32.2 C
Guwahati

নলবাৰীৰ আইনুলৰ উপযুক্ত চিকিৎসাৰ বাবে প্ৰয়োজন আপোনাৰ মোৰ অকণমান সহায়

- Advertisement -
  • শাৰীৰিকভাৱে অক্ষম আইনুলৰ সম্পূৰ্ণ বিকল হৈ পৰা ভিৰিখন সুস্থ কৰি তুলিবলৈ প্ৰয়োজন উপযুক্ত চিকিৎসাৰ
  • শুকুৰবাৰে নলবাৰীৰ হৰিপুৰত হোৱা ভয়ংকৰ দুৰ্ঘটনাই আইনুলৰ জীৱনলৈ নমাই আনে ঘোৰ অমানিশা

ঘগ্ৰাপাৰৰ পৰা ফইজুল হক চৌধুৰীঃ নলবাৰী জিলাৰ খুখুন্দী গাঁৱৰ ২০ বছৰীয়া যুৱক আইনুলে জন্মৰে পৰা মুখেৰে কথা কব নোৱাৰে। পিতৃৰ মৃত্যুৰ পিছত বোবা তথা শাৰীৰিক ভাৱে অক্ষম পুত্ৰ আইনুলক মাতৃ লালবান বিবিয়ে কোনোমতে তুলি তালি ডাঙৰ দীঘল কৰিছিল। মুখেৰে কথা কব নোৱাৰিলেও আইনুলে নিজৰ অংগী ভংগীৰে হৃদয়ত স্থান লৈছিল বহু লোকৰ। জন্মদাত্ৰী মাতৃক সকাহ দিয়াৰ উদ্দেশ্য আইনুলে কৰি গৈছিল দিন হাজিৰা।

পিতৃহাৰা আইনুলৰ মাতৃও শাৰীৰিক ভাৱে অসুস্থ।মাতৃয়ে আনৰ ঘৰত কাম বন কৰি জীয়াই ৰাখিবলৈ চেষ্টা কৰিছিল মুখেৰে কথা কব নোৱাৰা আইনুলক। কিন্তু শুকুৰবাৰে আইনুলৰ জীৱনলৈ নামি আহিছিল ঘোৰ অমানিশা, মুখেৰে কথা কব নোৱাৰা আইনুলে হয়তো কাহানিও ভাবিব পৰা নাছিল যে তাৰ ভড়িখনো এদিন সি হেৰুৱাব লাগিব।যোৱা শুক্ৰবাৰে নলবাৰীৰ হৰিপুৰ চকত হোৱা এক দুৰ্ঘটনাই নমাই আহিলে আইনুলৰ মাতৃৰ চকুত চকুলো। স্থানীয় ৰাইজে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰালে আইনুলক। বৰ্তমান আইনুল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আইনুলৰ উপযুক্ত চিকিৎসাৰ বাবে প্ৰয়োজন কিছু টকাৰ।

উপায়ন্তৰ হৈ মাতৃ তথা সচেতন ৰাইজে মুখেৰে কথা কব নোৱাৰা পিতৃহাৰা আইনুলৰ উপযুক্ত চিকিৎসাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মা, মন্ত্ৰী তথা নলবাৰীৰ বিধায়ক জয়ন্ত মল্ল বৰুৱা, স্থানীয় প্ৰশাসন,দ’ল সংগঠনৰ ওচৰত বিচাৰিছে আইনুলৰ চিকিৎসাৰ বাবে কিছু আৰ্থিক সহায়। চিকিৎসালয়ৰ বিচনাত ৰাইজৰ সহায়ৰ বাবে বাট চাই ৰৈছে দুৰ্ভগীয়া আইনুলে। যদি কোনো সু-হৃদয়বান ৰাইজে আইনুলক সহায় কৰিব বিচাৰে ফোন নং: 9957886877 নম্বৰত তথা canara bank ৰ
AC No:3370108002962
IFSC code:
CNR B0003370
নম্বৰত যোগাযোগ কৰি অকণমান সামৰ্থ্য অনুযায়ী সহায় আগবঢ়াব পাৰে।

 

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী

■ নলবাৰীৰ পৰা ফইজুল হক চৌধুৰীঃ দেওবাৰে নিশা নলবাৰী জিলাৰ মাজমজিয়াত আছুকৰ্মীৰ ওপৰত অচিনাকী দুৰ্বৃত্তইই কৰা আক্ৰমণ...

বিশ্ব ফিজিঅ’থেৰাপি দিৱস উপলক্ষে টংলাত জে.কে.ডি ফিজিঅ’থেৰাপি ক্লিনিকৰ উদ্যোগত...

◊ টংলাৰ পৰা চিন্ময় ডেকাঃ ওদালগুৰি জিলাৰ টংলাত আজি জে.কে.ডি ফিজিঅ’থেৰাপি ক্লিনিকৰ উদ্যোগত বিনামূলীয়া ফিজিঅ’ থেৰাপিষ্ট স্বাস্থ্য...