31 C
Guwahati

ৰঙিয়াত গছত ওলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ

- Advertisement -

♦চৈয়দ মোস্তাফা আহমেদ,ৰঙিয়াঃ বৃহস্পতি বাৰে পুৱতিনিশা ওলমি থকা অৱস্থাত উদ্ধাৰ হয় এটি মৃতদেহ। প্ৰত্যক্ষদৰ্শীয়ে এইটো এটা পৰিকল্পিত হত্যকাণ্ড বুলি সন্দেহ প্ৰকাশ কৰিছে। ৰঙিয়াৰ নিকটৱৰ্তী আৰিমত্ত নগৰত থকা এখন পথাৰৰ মাজত সংঘটিত হৈছে এই ঘটনা।
ওলমি থকা অৱস্থাত উদ্ধাৰ হয় এজন লোকৰ মৃতদেহ। মৃত লোকজনৰ নাম বলৰাম দাস বুলি জানিব পৰা গৈছে। ৰঙিয়াৰ ৭ নং ৱাৰ্ডত ভাড়াতীয়া হিচাপে পৰিয়ালৰ সৈতে আছিল বলৰাম দাস নামৰ লোকজন।
লোকজনৰ টৰ্চ, চেন্দেল, গামোচা ইত্যাদী ঘটনাস্থলীৰ কাষত পৰি ৰৈছে। দৰিদ্ৰ লোকজনে আত্মহত্যা কৰিলে নে কোনো লোকে হত্যা কৰি এনেদৰে গছত ওলোমাই থৈ গৈছে সেয়া বৰ্তমানলৈ স্পষ্ট হোৱা নাই।
স্থানীয় ৰাইজে অভিযোগ কৰামতে আৰক্ষীক খবৰ দিয়াৰ পিছতো বহু পলমকৈ ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ লোক। এই ঘটনাই অঞ্চলত ব্যপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
34.2 ° C
34.2 °
34.2 °
17 %
2.9kmh
98 %
Tue
31 °
Wed
36 °
Thu
37 °
Fri
35 °
Sat
32 °

More like this

বছৰৰ প্ৰথমটো বানত শিৱসাগৰ বকতাত কুৰিখনতকৈ অধিক গাঁও জলমগ্ন

♦ শিৱসাগৰ জিলাৰ বকতাত দিচাং আৰু দিৰৈ নদীৰ ওভতনি বানে পশ্চিম বকতাৰ কুৰিখনতকৈ অধিক গাঁও জলমগ্ন কৰিছে।...

গােসাঁইগাঁৱত ইউ পি পি এল দলৰ প্ৰাৰ্থীৰ সমৰ্থনত আয়ােজিত...

■ চৰকাৰে লােৱা জনকল্যাণকামী আৰু জনমুখী আঁচনিয়ে উপ নির্বাচনত গােসাঁইগাঁৱকে ধৰি আনকেইটা সমষ্টিত বিজেপি আৰু মিত্ৰজোঁটৰ প্রার্থীকেইগৰাকীৰ...

যৌন সম্ভোগৰ আকাংক্ষাঃ উলংগ হৈ যোগাভ্যাস কৰিলে এই সমস্যাৰ...

■ শাৰীৰিক সমস্যাত বহুতেই ভোগে। এইবাৰ এগৰাকী মডেলৰ এক শাৰীৰিক সমস্যা হৈছে। তেওঁৰ সমস্যা যৌনতাৰ প্ৰতি তেওঁৰ...