♦ নলবাৰী জিলা সাহিত্য সভাৰ অন্তৰ্গত টিহু মহকুমাৰ জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ উদ্যোগত আজি কুইজ প্ৰতিযোগিতা এখন সম্পন্ন হয় । ১২৫ সংখ্যক ঐতিহ্যমণ্ডিত পাটিকাৰা সাৰ্বজনিক শ্ৰীশ্ৰীকালী পূজা আৰু বিষ্ণু হোম মহোৎসৱ সমিতিৰ সহযোগত পূজাথলীত হোৱা এই প্ৰতিযোগিতাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই ভাষণ প্ৰসংগত কয় যে কুইজত জড়িত লোকসকলৰ মনত সদায় এক কৌতূহলী চিন্তাই ক্ৰিয়া কৰি থাকে ।
এনে চিন্তাই কুইজাৰ্ডসকলক তথ্য আহৰণৰ বাবে কৰিবলগীয়া শ্ৰমক অনন্য মাত্ৰা প্ৰদান প্ৰদান কৰে । কুইজত জড়িত হৈ থাকিলে মানুহৰ তথ্য আহৰণৰ স্পৃহা বঢ়াৰ লগতে জ্ঞানৰ শিপা শক্তিশালী হয় । কুইজত ভাগ ল’বলৈ বয়সৰ কোনো সীমা নাই আৰু ইয়ে উচ্চ পৰ্যায়ৰ পৰীক্ষাত উত্তীৰ্ণ হোৱাতো গুৰুত্বপূৰ্ণ ভূমিকা লয় । জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ সম্পাদক কান্তেশ্বৰ কলিতা আৰু সদস্য পংকজ প্ৰতিম শৰ্মাই আঁত ধৰা এই অনুষ্ঠানত জলখানা ভঠুৱাখানা শাখা সাহিত্য সভাৰ সভাপতি প্ৰিয়নাথ ডেকা, সাহিত্যসেৱক ফণী পাঠক, মধু পাঠক, বাসুদেৱ শৰ্মা, নিৰঞ্জন পাটগিৰি, শ্ৰীশ্ৰীকালী পূজা আৰু বিষ্ণু হোম মহোৎসৱ উদ্যাপন সমিতিৰ সভাপতি কামাখ্যা প্ৰসাদ শৰ্মা, সম্পাদক ভাস্কৰ শৰ্মা, কংকণ শৰ্মা, বিশ্বজিৎ শৰ্মা, প্ৰকাশ শৰ্মাৰ লগতে সমিতিৰ বহুকেইজন বিষয়ববীয়া আৰু সদস্য–সদস্যা উপস্থিত থাকে ।
কুইজ প্ৰতিযোগিতাখন পৰিচালনা কৰে জলখানা ভঠুৱাখানা হাইস্কুলৰ শিক্ষক কল্যাণ প্ৰসাদ শৰ্মা, বাসন্তী হাইস্কুলৰ শিক্ষক মণ্টু কলিতা আৰু টিহু মহাবিদ্যালয়ত শিক্ষাব্ৰতী মনীষা দেৱীয়ে । প্ৰতিযোগিতাৰ ক শাখাত প্ৰথম পাৰ্থজ্যোতি শৰ্মা আৰু ৰিচান শৰ্মা; দ্বিতীয় তিষ্মিতা কলিতা আৰু ৰোজ তালুকদাৰ; তৃতীয় ৰাহুল দাস আৰু অবিনাশ দাসৰ দলে লাভ কৰে । আকৌ খ শাখাত প্ৰথম জ্যোতিৰ্ময় শৰ্মা আৰু চন্দনজিৎ শৰ্মা; দ্বিতীয় তৃষ্ণা গেস্বামী আৰু হিয়াশ্ৰী দেৱী; তৃতীয় গীতাশ্ৰী ডেকা আৰু মৃন্ময় ডেকাৰ দলে লাভ কৰে ।