■ মহামাৰী কৰোনাৰ জটিল সময়ত সাধাৰণ মানুহৰ মাজত বীমাৰ প্ৰতি আগ্ৰহ যথেষ্ট পৰিমানে বৃদ্ধি হোৱা দেখা গৈছে। এনে পৰিপ্ৰেক্ষিতত, ভাৰতীয় ষ্টেট বেঙ্কে তেওঁলোকৰ গ্ৰাহকসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ দুটা নতুন বীমা আঁচনিৰ কথা স্পষ্টভাৱে প্ৰকাশ কৰিছে। এছবিআইয়ে শেহতীয়াকৈ এই বিষয়টোৰ সন্দৰ্ভত বিষয়ে টুইট কৰিছিল। দেশৰ সৰ্ববৃহৎ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকসকলে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা বা প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা লাভ কৰিব পাৰিব। এই দুটা বীমা লাভালাভ নামমাত্ৰ বাৰ্ষিক ব্যয়ত উপলব্ধ। অৱশ্যে, কেন্দ্ৰীয় চৰকাৰৰ এই দুটা বীমা সুবিধা পাবৰ বাবে ভাৰতীয় ষ্টেট বেঙ্কৰ আপুনি এজন গ্ৰাহক হ’ব লাগিব।
উপৰোক্ত দুয়োটা প্ৰকল্প ২০১৫ চনত নৰেন্দ্ৰ মোডীৰ চৰকাৰে আৰম্ভ কৰিছিল। কেন্দ্ৰই ঘোষণা কৰা অনুসৰি, সকলো ১৮ ৰ পৰা ৫০ বছৰ বয়সৰ লোকসকল প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনলৈ আহিব পাৰিব। বীমাকৰ্তাই প্ৰতি বছৰে ৩৩০ টকা পৰিশোধ কৰিব লাগিব। বীমাকৰ্তাই যিকোনো বিপদত ২ লাখ টকা লাভ কৰিব। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ ক্ষেত্ৰত, বীমাকৰ্তাই প্ৰতি বছৰে ১২ টকা পৰিশোধ কৰিব লাগিব। দুৰ্ঘটনা বা মৃত্যুৰ ক্ষেত্ৰত তেওঁলোকে ২ লাখ টকা আৰু আংশিক দুর্ঘটনা ক্ষেত্ৰত ১ লাখ টকাৰ বীমা লাভ কৰিব। দুয়োটা প্ৰকল্পক বছৰি ৩৪২ টকা পৰিশোধ কৰিব কৰিব লাগিব। ষ্টেট বেংকে দাবী কৰিছে যে গ্ৰাহকসকলে নামমাত্ৰ ব্যয়ত বৃহৎ বীমা সুবিধা লাভ কৰিব পাৰিব।
দুয়োটা প্ৰকল্পই প্ৰতি বছৰে নৱীকৰণ কৰিব লাগিব। প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ অধীনত বয়সৰ সীমা হৈছে ১৮ ৰ পৰা ৭০ বছৰ। আৰু প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ ক্ষেত্ৰত বয়সৰ সীমা হৈছে ১৮ৰ পৰা ৫০ বছৰ। এই দুটা বীমা গ্ৰহণ কৰিব বিচৰা ষ্টেট বেঙ্কৰ গ্ৰাহকসকলক তেওঁলোকৰ সঞ্চয় বা চেভিং একাউণ্টৰ পৰা পোনপটীয়াকৈ ‘অটো ডেবিট’ মোডত কৰ্তন কৰা হ’ব। বীমাৰ সময় হৈছে প্ৰতি বছৰে ১ জুনৰ পৰা অহা বছৰৰ ৩১ মে’লৈ।