22 C
Guwahati

শিৱসাগৰত ‘ঠ’ আৰু ‘থ’ৰ তয়াময়া যুজঁঃ ‘ঠ’ আৰু ‘থ’ৰ যুঁজে গচকিলে দণ্ডাধীশৰ মজিয়া

- Advertisement -

এটা অঞ্চলৰ নামৰ বানানক লৈ এই যুজঁ
দুটা ফৈদত বিভক্ত অঞ্চলৰ ৰাইজ
বিমোৰত শিৱসাগৰ জিলা প্ৰশাসন
কাথপাৰ নে কাঠপাৰ?

শিৱসাগৰত সৃষ্টি হৈছে ‘ঠ’ আৰু ‘থ’ৰ তয়াময়া যুঁজ। এই যুঁজত সৃষ্টি হৈছে দুটা ফৈদৰ। শিৱসাগৰ জিলাৰ এখন ঠাইৰ নামৰ বানানক লৈ সৃষ্টি হোৱা এই মতানৈক্য দণ্ডাধীশৰ মজিয়া পালে। এতিয়া বিমোৰত পৰিছে দণ্ডাধীশ। কিয়নো ‘ঠ’ আৰু ‘থ’ৰ দুয়োটা ফৈদে দাখিল কৰিছে পৰ্যাপ্ত প্ৰমাণ। বুৰঞ্জীৰ পৰা আৰম্ভ কৰি বহু পুৰণি চৰকাৰী দলিল দাখিল কৰিছে দুয়োটা পক্ষই। গাওঁখন এতিয়া বিভাজিত হৈছে ‘ঠ’ আৰু ‘থ’ৰ ফৈদত। পৰিস্থিতি এনে হৈ পৰিছে যে গাওঁখনৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লিখিত নাম চাই হে ৰাইজ সমৱেত হয়। ‘ঠ’ লিখা অনুষ্ঠানত ‘থ’ ফৈদ নাযায় আৰু ‘থ’ লিখা অনুষ্ঠানত ‘ঠ’ ফৈদ নাযায়। মুঠৰ ওপৰত অসমীয়া বৰ্ণমালাৰ দুটা বৰ্ণই গাওঁখনক বিভক্ত কৰাৰ উপক্ৰম হৈছে।

এই গাওঁখন হৈছে শিৱসাগৰ জিলাৰ ঐতিহাসিক কাথপাৰ গাওঁ। ঐতিহাসিক শিৱসাগৰ পুখুৰীৰ চাৰিটা পাৰৰ নাম ক্ৰমে পূব পাৰৰ নাম চেৰেকাপাৰ, পশ্চিম পাৰৰ নাম কাঠপাৰ, উত্তৰ পাৰৰ নাম জয়াপাৰ, আৰু দক্ষিণ পাৰৰ নাম ঢুলীয়াপাৰ। শিৱসাগৰ পুখুৰী নিৰ্মাণ কৰাৰ আগতেই অৱস্থিত আছিল কাথপাৰ গাওঁ। এই গাওঁখনৰ কাঠপাৰ নামৰ সৈতে জড়িত হৈ আছে বৈষ্ণৱ গুৰু শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ নাম। আহোম স্বৰ্গদেউ চুৰামফাৰ দিনত এচাম আহোম ৰাজবিষয়াৰ ষড়যন্ত্ৰৰ বলি হৈ গুৰু নিত্যানন্দ দেৱ স্বৰ্গদেউৰ ৰোষৰ বলি হয়। স্বৰ্গদেউৱে গুৰুক মৃত্যুদণ্ড বিহে। ৰজাৰ আদেশ গুৰুৱে মানি লয় যদিও চাওদাঙৰ হাতত মৰাৰ সলনি ধ্যানত বহি স্বমৃত্যু আঁকোৱালি লয়।

