ্বান জনায়।
উক্ত কাৰ্যক্ৰমত ৰঙিয়া মহকুমাধিপতি জাবীৰ ৰাহুল সুৰেশ,ৰঙিয়া মহকুমা ৰাজহ চক্ৰ বিষয়া লীনা কুমাৰী পাওৱে,ৰঙিয়া পৌৰসভা নৱ নিৰ্বাচিত পৌৰপতি অমৰেন্দ্ৰ লহকৰ, উপ পৌৰপতি বিদ্যুৎ ডেকা,ৰঙিয়া স্বেচ্ছাসেৱী সংস্থা ‘সাধনা’ ৰ সম্পাদক জ্যোতিষ কলিতা, ৰঙিয়া পৌৰসভাৰ নৱ নিৰ্বাচিত ওৱাৰ্ড কমিছনাৰ সকল, ৰঙিয়া মহকুমা প্ৰশাসনৰ বিষয় ববীয়া সকল,ৰঙিয়া পৌৰসভাৰ কৰ্মচাৰী তথা বিষয় ববীয়া সকলৰ লগতে স্থানীয় সচেতন ৰাইজ উপস্থিত থাকে। আনহাতে স্থানীয় বিধায়ক ভবেশ কলিতাই ৰঙিয়াৰ বুকু জিপাল কৰি ৰখা বৰলীয়া নৈৰ দুয়োপাৰ পৰিস্কাৰ কৰি ভালদৰে সজাই পৰাই মূল্যবান গছ-গছনি ৰুই বৰলীয়া নৈৰ দুয়োপাৰে পুৱা- গধূলী ৱাকিং জ’ন হিচাপে গঢ়ি তোলাৰ এক পৰিকল্পনা হাতত লোৱা বুলি জনাই। তেওঁ লগতে মহকুমা প্ৰশাসনৰ এই প্ৰচেষ্টাৰ শলাগ লয়।