26 C
Guwahati

কথা…

- Advertisement -
ৰুবী ফুকন

কিছুমান কথা থাকে, মন ভৰে
কিছুমান কথা থাকে, চকুপানী সৰে
কিছুমান কথা থাকে, মৰম জাগে
কিছুমান কথা থাকে, হৃদয় ভাঙে
কিছুমান কথা থাকে, চিন্তাৰ উদ্ৰেক কৰে
কিছুমান কথা থাকে, ধ্বংসৰ বতৰা দিয়ে
কিছুমান কথা থাকে, প্ৰেৰণাৰ ঘৰ সাজে
কিছুমান কথা থাকে, হতাশাৰ জোৱাৰ আনে
কিছুমান কথা থাকে, আতংক আনে
কিছুমান কথা থাকে, সমিধান দিয়ে।

কথাবোৰ কথা হৈ হৃদয়ত বাজে
কথাবোৰ শেল হৈ বুকুত বিন্ধে
কথাবোৰ শব্দ হৈ কাগজত ভৰে
কথাবোৰ চিঞৰ হৈ বতাহত উৰে
কথাবোৰ ভাষা হৈ বতৰা দিয়ে
কথাবোৰ সিক্ত হৈ চকুপানী সৰে
কথাবোৰ জবান হৈ প্ৰতিশ্ৰুতি দিয়ে
কথাবোৰ আলাপ হৈ পুলকিত কৰে
কথাবোৰ বাণী হৈ জাগ্ৰত কৰে
কথাবোৰ ভাষ্য হৈ উত্সাহ যাচে
কথাবোৰ গল্প হৈ গুঞ্জৰিত কৰে
কথাবোৰ আখ্যান হৈ কাললৈ থাকে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
broken clouds
27 ° C
27 °
27 °
29 %
3.3kmh
70 %
Wed
26 °
Thu
34 °
Fri
32 °
Sat
34 °
Sun
35 °

More like this

কিছু মিঠা প্ৰবঞ্চনাৰে

ৰাধা হৈ তোমাৰ বাঁহীলৈ বাট চোৱাৰ হাহাকাৰ অথবা ঘড়ীৰ কাটাত টোপনি সামৰি ৰখা নিশা কোনোটোৱেই নাছিল আমাৰ প্ৰেমৰ সহচৰ মোৰ কৃষ্ণ! সপোনৰ ঝুলনাত দুলি...

গছৰ পকা পাতবোৰ, ধুনীয়া ফুলবোৰ ইত্যাদি…

গছৰ পকা পাতবোৰ ধুনীয়া ফুলবোৰ ইত্যাদি গছৰ পকা পাতবোৰ বতাহজাকত গছৰ পকা পাতবোৰ সৰি সৰি শেষ হ’ল এতিয়া দুহাত মেলি গছবোৰে চাই আছে...

ঘূৰি আছে পৃথিৱী

শেষ ৰাতি পৰি থকা বাটটোৰ দৰেই মই মোক অকলেই চম্ভালি থাকিলোঁ, মই মোক হানি খুঁচি মই মোক পখালি পখালি মই মোক...