● নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ২২ ফেব্ৰুৱাৰিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি– নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী আৰু সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ স্মৃতি দিৱস পালন কৰা হয় । এই উপলক্ষে নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনত আয়োজিত অনুষ্ঠানৰ অংশ হিচাপে সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নলবাৰী জিলা সমিতিৰ সম্পাদক কৰ্ণধৰ বৰ্মনে ।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি–নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামীৰ আবক্ষ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে বৰক্ষেত্ৰী চৰ আঞ্চলিক শাখা সাহিত্য সভাৰ সভাপতি ছামচুল হকে । ইয়াৰ পাছতে ‘চিৰ চেনেহী মোৰ ভাষা জননী’ শীৰ্ষক বৃন্দগীতেৰ আৰম্ভ হোৱা স্মৃতি সভাত পৌৰোহিত্য কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । সভাত বিশিষ্ট অতিথি হিচাপে ভাগ লৈ নলবাৰী জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰমানাথ বৰুৱাই নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী আৰু সাহিত্যৰত্ন হৰিনাৰায়ণ দত্ত বৰুৱাৰ জীৱন কৰ্মৰ বিষয়ে স্মৃতি মন্থন কৰে ।
নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই আঁত ধৰাৰ লগতে সভা আয়োজনৰ উদ্দেশ্য ব্যাখ্যা কৰে । এই অনুষ্ঠানত জনপ্ৰিয় কবি কংকণ শৰ্মাৰ ‘এজাক বৰষুণৰ অপেক্ষাত’ নামৰ কাব্যপুথি এখন উন্মোচন কৰে চামতাৰ কামৰূপ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দেৱেন্দ্ৰ কুমাৰ বেজবৰুৱাই ।
অনুষ্ঠানত কবি কংকণ শৰ্মাই কবিতা লিখাৰ প্ৰেৰণা, অনুভৱ আদিৰ বিষয়ে ব্যক্ত কৰে । গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থী উৎপল খাটনিয়াৰে স্বৰচিত কবিতা পাঠেৰে অনুষ্ঠানটিক অনন্য মাত্ৰা প্ৰদান কৰে । অসম সংগীত পৰিৱেশনেৰে অনুষ্ঠান সামৰা হয় ।