32.2 C
Guwahati

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনঃ জিলা প্ৰশাসনৰ ক্ষীপ্ৰতাৰে প্রস্তুতি

- Advertisement -

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনলৈ বেছি দিন নাই৷ ৰঙালী বিহুৰ পিছতে অনুষ্ঠিত হ’ব প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচন৷ প্ৰথম পৰ্যায়ত লোকসভা নিৰ্বাচন সুকলমে সমাপন হোৱাৰ বাবে জিলা প্ৰশাসনে প্রস্তুতি তীব্ৰতৰ কৰি তুলিবলগীয়া হৈছে। বিশেষকৈ উজনি অসমত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গৈছে৷ এই উদ্দেশ্যে আদি তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰসকলৰ মাজত সজাগতা সৃষ্টিৰ বাবে প্ৰস্তুত কৰা মহিলা শুভংকৰ এটি আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে। শুভংকৰ মুকলি কৰি তেওঁ কয় যে এইবাৰৰ নিৰ্বাচনত তিনিচুকীয়া জিলাত ১০০ শতাংশ ভোটদান নিশ্চিত কৰিবলৈ এই সাৰথি বাইদেউসকলে সেৱা আগবঢ়াব। ‘আপোনাৰ এটা ভোটৰ অধিকাৰ, সবল গণতন্ত্ৰৰ আধাৰ’ এই শ্ল’গান গাঁৱে-ভূঞে বিয়পাবলৈ আহ্বান তেওঁ আহ্বান জনাই। অনুষ্ঠানত জিলা আয়ুক্ত কাৰ্যালয়ৰ সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে।

উল্লেখযোগ্য যে নির্বাচন আয়োগৰ নিৰ্দেশমৰ্মে ভোটাৰক সজাগতা সৃষ্টিৰ বাবে ৰাষ্ট্ৰীয় গ্ৰামীণ জীৱিকা অভিযান আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ অধীনৰ আত্মসহায়ক গোটসমূহৰ মাজৰ পৰা প্ৰতিখন গাঁও আৰু পৌৰসভা ৱাৰ্ডত সাৰথি বাইদেউ নামাকৰণেৰে একোগৰাকীকৈ স্বেচ্ছাসেৱী প্রতিনিধি নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে। তিনিচুকীয়া, ডিগবৈ, মাকুম আৰু ডুমডুমাৰ পৌৰসভাসমূহত ৪৩ গৰাকী আৰু গাঁও পঞ্চায়তসমূহত মুঠ ৩৮৩ গৰাকী সাৰথি বাইদেউক নিযুক্তি দিয়া হ’ব। তিনিচুকীয়াৰ শদিয়া আৰু মাৰ্ঘেৰিটা মহকুমাতো সাৰথি বাইদেউ নিযুক্তি দিয়া হ’ব। তেওঁলোকে নিজ অঞ্চলৰ ভোটদাতাৰ ভোটদান সম্পৰ্কীয় বিভিন্ন সমস্যা সমাধানৰ লগতে ৮৫ বছৰ ঊৰ্ধৰ আৰু শাৰীৰিকভাৱে বাধাগ্ৰস্ত লোকসকলক ভোটদানৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়াব৷

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
few clouds
29.2 ° C
29.2 °
29.2 °
42 %
6.5kmh
18 %
Fri
29 °
Sat
34 °
Sun
36 °
Mon
38 °
Tue
38 °

More like this

প্ৰাচীন লোক-সংস্কৃতি পুতলা নাচক জীয়াই ৰখাৰ চেষ্টাত  শিল্পী পেঞ্চন...

  প্ৰাচীন লোক-সংস্কৃতি পুতলা নাচক জীয়াই ৰখাৰ চেষ্টাত  শিল্পী পেঞ্চন প্ৰাপ্ত্য শিল্পী নাৰায়ণ ডেকা । অসম খবৰ প্ৰতিনিধি নলবাৰী...

ৰঙাপৰাত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ সজাগতা সভা

■ ৰঙাপৰা■ শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত হাতিবাৰী চাহ বাগিচাত সদৌ অসম আদিবাসী ছাত্র সন্থা (আছা)ই এক...

ডিব্ৰুগড়ত আছুৰ শ্বহীদ ভৱনত ধৰ্মীয় ৰীতি নীতিৰে শ্বহীদ বেদী...

◊ডিব্ৰুগড়ৰ পৰা ইকৰাম আলিঃ এয়া কোনো নামঘৰ বা ৰাজহুৱা ধৰ্মানুষ্ঠানৰ দৃশ্য নহয়। এই দৃশ্য ডিব্ৰুগড় চহৰৰ চৌকিডিঙিৰ...