মৃত্যুদণ্ড দিয়াৰ আগতেই গুৰুৰ মৃত্যু দেখি চাওদাঙে পলায়ন কৰাত স্বৰ্গদেউৰ ৰোষৰ পৰা বাচিবলৈ গুৰু নিত্যানন্দ দেৱৰ শিষ্য সকলে কৌশলেৰে নাঁৱত গুৰুৰ নশ্বৰ দেহ লৈ দিখৌ নদীয়েদি ভটিয়াই দৰিকা নৈ হৈ বৰ্তমানৰ কাঠপাৰ গাঁৱৰ কায়স্থ লোক বৰকাথৰ ভঁৰালৰ তলত গুৰু শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ দেহ মনে মনে দাহ কৰে। বৰকাথে তেওঁ কৰা কিবা দোষৰ বাবে ভঁৰাল জাহ গল বুলি সমাজক কলে।এই বৰকাথৰ ভঁৰাল থকা ঠাইত স্থাপন হ’ল এখন থান, শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ থান। তেতিয়াৰ পৰা কায়স্থ বৰকাথৰ নাম অনুসৰি ঠাইৰ নাম পৰিল কাথপাৰ। এতিয়া এই কাঠপাৰ নামক লৈ অঞ্চলটোৰ ৰাইজৰ মাজত মতবিৰোধ হৈছে।

এচামে কৈছে ‘কাথপাৰ’ আনচামে কৈছে ‘কাঠপাৰ’। শ্ৰীশ্ৰী নিত্যানন্দ দেৱৰ থানৰ নামত যদি ‘কাথপাৰ’ লিখা আছে তেন্তে ৰংগমঞ্চত লিখা আছে ‘কাঠপাৰ’। এখন বিদ্যালয়ৰ নাম যদি ‘কাঠপাৰ’ বুলি আছে আন অনুষ্ঠানত লিখা আছে ‘কাথপাৰ’। মুঠৰ ওপৰত এই দুটা বৰ্ণৰ খেলিমেলিত অঞ্চলটোৰ মানুহৰ মাজত মতান্তৰে দেখা দিছে। বিষয় নিষ্পত্তিৰ বাবে দণ্ডাধীশৰ আগত গোচৰ পৰিল। দুয়োপক্ষৰ বহুজন লোকে বহু দলিল-তথ্য-প্ৰমাণ লৈ দণ্ডাধীশৰ আগত উপস্থিত হ’ল। দুয়োপক্ষৰ যুক্তি আৰু প্ৰমাণ দেখি দণ্ডাধীশে লব পৰা নাই সিধান্ত। শিৱসাগৰ ৰাজহ চক্ৰ বিষয়াৰ মজিয়াৰ পৰা এতিয়া শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ অতিৰিক্ত আয়ুক্ত দণ্ডাধীশৰ মজিয়া পালে ‘ঠ’ আৰু ‘থ’ৰ যুঁজে। বিমোৰত পৰিছে প্ৰশাসন। কি সিদ্ধান্ত লব। কি হ’ব অঞ্চলটোৰ নামৰ বানান! ‘কাথপাৰ’ নে ‘কাঠপাৰ’!!

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
20.6 ° C
20.6 °
20.6 °
76 %
0.8kmh
100 %
Fri
21 °
Sat
29 °
Sun
31 °
Mon
32 °
Tue
35 °

More like this

ধুবুৰীৰ কাতলামাৰী চৰত নাওঁ খেলৰ নামত অবৈধ জুৱাৰ ৰমৰমীয়া...

বন্দিহানা আৰক্ষী কুম্ভ কৰ্ণ নিদ্ৰাত দৃষ্টি আকৰ্ষণ কৰিব নে ধুবুৰী জিলা আৰক্ষী অধীক্ষকৰ? উল্লেখ্য যে ধুবুৰী জিলাৰ জৰুৱা বন্দিহানা...

NEWS ALERT : ডিব্ৰুগড় জিলাত ঘূর্ণী বতাহৰ ফলত ধাৰাসাৰ...

ডিব্ৰুগড় জিলাত ঘূর্ণী বতাহৰ ফলত ধাৰাসাৰ বৰষুণ অব্যাহত আছে। জিলাখনৰ বিভিন্ন স্থানত ধুমুহাৰ ফলত বিদ্যুৎ যোগান ব্যাহত...

Console Wars: Examining the Battle for Dominance in the...

The allure of the beach is irresistible—a captivating blend of soothing waves, warm sand, and the expansive...