29 C
Guwahati

লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত

- Advertisement -

চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নাম ভৰ্তিৰ ৰাষ্ট্ৰীয় যোগ্যতা নিৰূপণ তথা প্ৰৱেশ পৰীক্ষা নীটত অনিয়ম হোৱা বুলি উঠা অভিযোগক লৈ বিৰোধী পক্ষই সাব্যস্ত কৰা প্ৰতিবাদৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা আজি দিনটোৰ বাবে স্থগিত ৰাখিবলগীয়া হয়। ইয়াৰ বিপৰীতে বিষয়টোক লৈ সৃষ্টি হোৱা হুলস্থূলীয়া পৰিস্থিতিৰ বাবে ৰাজ্যসভাৰ কাম-কাজ তিনিবাৰকৈ স্থগিত ৰাখিবলগীয়া হয়। লোকসভাৰ কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছৰ সাংসদসকলে বিষয়টো লৈ শিক্ষামন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত শ্লগান দিবলৈ ধৰে। কংগ্ৰেছ, ডি এম কে, তৃণমূল কংগ্ৰেছ, সমাজবাদী পাৰ্টী আৰু অন্যান্য দলৰ সদস্যসকল সদনৰ মজিয়ালৈ উঠি যায়। এনে পৰিস্থিতিৰ মাজতে অধ্যক্ষ ওম বিৰলাই কয় যে বিষয়টো চালি জাৰি চোৱাৰ বাবে এখন কমিটি গঠন কৰা হৈছে। সদনৰ কাম-কাজ পূৰ্ব পৰিকল্পিতভাৱে চলিবলৈ নিদিয়াটো সংসদীয় গণতন্ত্ৰৰ বাবে সঠিক নহয় বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয় যে সদস্যসকলে ৰাষ্ট্ৰপতিৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়ত বিষয়টো উত্থাপন কৰিব পাৰে। নীটৰ বিষয়লৈ আলোচনাৰ বাবে বিৰোধী পক্ষই উত্থাপন কৰা দাবী প্রত্যাখ্যান কৰি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে ৰাষ্ট্ৰপতিৰ অভিভাষণৰ আলোচনাৰ বাবে নিৰ্ধাৰিত সময়ত অন্য বিষয়লৈ আলোচনা কৰাৰ পৰম্পৰা নাই। তেওঁ লগতে কংগ্ৰেছ আৰু অন্য বিৰোধী দলসমূহে সংসদৰ গৰিমাৰ অৱমাননা কৰা বুলি অভিযোগ তোলে। শ্ৰী ৰিজিজুৱে কয় যে ৰাষ্ট্ৰপতি অভিভাষণৰ আলোচনাৰ সময়ত উত্থাপন কৰা যিকোনো বিষয়ৰ উত্তৰ দিবলৈ সাজু আছে। তাৰ পাছতো হুলস্থুলীয়া পৰিস্থিতি অব্যাহত থকাত সদনৰ কাম-কাজ দিনটোৰ বাবে স্থগিত ৰখা হয়। ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সদন মিলিত হোৱাৰ সময়ত অধ্যক্ষ ওম বিৰলাই বিষয়টো লৈ বিৰোধী দলসমূহে উত্থাপন কৰা সভাস্থগিতকৰণৰ প্ৰস্তাৱ অগ্ৰাহ্য কৰে। অধ্যক্ষ ওম বিৰলাই কয় যে, ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়ত অন্য বিষয় লৈ আলোচনাৰ অনুমতি প্ৰদান কৰিব পৰা নাযায়। তেওঁ কয় যে, ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ আলোচনাৰ সময়তে বিৰোধী দলসমূহে নিজৰ বিষয়সমূহ উত্থাপন কৰিব পাৰিব। তেওঁ লগতে কয় যে, চৰকাৰে আলোচনাৰ সময়ত বিৰোধী পক্ষৰ সদস্যসকলে উত্থাপন কৰ সকলো বিষয়ৰ উত্তৰ দিব বুলি আশা কৰা হয়। ইয়াৰ পাছতে নিম্ম সদনত বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে কয় যে তেওঁলোকে শিক্ষার্থীসকলক এনে এটা বার্তা দিব খোজে বিষয়টো সঁচাকৈ গুৰুত্বপূৰ্ণ। গতিকে বিষয়টো লৈ আলোচনা হ’ব লাগে। পাছত অধ্যক্ষই সদনৰ কাম-কাজ অব্যাহত ৰাখে যদিও কংগ্ৰেছ, ডি এম কে, টি এম চি, সমাজবাদী পাৰ্টী আৰু অন্যান্য দলৰ সদস্যসকল সদনৰ মজিয়ালৈ উঠি যায়। এনে অচলাৱস্থাৰ মাজতে সদনৰ কাম-কাজ দুপৰীয়া ১২ বজালৈ স্থগিত ৰখা হয়। ৰাজ্যসভাতো আজি নীটক লৈ হুলস্থুলীয়া পৰিস্থিতৰ সৃষ্টি হয়। উচ্চ সদনৰ কাম-কাজ প্ৰথমবাৰৰ বাবে স্থগিত ৰখাৰ পাছত দুপৰীয়া ১২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়ত কংগ্ৰেছ, টি এম চি, ডি এম কে আৰু আম আদমী পাৰ্টীকে ধৰি বিৰোধী দলসমূহৰ সদস্যসকলে নীটৰ বিষয় লৈ চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিবলৈ আৰম্ভ কৰে। প্ৰতিবাদৰত সদস্যসকলৰ লগতে সদনত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাৰ্গেও নীটৰ বিষয় লৈ প্ৰতিবাদ কৰি সদনৰ মজিয়ালৈ উঠি যায়। এনে হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে সদনৰ কাম-কাজ দিনৰ ২ বজালৈ স্থগিত ৰখা হয়। ২ বজাত সদন পুনৰ মিলিত হোৱাৰ সময়তে বিৰোধী সদস্যসকলে প্রতিবাদ অব্যাহত ৰখাত পৰিস্থিতি আগৰ দৰেই থাকে।
ইয়াৰ আগেয়ে পুৱাৰ ভাগত ৰাজ্যসভা মিলিত হোৱাৰ সময়ত সভাপতি জগদীপ ধনখড়ে বিৰোধী সাংসদসকলে উত্থাপন কৰা সভাস্থগিতকৰণৰ জাননী অগ্ৰাহ্য কৰি কয় যে, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমুৱে সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি দিয়া ভাষণত প্রশ্ন ফাদিল কাৰ নিৰপেক্ষ তদন্ত আৰু দোষী সকলক কঠোৰ শাস্তি প্ৰদানৰ কথা উল্লেখ কৰিছে। ৰাষ্ট্ৰপতিৰ অভিভাষণৰ প্রতি ধন্যবাদসূচক প্ৰস্তাৱ সম্পৰ্কীয় আলোচনাৰ সময়ত সদস্যসকলে বিষয়টো লৈ আলোচনাৰ কৰাৰ প্ৰৰ্যাপ্ত সময় পাব বুলি সভাপতিগৰাকীয়ে মন্তব্য কৰে। ইয়াৰ পাছতে কংগ্ৰেছৰ প্ৰমোদ টিৱাৰীয়ে কয় যে ২৫ লাখ শিক্ষার্থীয়ে বিষয়টো প্ৰতিবাদ সাব্যস্ত কৰিছে। উচ্চ সদনত বিৰোধী পক্ষৰ নেতা মল্লিকার্জুন খাৰ্গেই কয় যে যোৱা ৭ বছৰত ৭০ বাৰ প্ৰশ্নকাকত ফাদিল হৈছে। তেওঁ বিষয়টো লৈ আলোচনাৰ বাবে দাবী উত্থাপন কৰে। ইয়াৰ পাছতে কংগ্ৰেছ, ডি এম কে, টি এম চি, সমাজবাদী পাৰ্টী, আম আদমী পাৰ্টী, আৰ জে দি আৰু অন্যান্য দলৰ সদস্যসকলে সদনত হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি কৰে। হুলস্থুলীয়া পৰিস্থিতিৰ মাজতে সভাপতিয়ে সদনৰ কাম-কাজ চলাই নিয়াৰ চেষ্টা চলায় যদিও প্রতিবাদী সদস্যসকল সদনৰ মজিয়ালৈ উঠি যায়। হুলস্থূল শাম নকটাত সভাপতিয়ে সদনৰ কাৰ্যক্ৰমণিকা দুপৰীয়া ১২ বজালৈ স্থগিত ৰাখে। ইয়াৰ পূৰ্বে দুয়োখন সদনে অলপতে মৃত্যুবৰণ কৰা কেইগৰাকীমান সাংসদলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰে। টি এম চিৰ সাংসদ নুৰুল ইছলামে আজি লোকসভাত শপত গ্ৰহণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
27 ° C
27 °
27 °
30 %
2.8kmh
0 %
Tue
26 °
Wed
36 °
Thu
37 °
Fri
36 °
Sat
30 °

