26 C
Guwahati

‘জনাদেশ ২০২৪’ গুৱাহাটী চহৰত যান-বাহনৰ চলাচলত নীতি-নিৰ্দেশনা

- Advertisement -

অসম আৰক্ষীয়ে কাইলৈ ভোটগণনাৰ বাবে গুৱাহাটী মহানগৰীত যান-বাহনৰ চলাচলৰ কিছু নীতি-নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি ২৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত গধুৰ বয়-বস্তু পৰিবাহী যান-বাহনৰ চলাচল পুৱা ৪ বজাৰ পৰা ভোটগণনা শেষ নোহোৱা পৰ্যন্ত বন্ধ ঘোষণা কৰা হৈছে। একেদৰে গণনা কাৰ্য হ’বলগীয়া মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈ যান-বাহনৰ চলাচল নিয়ন্ত্ৰণৰ বাবে ৰাজীৱ গান্ধী পথটো ন’-পার্কিং জ’ন ঘোষণা কৰাৰ লগতে এই পথটোৰে যান-বাহন চলাচল নিয়ন্ত্ৰণ কৰা হৈছে। ইপিনে, মণিৰাম দেৱান ট্ৰেড চেণ্টাৰলৈ ইণ্ডিয়ান অইল ক’পৰেচন লিমিটেডৰ ফালৰ পৰা ছাৰ্ভিচ লেনেৰে কোনো যান-বাহন প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব। গড়চুকৰ দিশৰ পৰা অহা যান-বাহনসমূহো পোনপটীয়াকৈ মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰৰ সন্মুখেৰে নহাকৈ ফ্লাই অ’ভাৰ হৈ যাবলৈ নিৰ্দেশনাত উল্লেখ কৰিছে৷

#AkashvaniNews

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
27 ° C
27 °
27 °
29 %
3.3kmh
70 %
Wed
26 °
Thu
34 °
Fri
32 °
Sat
34 °
Sun
35 °

More like this

অসমীয়া-বঙালীৰ মাজত অসমত কোনাে সংঘাত নাই কংগ্ৰেছ বামপন্থীয়ে তৃতীয়...

“পাহাৰ-ভৈয়াম, বৰাক-ব্ৰহ্মপুত্র উপত্যকাক সামৰি গঠিত অসম ভূ-খণ্ডৰ মূল ভাষাই হ’ল অসমীয়া। সেয়েহে এই ভূ-খণ্ডৰ ভিতৰত অসমীয়া ভাষাৰ...

দেওবাৰে ১১,৫৯৯ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া বিভিন্ন উন্নয়নমূলক...

♦ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে ১১,৫৯৯ কোটি টকা ব্যয়সাপেক্ষে নির্মাণ হ'বলগীয়া বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন...

ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক অসমৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি

● প্ৰাক্তন লোকসভা সাংসদ ৰমেন ডেকাক ছত্তিশগড়ৰ নতুন ৰাজ্যপাল হিচাপে নিযুক্তি ● ছিকিমৰ ৰাজ্যপাল লক্ষ্মণপ্রসাদ আচাৰ্যক অসমৰ নতুন...