24.4 C
Guwahati

পৰ্বতঝোৰা মহকুমাৰ বগৰীবাৰীত ৮জনকৈ প্ৰতিবাদকাৰী লোকক আটক আৰক্ষীৰ

- Advertisement -

– পৰ্বতঝোৰাৰ মহকুমাৰ বগৰীবাৰী অঞ্চলৰ ইমণ পালে সামাজিক মাধ্যমত আল্লাহ, ইছলাম ধৰ্মক অপমান। আল্লাহক লৈ চৰম আপত্তিজনক মন্তব্য কৰিছিল

◊ বিটিআৰ কোকৰাঝাৰ জিলাৰ বগৰীবাৰী আৰক্ষীয়ে প্ৰতিবাদকাৰীক আটক কৰিবলৈ কুণ্ঠাবোধ নকৰি এক প্ৰকাৰ আক্ৰোস মূলকভাৱে থানাত এতিয়া ভৰি পৰিছে প্ৰতিবাদ কৰা লোকেৰে। ইতিমধ্যে আৰক্ষীয়ে অভিযান চলাই ৮ জনকৈ প্ৰতিবাদ কৰা আছামীক আটক কৰে। উল্লেখ্যযোগ্য যে যোৱা ২৩ তাৰিখ দেওবাৰে ইছলাম ধৰ্মৰ বিৰুদ্ধে সামাজিক মাধ্যমত আপত্তিজনক মন্তব্য কৰা ইমণ পালৰ বিৰুদ্ধে শ-শ লোকে বগৰিবাৰী আৰক্ষী থানাৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ইমণ পালক গ্ৰেপ্তাৰ কৰাৰ দাবী কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। ক্ৰমাৎ পৰিস্থিতি ইমানেই ভয়ংকৰ ৰূপ লয় যে আৰক্ষীক লক্ষ্য কৰি প্ৰতিবাদ কাৰীয়ে শিল গুটি নিক্ষেপ কৰাৰ ফলত কেইবাজনো আৰক্ষী আঘাতপ্ৰাপ্ত হোৱাৰ লগতে থানাৰ কেইবাখনো বাহন ভাঙি চুৰমাৰ কৰে। পিছত উপায়ন্তৰ হৈ আৰক্ষীয়ো প্ৰত্যুত্তৰত শূন্যলৈ গুলী চালনা কৰি পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। উক্ত ঘটনা সংক্ৰান্তত বগৰীবাৰী আৰক্ষীয়ে নিজাববীয়াকৈ BBR PS CASE NO-56/2024 ভাৰতীয় দণ্ড বিধি আইনৰ 147/148/149/353/307/427/333/336 IPC RW SEC-3 ৰাজহুৱা সম্প্ৰতি ক্ষতি প্ৰতিৰোধ আইনৰ ধাৰাত গোচৰ ৰুজু কৰি ৮ জনকৈ লোকক বগৰিবাৰী আৰক্ষীয়ে আজি কোকৰাঝাৰ জিলা সত্ৰ ন্যায়ালয় লৈ প্ৰেৰণ কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Assam
clear sky
25.7 ° C
25.7 °
25.7 °
45 %
2.1kmh
0 %
Fri
32 °
Sat
34 °
Sun
36 °
Mon
39 °
Tue
38 °

More like this

অসম ডনব’স্ক’ বিশ্ববিদ্যালয় আৰু কিৰণ একাডেমী,ধেমাজিৰ উদ্যোগত অনলাইন কেৰিয়াৰ...

♦অসমৰ প্ৰথম ব্যক্তিগত বিশ্ববিদ্যালয় ‘অসম ডনব’স্ক’ বিশ্ববিদ্যালয়’ৰ যান্ত্রিক অভিযান্ত্রিক বিভাগ (https://www.dbuniversity.ac.in/Mechanical-Engineering.php) আৰু ধেমাজিৰ কিৰণ একাডেমী(http://www.kiranacademydmj.in)ৰ উদ্যোগত এখন...

৩ দিনীয়া আমেৰিকা ভ্ৰমণ কাৰ্যসূচীৰে প্ৰধানমন্ত্ৰী মোডী; আমেৰিকাৰ ৰাষ্ট্ৰপতি...

■ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এই ভ্ৰমণে প্ৰধানমন্ত্ৰী মোডীৰ ৬ মাহৰ ভিতৰত প্ৰথম বিদেশ ভ্ৰমণ হিচাপে চিহ্নিত হব। ৰাষ্ট্ৰপতি...

নলবাৰী জিলা সাহিত্য সভাৰ ‘আকাশ’ আলোচনী উন্মোচন

‘‘জাতীয় চেতনাক মহিলাসকলেহে ৰক্ষা কৰিব পাৰিব ।’’ —ডঃ উপেন্দ্ৰজিৎ শৰ্মা নলবাৰী : ‘‘মহিলাসকলক ধৰি ৰাখিব নোৱাৰিলে সমাজৰ চেতনাক...