34 C
Guwahati

চিকিৎসক দিৱস উপলক্ষে বৃহত্তৰ বৰভাগ অঞ্চলৰ চিকিৎসালয়ৰ চিকিৎসকক শুভেচ্ছা, সম্বৰ্ধনা

- Advertisement -

♦ আজি চিকিৎসক দিৱস। কোভিডকালিন এই জটিল সময়ত সন্মুখৰ পৰা যুজঁ দিয়া চিকিৎসক সকলক অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিক সমিতিৰ তৰফৰ পৰা আজি শুভেচ্ছা তথা সম্বৰ্ধনা জ্ঞাপন কৰা হয়। বৃহত্তৰ বৰভাগ অঞ্চলৰ কমাৰকুছি প্ৰাথমিক চিকিৎসা কেন্দ্র ,কালাগ সামুহিক স্বাস্থ্য কেন্দ্র,সানেকুছি প্ৰাথমিক চিকিৎসাল কেন্দ্র, মৰোৱা প্ৰাথমিক স্বাস্থ্য কেন্দ্রত চিকিৎসা সেৱা আগবঢ়াই থকা চিকিৎসক সকলক নিজ নিজ স্বাস্থ্য কেন্দ্রত উপস্থিত হৈ চিকিৎসক দিৱসৰ শুভেচ্ছা তথা সম্বর্ধনা জ্ঞাপন কৰা হয়৷

উক্ত অনুষ্ঠানত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, নলবাৰী জিলা সমিতিৰ উপদেষ্টা তপন লহকৰ,সাংস্কৃতিক সম্পাদক ধীৰাজ কলিতা, আঞ্চলিক সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ৰাতুল আহমেদ, সাধাৰণ সম্পাদক ময়ুৰ ৰহমান, উপ-সভাপতি ৰকী ৰাজ, যুটীয়া সম্পাদক চাজিদ আহমেদ, সদস্য অনুপ কলিতা, দিগন্ত কলিতা আৰু ৰঞ্জিত কলিতা।মহামাৰী ক’ৰোনাৰ যুদ্ধত নিজৰ জীৱনৰ কথা নাভাবি দিনে ৰাতিয়ে কভিড-১৯ত আক্ৰান্ত ৰোগী সকলক চিকিৎসা প্ৰদান কৰাৰ লগতে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি মহামাৰী ক’ৰোনা সংক্ৰমণ ৰোধ কৰাত চিকিৎসক সকলৰ লগতে চিকিৎসা কৰ্মীসকলেও সৈনিকৰ দৰে কাম কৰি আহিছে।

চিকিৎসক দিৱসৰ দিনা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ বৰভাগ আঞ্চলিকৰ তৰফৰ বৰভাগ অঞ্চলৰ চিকিৎসালয়ৰ চিকিৎসক সকলক শুভেচ্ছা তথা সম্বৰ্ধনা জনোৱা সুন্দৰ পদক্ষেপৰ বাবে প্ৰশংসা কৰিছে বৃহত্তৰ বৰভাগ অঞ্চলৰ ৰাইজে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
35.8 ° C
35.8 °
35.8 °
15 %
3.5kmh
97 %
Tue
35 °
Wed
36 °
Thu
37 °
Fri
35 °
Sat
32 °

More like this

ৰঙিয়াত আৰক্ষী বিভাগৰ পদৰ বাবে প্ৰস্তুতি শিবিৰ

■ ৰঙিয়াঃ আৰক্ষী বিভাগৰ পদৰ বাবে শাৰীৰিক-মানসিক প্ৰস্তুতিৰ বাবে আমাৰ চৰকাৰ খনে হাতত লৈছে এক বিশেষ উদ্যোগ,...

5 Must-Visit Little Saigons In America (Plus The So...

Luxury travel is back. The pandemic-weary population is emerging from lockdowns with the goal of relaxing and...

ক’ভিডক লৈ ৰাজ্য চৰকাৰৰ নতুন নিৰ্দেশনা

◾️ ১৬ আগষ্টৰ পৰা খোলা হ’ব আন্তঃজিলা যাতায়াত ◾️ ১ ছেপ্টেম্বৰৰ পৰা শিক্ষানুষ্ঠান খোলাৰ সম্ভাৱনা ◾️ পৰ্যায়ক্ৰমে আৰম্ভ হ’ব...