29 C
Guwahati

গুৱাহাটীত আৰম্ভ ৰবি শৰ্মা অভিনীত ‘মোক্ষ’ৰ দৃশ্যগ্ৰহণ

- Advertisement -

গুৱাহাটীঃ ছুপাৰষ্টাৰ ৰবি শৰ্মা অভিনীত বহুপ্ৰত্যাশিত অসমীয়া চলচ্চিত্ৰ ‘মোক্ষ’ৰ শুভ মহুৰত অলপতে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতিচিত্ৰবনত অনুষ্ঠিত হয়। এই একশ্যন থ্ৰিলাৰ ছবিখনত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা বলীউডৰ প্ৰবীণ অভিনেতা শৰৎ ছাক্সেনাও উক্ত অনুষ্ঠানত উপস্থিত থাকে।

ৰবি শৰ্মাৰ কাহিনীৰে নিৰ্মিত হ’বলৈ ওলোৱা মোক্ষ হৈছে ‘শ্ৰী ৰঘুপতি’ৰ পিছত তেখেতৰ দ্বিতীয়খন ছবি। অসম আৰু গুৱাহাটীকে ধৰি মেঘালয়, অৰুণাচল প্ৰদেশ তথা উত্তৰ বংগৰ বিভিন্ন স্থানত মিৰ্জা আৰিফ হাজৰিকাৰ দ্বাৰা পৰিচালিত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হ’ব।

https://www.facebook.com/Ravisarmaufc/videos/1284535279219721

এই উপলক্ষে ৰবি শৰ্মাই কয়, ‘শ্ৰী ৰঘুপতি’ৰ সময়ত বিনাচৰ্তে সহায় আগবঢ়োৱা আমাৰ ৰাজ্যৰ সমূহ শুভাকাংক্ষীক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত সময়ছোৱাৰ দৰে এইবাৰো ৰাইজে দলে-বলে আহি ছবিখনক নিজৰ বুলি মৰমেৰে আঁকোৱালি ল’ব বুলি মই নিশ্চিত।’

https://www.facebook.com/Ravisarmaufc/videos/948848620391011

অনুষ্ঠানটোত উপস্থিত থাকি পৰিচালক মিৰ্জা আৰিফ হাজৰিকাই কয়, ‘মই এছ.এইচ. প্ৰডাকচনৰ ওচৰত তেওঁলোকে দেখুওৱা বিশ্বাস আৰু আস্থাৰ বাবে কৃতজ্ঞ। লগতে, ছুপাৰষ্টাৰ ৰবি শৰ্মাই অতি বিশ্বাসেৰে বহু আগতে লিখা কাহিনীটোৰ কাম আগবঢ়াই নিয়াৰ দায়িত্ব মোৰ হাতত অৰ্পণ কৰা বাবে তেওঁক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। এয়া সঁচাকৈয়ে এক বৃহৎ দায়িত্ব। সকলোৰে মৰম আৰু সমৰ্থনত আমি অহা বছৰলৈ ৰাইজক এখন বিশেষ চলচ্চিত্ৰ উপহাৰ দিবলৈ সক্ষম হ’ম বুলি মই দৃঢ়বিশ্বাসী’।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
28.3 ° C
28.3 °
28.3 °
71 %
2.6kmh
100 %
Fri
28 °
Sat
35 °
Sun
33 °
Mon
25 °
Tue
28 °

More like this

বৰভাগ কালাগত বিহু নাচ আৰু বিহু লোকবাদ্যৰ সাতদিনীয়া কৰ্মশালাৰ...

কৰ্মশালাখনি শুভ উদ্বোধন সমাজকৰ্মী ভূপেন তালুকদাৰৰ ঘগ্ৰাপাৰ ফইজুল হক চৌধুৰীঃ নলবাৰী জিলাৰ বৰভাগ সংগীত মহাবিদ্যালয়ৰ উদ্যোগত আৰু...

IFFI গোৱাত পৰিচালক কেনি বসুমতাৰীৰ প্ৰথমখন বড়ো ছবি ‘বিবো...

গুৱাহাটী/কোকৰাঝাৰঃ শেহতীয়াকৈ গোৱাত অনুষ্ঠিত হোৱা ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত (IFFI) চলচ্চিত্ৰ নিৰ্মাতা কেনি বসুমতাৰীৰ প্ৰথমখন বড়ো ছবি...