More like this

আমেৰিকাত ক্ৰমাৎ বৃদ্ধি পাইছে অ’মিক্ৰন আক্ৰান্তৰ সংখ্যা! বিশ্ব অৰ্থনীতি...

https://youtu.be/fzkhzix5iZw ♦ আমেৰিকা যুক্তৰাষ্ট্ৰত কোভিডৰ সংখ্যা যথেষ্ট বৃদ্ধি হোৱাৰ লগে লগে উদ্বেগ বৃদ্ধি পাইছে। ইফালে, বিশেষজ্ঞসকলে সতৰ্ক কৰি...

এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ? চাওঁ আহক

কেনে আছে এছিয়াৰ সবাটোকৈ বয়স্ক হাতীটো ?আজি বিশ্ব হস্তী দিৱস ৷ হস্তী দিৱসৰ দিনটোত ক'ত আছে এছিয়াৰ...

বিশ্বনাথ চাৰিআলি অৰিয়েন্ট ফ্লাৱাৰ কণিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম...

  বিশ্বনাথ চাৰিআলি অৰিয়েন্ট ফ্লাৱাৰ কণিষ্ঠ মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ শিক্ষা বর্ষৰ আৰম্ভ : দেওবাৰে বিশ্বনাথ চাৰিআলি অৰিয়েন্ট...