19 C
Guwahati

তেজপুৰত আপৰ বিশাল ৰোড শ্ব’ত আতিশী

- Advertisement -

● ঋষিৰাজ কৌণ্ডিন্যৰ প্ৰচাৰত সহস্ৰাধিক লোকৰ অংশগ্ৰহণ
●অসমতো দিল্লীৰ আৰ্হিৰ স্কুল আৰু মহল্লা ক্লিনিক নিৰ্মাণৰ লক্ষ্য আপৰ
●আতিশীৰ মেখেলা- চাদৰ পৰিধানে দৃষ্টি আকৰ্ষণ কৰিছে সৰ্বসাধাৰণৰ

তেজপুৰ, ১০ এপ্ৰিল – “অসমৰ জনসাধাৰণে আম আদমী পাৰ্টিক আকোৱালি লৈছে। ডিব্ৰুগড় আৰু শোণিতপুৰ লোকসভা সমষ্টিৰ আপৰ প্ৰাৰ্থী দুগৰাকীৰ সপক্ষে জনসাধাৰণৰ স্বতঃস্ফুৰ্ত সহাঁৰি লক্ষ্যণীয় ।” আজি তেজপুৰত আম আদমী পাৰ্টিৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ প্ৰচাৰ অভিযানৰ অংশ হিচাপে এক ৰোড শ্ব’ কাৰ্যসূচী মুকলি কৰি দলৰ ৰাষ্ট্ৰীয় নেত্ৰী তথা দিল্লীৰ শিক্ষামন্ত্ৰী আতিশীয়ে এইদৰে কয়। তেজপুৰ চহৰৰ মূঢ়া তেতেলীস্থিত বাজাৰ ইণ্ডিয়াৰ সন্মুখৰ পৰা আৰম্ভ হোৱা ৰোড শ্ব’ কাৰ্যসূচীত হাজাৰ হাজাৰ দলীয় কৰ্মী – সমৰ্থকে অংশগ্ৰহণ কৰে।

গায়ন- বায়নৰ এটি বিশাল দলৰ গীত নৃত্য পৰিবেশনৰ মাজতে ৰাইজক উদ্দেশ্যি ভাষণ দিয়ে আতিশীয়ে। দিল্লীৰ চৰকাৰে পানী, বিদ্যুত যোগান বিনামূলীয়াকৈ যোগান ধৰাৰ দৰে অসমতো আম আদমী পাৰ্টিয়ে এই অত্যাৱশ্যকীয় সেৱাসমূহ বিনামূলীয়াকৈ আগবঢ়োৱাৰ পোষকতা কৰে। আপৰ লক্ষ্য অসমৰ চাহ শ্ৰমিকৰ ন্যূনতম মজুৰি ৪৫০ টকা, মাটিৰ পট্টা প্ৰদান আৰু ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগও উল্লেখ কৰে আপৰ নেত্ৰী গৰাকীয়ে।

তেজপুৰ চহৰৰ মেইনৰোড হৈ আগবঢ়া বিশাল সমদল ক’ৰ্ট চাৰিশতকৈও আলিত সামৰণি পৰে। আজিৰ এই ৰোড শ্ব’ত আতিশীৰ সৈতে একেলগে এখন খোলা ভানত উঠি প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যয়ো ৰাইজৰ আশীৰ্বাদ বিচাৰে।

আম আদমী পাৰ্টিৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাৱধায়ক ৰাজেশ শৰ্মা, ৰাজ্যিক সভাপতি ডাঃ ভবেন চৌধুৰী, আন এগৰাকী ৰাষ্ট্ৰীয় নেতা মনীষ কৌশিকেও ৰোড শ্ব’ত অংশগ্ৰহণ কৰে।

 

শোণিতপুৰত আপৰ প্ৰাৰ্থী ঋষিৰাজ কৌণ্ডিন্যৰ এই প্ৰচাৰে সৰ্বস্তৰৰ লোকৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয়। ইপিনে, মঙলবাৰে তিনিচুকীয়াত আতিশীয়ে প্ৰথমবাৰৰ বাবে মেখেলা চাদৰ পিন্ধি ৰোড শ্ব’ত অংশগ্ৰহণ কৰিছিল।

অসমীয়া সাজ – পাৰত আতিশীৰ ৰোড শ্ব’ত অংশ গ্ৰহণৰ বিষয়টোৱে তিনিচুকীয়াবাসীৰ মাজত বিশেষ চৰ্চা লাভ কৰে। অসমীয়া সাজ পাৰৰ প্ৰতি এয়া আতিশীৰ ভালপোৱাৰ দৃষ্টান্ত হিচাপে বিবেচিত হৈছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
overcast clouds
21.5 ° C
21.5 °
21.5 °
50 %
2.1kmh
100 %
Wed
20 °
Thu
33 °
Fri
32 °
Sat
34 °
Sun
36 °

More like this

The Right Morning Routine Can Keep You Energized &...

To understand the new smart watched and other pro devices of recent focus, we should look to...

শিৱসাগৰৰ জয়ৰাপাৰত শ্ৰীমদ্ভাগৱত পাঠ আৰু ব্যাখ্যানুষ্ঠানঃ ভাগৱত ভ্ৰমণ আৰু...

♦ অসমীয়া জাতিৰ জনক, সৰ্বগুণাকৰ শ্ৰীমন্ত শংকৰ গুৰুজনাৰ আদৰ্শক সৰু গত কৰি ৰাইজৰ মাজত আন্তৰিকতাপূৰ্ণ সমন্বয় সম্প্ৰীতি...

ভাৰতীয় সেনা আবুল কাশেমৰ বিৰুদ্ধে নাৰী নিৰ্যাতন আৰু শিশু...

আজি ৰাতিপুৱা বঙাইগাঁও জিলাৰ বালাৰচৰ বানিজ্য বজাৰত ৰাস্তা অৱৰোধ কৰি এজন নাৰী নিৰ্যাতনকাৰী, সন্দেহজনক শিশুহত্যাকাৰীৰ বিৰুদ্ধে প্ৰতিবাদ...